ETV Bharat / state

পুত্ৰহত্যাৰ ন্যায়ৰ অপেক্ষাত হতাশ অভি-নীলৰ পৰিয়াল - ABHI NEEL MURDER CASE

সাত বছৰে ন্যায়ৰ অপেক্ষা কৰি কৰি নিৰাশ, হতাশ অভি-নীলৰ পৰিয়াল । এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন-

ABHI NEEL MURDER CASE
ৰাজ্য কপোঁৱা অভি-নীল হত্য়াকাণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 21, 2025 at 6:35 PM IST

5 Min Read

নগাঁও: সকলোৱে পাহৰিলেও পুত্ৰহত্যাক পাহৰিব নোৱাৰে কোনো পিতৃ-মাতৃয়ে । পুত্ৰক হেৰুওৱাৰ বেদনাৰ জুঁইকুৰা বুকুত সাৱটিয়ে এই হত্যাৰ ন্যায় বিচাৰি সাত বছৰে আদালতত তাঁত-বাটি কাঢ়ি ভাগৰি পৰিলেও ন্যায়ৰ আশা এৰিব পৰা নাই দুটা ভুক্তভোগী পৰিয়ালে । এদল লোকৰ নিৰ্মম আক্ৰমণত জীয়াই থকাৰ তাড়নাত 'মই অসমীয়া' বুলি কৰা চিৎকাৰ সকলোৱে পাহৰিলেও হয়তো পৰিয়াল দুটাই কাহানিও নোৱাৰে পাাহৰিব ।

হয়, এসময়ত ৰাজ্য কঁপোৱা কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হোৱা অতি নৃশংস অভি-নীল হত্যাকাণ্ডৰ কথাই কৈছো । ২০১৮ চনত কাৰ্বি আংলং জিলাৰ ডকমকাত মানৱৰূপী এদল দানৱৰ হাতত অতি নিৰ্মমভাৱেই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল গুৱাহাটীৰ দুই প্ৰতিভাসম্পন্ন প্ৰকৃতিপ্ৰেমী যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথে । কাৰ্বি আংলং জিলাত যুৱক দুজনক নৃশংসভাৱে কৰা হত্যাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰিয়েই আৰম্ভ হৈছিল প্ৰতিবাদ ।

নীলোৎপল দাসৰ পিতৃ গোপাাল চন্দ্ৰ দাস (ETV Bharat Assam)

এই ঘটনা সংঘটিত হোৱাৰ দুই এদিনৰ ভিতৰতেই ঘটনাত জড়িত ৪৭ টাকৈ অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰাৰ লগতে অতি কম সময়ৰ ভিতৰতেই আদালতত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল আৰক্ষী । ঘটনাটো সংঘটিত হোৱাৰ সময়ত অতি সোনকালে অভি-নীল হত্যাকাণ্ডত জড়িত দোষীক ফাঁচীৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত । কিন্তু সেই সময়ো পাৰ হ'ল, লাহে লাহে যেন সকলোৱে পাহৰিও গ'ল । ঘটনা সংঘটিত হোৱাৰ আজি সাত বছৰেই চলি আছে । কিন্তু কিমানে খবৰ ৰাখিছে কি পৰ্যায়ত আছে অভি-নীলৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ?

নগাঁও আদালতত কিদৰে আৰম্ভ হৈছিল বিচাৰ প্ৰক্ৰিয়া:

কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া প্ৰথম অৱস্থাত ডিফু আদালততেই আৰম্ভ হৈছিল যদিও ঘটনাৰ সাক্ষীক অভিযুক্ত পক্ষই বিপথে পৰিচালিত কৰাৰ আশংকা কৰিছিল বিভিন্নজনে । একেই আশংকা কৰি অভি-নীলৰ পৰিয়াালৰ লোকেও গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ২০১৮ চনৰ পৰাই নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ হৈছিল গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ।

ABHI NEEL MURDER CASE
ৰাজ্য কঁপোৱা অভি-নীল হত্য়াকাণ্ড (ETV Bharat Assam)

বিভিন্ন মহলে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতৰ জড়িয়তে কম সময়ৰ ভিতৰতে ৰায়দানৰ দাবী কৰিছিল । প্ৰথম অৱস্থাত এটা মাহত চাৰিটাকৈ শুনানিৰ জৰিয়তে ক্ষিপ্ৰতাৰে আগবঢ়োৱা বিচাৰ প্ৰক্ৰিয়াৰ আজিও হোৱা নাই চূড়ান্ত ৰায়দান ।

কি পৰ্যায়ত আছে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ?

নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতত ২০১৮ চনৰ পৰাই চলি আছে অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া । গোচৰটোৰ তদন্তকাৰী আৰক্ষী বিষয়াসহ মুঠ ৭১ গৰাকীকৈ লোকক সাক্ষী কৰি আদালতত অভিযোগনামা দাখিল কৰিছিল আৰক্ষীয়ে । বিগত ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহতেই ৭১ গৰাকীককৈ সাক্ষীৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছিল যদিও ঘটনাৰ মুঠ ৪৭ জনকৈ অভিযুক্তৰ দুজন সেই সময়ত নাবালক থকা বাবে দুজনৰ বিচাৰ প্ৰক্ৰিয়া জুভেনাইল আদালতত চলাব লাগে বুলি বিপক্ষৰ অধিবক্তাই দাবী দৰ্শোৱা বুলি নীলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে ই টিভি ভাৰতক জানিবলৈ দিয়ে ।

ABHI NEEL MURDER CASE
নীলোৎপল দাসৰ পিতৃ-মাতৃ (ETV Bharat Assam)

অভি-নীলৰ ন্যায় সন্দৰ্ভত কি কয় ভুক্তভোগী পৰিয়ালে ?

সমগ্ৰ ৰাজ্য কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ ন্যায়ৰ অপেক্ষা কৰি যেন এতিয়া ভাগৰি পৰিছে দুই ভুক্তভোগী পৰিয়াল । সাত বছৰে পুত্ৰহত্যাৰ ন্যায় লাভ নকৰাত হতাশ হৈ পৰা বুলি উল্লেখ কৰি বুধবাৰে নীলোৎপল দাসৰ পিতৃ গোপাাল চন্দ্ৰ দাসে ই টিভি ভাৰতক কয়, "ৰাজ্যবাসীয়ে বিচৰা অভি-নীল হত্যাকাণ্ডৰ ন্যায়ৰ বাবে চলা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ সাত বছৰে কোনো ফলাফল নোলোৱাত আমি অত্যন্ত দুখী আৰু হতাশগ্ৰস্থ হৈ পৰিছো । মহামাান্য আদালতৰ পৰা সময়মতে বিচাৰ পাম বুলি আশা কৰিব পৰা নাই । ২০১৮ চনৰ পৰা ২০২৩ চনৰ নৱেম্বৰ মাহলৈকে ৭১ গৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পন্ন হৈছে । কিন্তু বিগত এবছৰ তিনিমাহে দুই অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়া জুভেনাইলত চলোৱাৰ আপত্তি দৰ্শোৱাত মূল মোকৰ্দমা স্থবিৰ হৈ পৰিছে ।"

তেওঁ পুনৰ কয়," ফাষ্টট্ৰেক ট্ৰায়েল হিচাপে আৰম্ভ হোৱা গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ প্ৰথমে মাহত চাৰিটাকৈ শুনানি গ্ৰহণ কৰা হৈছিল যদিও এতিয়া কোনো মাহত কিবা কাৰণত কেতিয়াবা এটা শুনানিও গ্ৰহণ কৰা নহয় ।" অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া এটা সাধাৰণ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াতকৈয়ো বেয়া অৱস্থাত চলি থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰি গোপাল চন্দ্ৰ দাসে কয় ," আমাৰ ভাষাত বৰ্তমান মৃতপ্ৰায় অৱস্থাত থকা বিচাৰ প্ৰক্ৰিয়াটো পুনৰুজ্জীৱিত কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে সকলো পক্ষকে কৰযোৰে অনুৰোধ জনাও ।"

বিচাৰ প্ৰক্ৰিয়া এইদৰে লেহেমীয়া হোৱা ব্যৱস্থাটো কিমান গ্ৰহণযোগ্য এই সন্দৰ্ভত ৰাইজে মতামত দাঙি ধৰাটো উচিত বুলিও মন্তব্য কৰে নীলোৎপল দাসৰ পিতৃ গোপাল চন্দ্ৰ দাসে । লগতে চৰকাৰ, ন্যায়পালিকাকো বিচাৰপ্ৰক্ৰিয়াৰ জড়িয়তে ন্যায় প্ৰদানৰ বাবে অনুৰোধ জনাই ভুক্তভোগী পৰিয়ালটোৱে ।

নৃশংসভাৱে গুৱাহাটীৰ দুই যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথৰ হত্যকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত চলি আছে যদিও কেতিয়া ন্যায় পাব দুই ভুক্তভোগী পৰিয়ালে ? এই প্ৰশ্নই এতিয়া যেন অধিক বেদনাদায়ক হৈ পৰিছে অভি-নীলৰ দুই ভুক্তভোগী পৰিয়ালৰ বাবে ।

লগতে পঢ়ক:হঠাৎ গোচৰৰ দায়িত্ব এৰিলে অভি-নীল হত্যাকাণ্ডৰ অভিযুক্তৰ পক্ষৰ অধিবক্তাই - Abhi Neel murder case - ABHI NEEL MURDER CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.