অসমীয়া ভাষাৰ বিকৃতকৰণ বন্ধ কৰাৰ দাবীৰে প্রধানমন্ত্রী-মুখ্যমন্ত্ৰীলৈ আছুৰ জৰুৰী পত্র
চাইবাৰ ছিকিউৰিটিৰ সজাগতাৰ নামত টেলিকম কোম্পানীৰ বিজ্ঞাপনত অসমীয়া ভাষাক অপমান ।

Published : January 7, 2025 at 6:19 PM IST
গুৱাহাটী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ জৰুৰী চিঠি । অসমীয়া ভাষাক বিকৃত কৰি টেলিকম কোম্পানীৰ প্ৰচাৰ কৰা সজাগতামূলক বাৰ্তা বন্ধ কৰাৰ দাবীত আছুৱে এই পত্র প্ৰেৰণ কৰিছে । সজাগতা বাৰ্তাৰ নামত ধ্ৰুপদী ভাষাটোৰ অপমান সহ্য কৰা নহ’ব বুলি সদৰী কৰি আছুৱে অশুদ্ধ অনুবাদ আৰু উচ্চাৰণৰ অসমীয়া বিজ্ঞাপন বন্ধ কৰাৰো দাবী জনায় ।
আনহাতে, কোম্পানীসমূহক শুদ্ধ ৰূপত অসমীয়া বিজ্ঞাপন প্ৰকাশৰ বাবে বাধ্য কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাই আছুৱে । এই সন্দৰ্ভত আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "যোৱাটো বৰ্ষত অসমৰ জনসাধাৰণৰ বাবে আটাইতকৈ সুখৰ বতৰাবোৰৰ অন্যতম আছিল অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাটো । ভাৰত চৰকাৰে প্ৰদান কৰা এই স্বীকৃতিয়ে জাতিটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ সমান্তৰালভাৱে ভাষাটোৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে আমাক আটাইকে অধিক সচেতন আৰু দায়িত্বশীল কৰি তুলিলে । তেনে প্রেক্ষাপটতে শেহতীয়াকৈ 'চাইবাৰ ছিকিউৰিটি'ৰ সজাগতাৰ নামত টেলিকম কোম্পানীসমূহে ভাষাটোৰ বিকৃতকৰণেৰে প্ৰচাৰ কৰা এটি বাৰ্তাই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।"
অশুদ্ধ অনুবাদ আৰু উচ্চাৰণেৰে টেলিকম কোম্পানীসমূহে ধ্রুপদী ভাষাটোৰ মৰ্যাদা হানি কৰি থকা কাৰ্যত উদ্বিগ্নতা প্রকাশ কৰি আছুৰ নেতাগৰাকীয়ে পুনৰ কয়, "এই বিভ্রান্তিকৰ বাৰ্তাৰ প্ৰচাৰ বন্ধ কৰি শুদ্ধ ৰূপত প্ৰচাৰ কৰাৰ দাবীৰে আজি আমি আছুৱে প্রধানমন্ত্রী আৰু মুখ্যমন্ত্ৰীলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে । তেওঁ লগতে কয়, "শেহতীয়াকৈ টেলিকম কোম্পানীসমূহে ‘চাইবাৰ ছিকিউৰিটি' সন্দৰ্ভত এক সজাগতা বাৰ্তা প্ৰচাৰ কৰি আছে । এইক্ষেত্ৰত অত্যন্ত ভুল অনুবাদ, উচ্চাৰণ আৰু কথনশৈলীৰে অসমীয়া ভাষাটো বিকৃতভাৱে ব্যৱহাৰ কৰি আছে । বাৰ্তাটোৱে সজাগতাতকৈ বেছি বিভ্ৰান্তি আৰু ক্ষোভৰহে সৃষ্টি কৰিছে ।"
ধ্রুপদী ভাষাটোৰ এনে অপমান সহ্য কৰা নহ'ব বুলি সকীয়াই দি আছুৰ নেতাগৰাকীয়ে কয়, "এই বিকৃত বাৰ্তাৰ প্ৰচাৰ বন্ধ হ'ব লাগে আৰু শুদ্ধকৈ বাণীৱদ্ধ বাৰ্তাৰে সজাগতা সৃষ্টি কৰিব লাগে । ছাত্ৰ সন্থাই দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ আজি এই দাবীৰে পত্ৰ প্ৰেৰণ কৰিছে । ভাষাটোৰ মৰ্যাদা অটুট থাকিবই লাগিব ।"

আনহাতে, অশুদ্ধ অনুবাদ আৰু উচ্চাৰণৰ অসমীয়া বিজ্ঞাপন বন্ধ কৰাৰ দাবী জনাই শৰ্মাই কয়, "অসমৰ কাকত, দূৰদৰ্শন আৰু অন্যান্য মাধ্যমত অশুদ্ধ অনুবাদ আৰু উচ্চাৰণেৰে প্ৰচাৰ হৈ থকা অসমীয়া বিজ্ঞাপনসমূহ বন্ধ কৰাৰ আমি দাবী জনাইছো । এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীলৈ জৰুৰী পত্র প্ৰেৰণ কৰা হৈছে । দেশী-বিদেশী বিভিন্ন কোম্পানীয়ে অসমীয়া ভাষাত বিজ্ঞাপন প্ৰকাশৰ বেলিকা অসমীয়া ভাষাৰ উচ্চাৰণ আৰু ব্যাকৰণৰ সামান্যতমো ধাৰণা নথকা বাহিৰা গোষ্ঠীৰদ্বাৰা বিজ্ঞাপনসমূহ অনুবাদ কৰায় । তেনে বিজ্ঞাপনসমূহেৰে অসমৰ কাকত, দূৰদৰ্শন, দেৱাল, হোর্ডিং সমূহ ভৰি পৰিছে । এই বিজ্ঞাপনসমূহে ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱা অসমীয়া ভাষাটোৰ দৈনিক অপমান কৰি আছে । এনে বিকৃত বিজ্ঞাপনৰ প্ৰচাৰ বন্ধ কৰিব লাগে । শুদ্ধকৈ অনুবাদ কৰি বিজ্ঞাপনসমূহ প্ৰচাৰ কৰিবলৈ কোম্পানীসমূহক বাধ্য কৰিব লাগে । অসমৰ উপযুক্ত থলুৱা ব্যক্তি বা অনুষ্ঠানক এনে কামত জড়িত কৰি ল'লে ভাষাটোৰ মৰ্যাদা অটুট থাকিব ।"
লগতে পঢ়ক: 'কা'ক লৈ চৰকাৰে পানী-পাৰ খেলিছে নেকি ? পঞ্চ ছহিদক সুঁৱৰি আছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

