ETV Bharat / state

অপহৃত ট্ৰাক চালকক উদ্ধাৰ, আটক তিনি - DIMA HASAO KIDNAPPED CASE

ডিমা হাছাওত পুনৰ সক্ৰিয় হৈছে নেকি উগ্ৰপন্থী সংগঠন ?

KIDNAPPED CASE IN DIMA HASAO
ডিমা হাছাওত অপহৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 6:19 PM IST

3 Min Read

হাফলং: ডিমা হাছাও জিলাত বিগত সময়ত কেইবাও অপহৰণৰ ঘটনা সংঘটিত হৈছে । এইবাৰ ডিমা হাছাও নেশ্য়নেল আৰ্মী নামৰ এটা নতুন উগ্ৰপন্থী সংগঠনে অস্তিত্ব জাহিৰ কৰিবলৈ নামি পৰিছে অপহৰণত । অৱশ্য়ে এই উগ্ৰপন্থী সংগঠনটোৱে অপহৰণত জড়িত বুলি দাবী কৰিলেও আৰক্ষীয়ে অপহৰণকাৰীসকল কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য় নহয় বুলি মন্তব্য় কৰিছে ।

  • কেনেকৈ কৰিলে অপহৰণ ?

এই সংগঠনটোৱে মাইবাং ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এজন ট্ৰাক চালকক অপহৰণ কৰাৰ ঘটনা পোহৰলৈ আহিছে । অলড্ৰিংটন মাইলিয়েম (৩৪) নামৰ চালকজনক যোৱা ৩১ মাৰ্চত অপহৰণ কৰে যদিও ঘটনাটো সংঘটিত হোৱাৰ পিচ দিনাহে আৰক্ষীয়ে জ্ঞাত হয় ।

ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষ (ETV Bharat Assam)

মেঘালয়ৰ পূব খাছি পাহাৰ জিলাৰ মৌৰিংখেঙ থানাৰ অন্তৰ্গত ৪৫ গাঁৱৰ ট্ৰাক চালকজনক যোৱা ৩১ মাৰ্চত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অপহৰণ কৰে ডিমা হাছাও নেচনেল আৰ্মীৰ সদস্য়ই ।

  • ট্ৰাকখনৰ মালিকক কোনে কৰিছিল ফোন ?

এই সন্দৰ্ভত অপহৰণ কৰা ট্ৰাকখনৰ মালিক অৰুণ কুমাৰ সাহাই কয়, "যোৱা ৩১ মাৰ্চৰ নিশা মোক চালকজনে ফোন কৰি ট্ৰাকখন পথত বেয়া হৈছে বুলি কয় । চালকজনে পিছদিনা ট্ৰাকখন ঠিক কৰাই উভতি আহিব বুলি কয় । কিন্তু ১ এপ্ৰিলৰ পুৱাৰে পৰা ট্ৰাক চালকৰ মোবাইল ফোনটো বন্ধ হৈ আছে ।"

তেওঁ বহুবাৰ ম'বাইলত চালকজনৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰাৰ পিচত এসময়ত চালকজনৰ ম'বাইল ফোনটোৰ পৰা কোনো এজনে অৰুণ কুমাৰ সাহক কয় যে তেওঁৰ চালকজনক ডিমা হাছাও জিলাত অপহৰণ কৰা হৈছে ।

  • মুক্তিপণ ১০ লাখ টকা:

অজ্ঞাত লোকজনে ম'বাইল ফোনতেই কয় যে ট্ৰাক আৰু চালকজন তেওঁলোকৰ জিম্মাত আছে । ফোনতেই ডিমা হাছাও নেশ্য়নেল আৰ্মীৰ সদস্য় বুলি চিনাকী দিয়া লোকজনে চালকজনৰ মুক্তিপণ ১০ লাখ টকা দাবী কৰা বুলি কয় ট্ৰাকখনৰ মালিক অৰুণ কুমাৰ সাহাই ।

দাবী কৰা ধন আদায় নিদিলে ট্ৰাকখন জ্বলাই দিয়া হ'ব আৰু চালকক হত্যা কৰিব বুলি সকীয়াই দিয়ে । ইয়াৰ পিচতে অৰুণ কুমাৰ সাহাই ডিমা হাছাও আৰক্ষীক এই ঘটনা সন্দৰ্ভত অৱগত কৰাত ট্ৰাক চালকক আৰক্ষীয়ে নিৰপদে উদ্ধাৰ কৰে ।

  • ডিমা হাছাও আৰক্ষীয়ে কি কয় ?

ডিমা হাছাও আৰক্ষীয়ে যোৱা নিশা অৰ্থাৎ ৪ এপ্ৰিলত মাইবাঙৰ সুভাষ নগৰ অঞ্চলৰ পৰা এক অভিযান চলাই অলড্ৰিংটনক নিৰাপদে উদ্ধাৰ কৰে । এই সন্দৰ্ভত ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে কয়, "যোৱা ৩১ মাৰ্চৰ নিশা ১১মান বজাত মাইবাং লংখৰ পৰা এজন ট্ৰাক চালকক অপহৰণ কৰে এটা দুৰ্বৃত্তৰ দলে । ১ এপ্ৰিল ডিমা হাছাও আৰক্ষীয়ে এই অপহৰণৰ ঘটনাৰ খবৰ লাভ কৰে আৰু ইয়াৰ পিচতে আৰক্ষীয়ে অপহৃত ট্ৰাক চালকৰ উদ্ধাৰত অভিযান আৰম্ভ কৰে আৰু শুক্ৰবাৰে মাইবাং সুভাষ নগৰৰ পৰা অপহৃত চালকক উদ্ধাৰ কৰাৰ উপৰি এই অপহৰণৰ ঘটনা সন্দৰ্ভত তিনিজন দুৰ্বৃত্তক আটক কৰে । বৰ্তমানে তিনি দুৰ্বৃত্তক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ।" তেওঁ অৱশ্য়ে অপহৰণকাৰীসকল কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য নহয় বুলিও কয় ।

লগতে পঢ়ক:“মোৰ স্বামীক ঘূৰাই দিয়ক”- পৰেশ বৰুৱালৈ কাতৰ আহ্বান প্ৰকাশ চেত্ৰীৰ পত্নীৰ - JAGUN ABDUCTION CASE

বন্দুক-বাৰুদেৰে ডাম্পাৰত উঠি আহি কোনে ধৰি নিলে প্ৰকাশক ? উৱাদিহেই পোৱা নাই স্মাৰ্ট পুলিচে - JAGUN ABDUCTION CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.