গুৱাহাটী : জম্মু-কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । সেই ঘটনাক তীব্ৰ গৰিহণা সদৌ অসম ছাত্ৰ সন্থাৰ । জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সমান্তৰালকৈ অসমত বাংলাদেশীৰ অনুপ্ৰৱেশ আৰু মৌলবাদী শক্তিৰ উত্থানকলৈও সৰৱ হৈ পৰে আছুৰ নেতৃত্ব । ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "ভাৰত-বাংলাদেশ উন্মুক্ত সীমান্তৰে অবৈধ বাংলাদেশী আৰু মৌলবাদী শক্তি অসম তথা উত্তৰ-পূৱত প্ৰৱেশ কৰি আছে । কিন্তু কেন্দ্ৰীয় চৰকাৰ নিষ্ক্ৰিয় হৈ আছে ।"
পহলগামৰ ঘটনাক গৰিহণা আছুৰ
জন্মু কাশ্মীৰৰ পহলগামত সংঘটিত ঘটনাক গৰিহণা দি তেওঁ কয়,"জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ৰক্ষণাবেক্ষণ দিয়াত চৰকাৰ ব্যৰ্থ হৈছে । এই বৰ্বৰ ঘটনাৰ লগত জড়িতসকলক দৃষ্টান্তমূলক শাস্তি দিব লাগে ।" তেওঁ লগতে কয়, "বাংলাদেশ আৰু পাকিস্তানৰ পৰা ভাৰত বিৰোধী শক্তিয়ে কাম কৰি আছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ লোৱা নাই । বাংলাদেশৰ পৰা অসম উত্তৰ-পূৱ হৈ দেশৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বাংলাদেশী মৌলবাদীৰ বিৰুদ্ধে অভিযান চলাই পুলিয়ে-পোখাই উভালি পেলাব লাগে ।"
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ তীব্ৰ গৰিহণা দি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "ভাৰত চৰকাৰে কঠোৰৰ পৰা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰক । এই বৰ্বৰ ঘটনাৰ লগত জড়িত কোনো সাৰি যাব নালাগে । চৰকাৰক এই শক্তিবোৰক উৎখাত কৰিবলৈ দাবী জনাইছো । কালি সংঘটিত এই ঘটনাই নিৰাপত্তাৰ ক্ষেত্ৰত যে ক'ৰবাত কেৰোণ ৰৈ গৈছে, মানুহে তাক ভাবিব আৰম্ভ কৰিছে ।" চোৰাংচোৱা বাহিনীৰ হাতত কোনো তথ্য নাছিল নেকি বুলি প্ৰশ্ন কৰি ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ আগত হেয় প্ৰতিপন্ন কৰিব বিচৰাসকলক উচিত শাস্তি দিবলৈ ভাৰত চৰকাৰক দাবী জনায় আছুৰ সভাপতিগৰাকীয়ে ।
লগতে পঢ়ক :অসমৰ বিলুপ্তপ্ৰায় ভাষা সংৰক্ষণৰ বাবে আছুৰ গুৰুত্বপূৰ্ণ পদক্ষেপ - AASU MOU WITH NT FOUNDATION