অসমৰ বিলুপ্তপ্ৰায় ভাষা সংৰক্ষণৰ বাবে আছুৰ গুৰুত্বপূৰ্ণ পদক্ষেপ
খামিয়াং, টাই ফাকে, চিংফৌ ভাষাৰ সংৰক্ষণৰ পদক্ষেপ । অসমৰ বিলুপ্তপ্ৰায় ভাষাৰ ডিজিটেল সংৰক্ষণৰ বাবে আছুৰ বুজাবুজি চুক্তি স্বাক্ষৰ ।

Published : April 23, 2025 at 8:16 PM IST
গুৱাহাটী: অসমৰ জনজাতি আৰু বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সাংস্কৃতিক আৰু ভাষিক সংৰক্ষণৰ অংশ হিচাপে সদৌ অসম ছাত্র সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেচনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ । অসমৰ বিপন্ন ভাষাত উপলব্ধ আপুৰুগীয়া পুথি আৰু লিখিত সাহিত্যসমূহৰ ডিজিটাইজেচন তথা আর্কাইভিঙৰ বাবে বুধবাৰে এক বুজাবুজিৰ চুক্তি সম্পাদন হয় ।
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, নন্দ তালুকদাৰ ফাউণ্ডেচনৰ সম্পাদক মৃণাল তালুকদাৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ডাঃ নাৰায়ণ শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ শ্বহীদ ভৱনত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে ।
চুক্তি স্বাক্ষৰ কৰি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচাৰ্যই কয়, "প্ৰাৰম্ভিক পৰ্যায়ত এই পদক্ষেপৰ জৰিয়তে ১০ হাজাৰতকৈ কম লোকে ব্যৱহাৰ কৰা অসমৰ অতি বিপন্ন তিনিটা থলুৱা ভাষা খামিয়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব । খামিয়াং, টাই ফাকে আৰু চিংফৌ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন, সামাজিক অনুষ্ঠান, বিশিষ্ট ব্যক্তিৰে আলোচনাৰে, সহযোগিতাৰে বিষয়টো আগুৱাই নিয়া হ'ব ।"
আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "উদ্বেগজনকভাৱে এক অধ্যয়নত প্রকাশ পাইছে যে খামিয়াং ভাষাৰ ক্ষেত্ৰত এই ভাষাটো ভালকৈ কোৱা, লিখিব জনা আৰু পঢ়িব জনা খুব সম্ভৱ এজন ব্যক্তিহে জীয়াই আছে । এই ব্যক্তিজনৰ ব্যতিৰেকে ভাষাটোৰ অস্তিত্ব নোহোৱা হৈ যোৱাৰ প্ৰবল সম্ভাৱনা প্রকট হৈ পৰিছে । এই কাৰণেই সদৌ অসম ছাত্র সন্থাই অধিক পলম হোৱাৰ আগতেই বিষয়টোত পদক্ষেপ গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে ।"
উল্লেখ্য যে পাঁচ মাহ ধৰি চলিবলগীয়া এই প্রকল্পটো বৃহত্তৰ 'ডিজিটাইজিং অসম' মঞ্চৰ অংশ হ'ব, যিয়ে ইতিমধ্যে ২.৯ নিযুততকৈও অধিক বিৰল অসমীয়া সাহিত্যক ডিজিটাইজড কৰি ৰাজহুৱাভাৱে সুলভ কৰি তুলিছে । 'ডিজিটাইজিং অসম' (https://assamarchive.org/) পদক্ষেপ নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ এক সহযোগিতামূলক প্রচেষ্টা ।
বুজাবুজি চুক্তিৰ অধীনত সদৌ অসম ছাত্ৰ সন্থাই গুৰুতৰভাৱে বিপন্ন ভাষা-সাহিত্যৰ সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰাৰ লগতে ভৱিষ্যতে অসমৰ অন্যান্য জনজাতি আৰু জনগোষ্ঠীসমূহৰ বিপন্ন ভাষাসমূহৰ ক্ষেত্ৰতো একেধৰণৰ পদক্ষেপ লোৱাৰ প্ৰয়াস কৰিব । এইক্ষেত্রত সদৌ অসম ছাত্র সন্থাই অসমৰ বিভিন্ন জনজাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ পৰা পৰামৰ্শ গ্রহণ কৰি ঐক্যবদ্ধভাৱে আগবঢ়াৰ পদক্ষেপ গ্রহণ কৰিব ।
অসম চুক্তিৰ ৬নং দফাৰ পৰিসৰৰ অধীনত এই ভাষাসমূহক কেনেদৰে সংৰক্ষিত কৰিব পৰা যায় সেই বিষয়েও সদৌ অসম ছাত্র সন্থাই ভৱিষ্যতে অসম চৰকাৰৰ সৈতে বৈঠকত আলোচনা কৰিব ।
উল্লেখ্য যে এন টি এফে উপৰিউক্ত প্ৰত্যেকটো জনগোষ্ঠীৰ সৈতে সহযোগিতামূলক পদক্ষেপেৰে ক্ষেত্ৰভিত্তিক ডিজিটেল ডকুমেণ্টেচন আৰু ডিজিটেল আর্কাইভিঙৰ কাম সম্পাদন কৰি সকলো বিষয়বস্তু সূচীভুক্ত কৰি 'ডিজিটাইজিং অসম' ৱেব প্লেটফর্মত আপলোড কৰাটো নিশ্চিত কৰিব । এই প্রকল্পত বিপন্ন ভাষা বিশেষজ্ঞ ড৹ পলাশ কুমাৰ নাথে অবৈতনিক প্রকল্প উপদেষ্টা হিচাপে দিহা-পৰামৰ্শ আগবঢ়াব ।
এই বুজাবুজি চুক্তিখনে অসমৰ বিভিন্ন জনজাতি আৰু জনগোষ্ঠীৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয়সমূহ সুৰক্ষিত কৰাৰ বাবে ছাত্র সংগঠন, জাতীয় সংগঠন আৰু ৰাইজৰ মাজত এক উল্লেখযোগ্য সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে এই অমূল্য জ্ঞান পৰম্পৰাক ভৱিষ্যত প্ৰজন্মৰ বাবে সুলভ হৈ থকাটো নিশ্চিত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব ।

