নেঘেৰিবিলৰ উচ্ছেদ অভিযান; প্ৰায় ৪০০ বিঘা ভূমিৰ পৰা ১৫০ পৰিয়াল উচ্ছেদ
উৰিয়ামঘাটত আজিৰে পৰা বৃক্ষৰোপণ অভিযান আৰম্ভ হ’ব ৷ আনহাতে অঞ্চলটোত ১৫ আগষ্টৰ পাছত পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব ।

Published : August 9, 2025 at 8:44 AM IST
গোলাঘাট : গোলাঘাট জিলাৰ দৈয়াং সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযানৰ শুকুৰবাৰে সফলতাৰে সম্পন্ন হয় । এই অভিযান নেঘেৰিবিল, মেৰাপানী তথা অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত চলোৱা হয় ।
শুকুৰবাৰৰ উচ্ছেদ অভিযানত ৫০ হেক্টৰৰো অধিক অঞ্চলত বিস্তৃত বনাঞ্চলত অবৈধভাৱে স্থাপন কৰা প্ৰায় ১৫০টা পৰিয়ালৰ বহুসংখ্যক গৃহ উচ্ছেদ কৰা হয় । উল্লেখ্য যে উচ্ছেদৰ পূৰ্বে তাৰ বাসিন্দাসকলক আইনী নিয়ম অনুসৰি আগতীয়াকৈ জাননী প্ৰেৰণ কৰা হৈছিল ।
আনহাতে, উচ্ছেদ অভিযান সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত অসমৰ বিশেষ মুখ্য সচিব এম কে যাদৱে জনায় যে নেঘেৰিবিল আৰু উৰিয়ামঘাটত থকা বাকী পৰিয়ালসমূহক ১৬ আগষ্টৰ পৰা উচ্ছেদ কৰা হ'ব । আনহাতে, শুকুৰবাৰে প্ৰায় ৪০০ বিঘা (প্ৰায় ৫০ হেক্টৰ) ভূমিত উচ্ছেদ কৰা হৈছে বুলিও তেওঁ কয় ।

লগতে তেওঁ কয় যে উৰিয়ামঘাটৰ উচ্ছেদস্থলীত শুকুৰবাৰৰ পৰা গছপুলি ৰোপণ অভিযান আৰম্ভ হ’ব । ইয়াৰ পিছতেই আন উচ্ছেদ কৰা বনাঞ্চলসমূহতো একে ধৰণৰ উদ্যোগ লোৱা হ’ব । এম কে যাদৱে এই উচ্ছেদ অভিযানত নাগালেণ্ড চৰকাৰ, আৰক্ষী আৰু চি আৰ পি এফৰ সহযোগিতাকো বিশেষভাৱে প্ৰশংসা কৰে ।
উল্লেখ্য যে এই অভিযান বিশেষ মুখ্য সচিব এম কে যাদৱ, প্ৰধান মুখ্য বন সংৰক্ষক, গোলাঘাটৰ জিলা আয়ুক্ত, গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে বন বিভাগ, চি আৰ পি এফ, আৰক্ষী বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ তীক্ষ্ণ পৰ্যবেক্ষণত সম্পন্ন হয় ।

মেৰাপানীৰ নেঘেৰিবিলৰ ২০৫ টা অবৈধ বেদখলকাৰী পৰিয়ালক উচ্ছেদৰ লক্ষ্যৰে শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় উচ্ছেদ অভিযান । সৰুপথাৰৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভূমিত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ পাছত গোলাঘাটৰ মেৰাপানী নেঘেৰিবিলত চলে এই উচ্ছেদ অভিযান । প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ উপস্থিতত প্ৰায় ৫০ খন এক্সকেভেটৰ, শতাধিক বনকৰ্মী, বৃহৎ সংখ্যক আৰক্ষী আৰু চি আৰ পি এফ বাহিনীসহ গোলাঘাট জিলাৰ দৈয়াং বনাঞ্চলৰ মেৰাপানীৰ ২ নং নেঘেৰিবিলৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলে উচ্ছেদ ।

উল্লেখ্য যে খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা অবৈধ বেদখলকাৰীৰ উচ্ছেদ অভিযানৰ অংশ হিচাপে বিগত ১৩ জুলাই তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আহি মেৰাপানীৰ ২নং নেঘেৰিবিলত অবৈধ বেদখলকাৰীয়ে বেদখল কৰি থকা দৈয়াং বনাঞ্চলৰ প্ৰায় ৩০০ বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব বুলি ঘোষণা কৰিছিল । তাৰ পিছত ২৪ জুলাই তাৰিখে গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত বন বিভাগে জাননী জাৰি কৰি ২০৫ টা অবৈধ বেদখলকাৰী পৰিয়ালক উক্ত স্থান খালী কৰিবলৈ সাত দিনৰ সময়সীমা বান্ধি দিয়ে ।

কিন্তু গাঁওখনৰ ৫৭ টা পৰিয়ালে উচ্ছেদ অভিযানৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে পৰিয়ালসমূহক ঘৰ খালী কৰিবলৈ অতিৰিক্ত সাত দিনৰ সময় প্ৰদান কৰে । পৰৱৰ্তী সময়ত পুনৰ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে সৰ্বমুঠ ৫৯ টা পৰিয়ালক ১৪ আগষ্ট পৰ্যন্ত গাঁওখনত থাকিব পাৰিব বুলি ৰায় প্ৰদান কৰে ।
আনহাতে, উচ্ছেদ সম্পৰ্কে অসম চৰকাৰৰ বিশেষ মুখ্য সচিব এম কে যাদৱে কয়, "আজি নেঘেৰিবিলত ১০ বজাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে আৰু বৰ্তমান শেষ হ'বলৈ হৈছে । ইয়াত ২০৫ ঘৰ আছিল আৰু ৫৯ ঘৰ লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰাত মহামান্য উচ্চ ন্যায়ালয়ে আৰু দহ দিনৰ সময় অতিৰিক্তভাৱে দিছে । সেই মতে ১৫ আগষ্টত সময় শেষ হ'ব । থাকি যোৱা ঘৰসমূহ ১৬ আগষ্টৰ পিছত উচ্ছেদ কৰা হ'ব ।"

তেওঁ লগতে কয়, "উৰিয়ামঘাটত ১৫ আগষ্টৰ পাছত পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব । নেঘেৰিবিলত প্ৰায় ৪০০ বিঘা ভূমি বেদখল কৰি আছিল । এই অঞ্চলত কাইলৈৰ পৰা বনানিকৰণৰ কাম আৰম্ভ কৰিম । এই উচ্ছেদ অভিযানত নাগালেণ্ড চৰকাৰ, নাগালেণ্ড আৰক্ষী সকলোৱে সহায় কৰিছে ।"

