ETV Bharat / state

ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনৰ ভিত্তিবৰ্ষ ২০২৪ লৈ বৃদ্ধি : পুনৰ আন্দোলনৰ হুংকাৰ আছুৰ

কা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধিসূচনাক লৈ অসমত তীব্ৰ প্ৰতিক্ৰিয়া । এই আইন বাতিলৰ দাবী আছুৰ ।

AASU on caa cut off date extension
আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 4, 2025 at 8:51 AM IST

3 Min Read
Choose ETV Bharat

শিৱসাগৰ : কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত জাৰি কৰা অধিসূচনাক লৈ জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন । বিশেষকৈ প্ৰথম অৱস্থাৰ পৰাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহা সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰৰ এই সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিছে । লগতে এই আইন বাতিলৰ বাবে পুনৰ এবাৰ চৰকাৰক দাবী উত্থাপন কৰিছে । বিষয়টোক লৈ বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰে ।

ভাৰত চৰকাৰে শেহতীয়াকৈ জাৰি কৰা অধিসূচনাৰ দ্বাৰা অসমৰ মানুহৰ আৱেগ-অনুভূতিক নস্যাৎ কৰিছে বুলি তেওঁ অভিযোগ কৰে । তেওঁ কয়, "অসমৰ ৰাইজে কা-ৰ বিৰোধিতা কৰি অহাৰ সমগ্ৰ প্ৰক্ৰিয়াটো এই অধিসূচনাই বন্ধ কৰিব লৈছে । উত্তৰ-পূবৰ ৪ খন ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱা নাই । ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ৰাজ্যত কা বলৱৎ হোৱা নাই । আনকি অসমৰ ৮ খন জিলাত কা বলৱৎ নাই হোৱা ।"

কা-ৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ আছুৰ (ETV Bharat Assam)

অসম এনেও অবৈধ বিদেশীৰ ভৰত ভাৰাক্ৰান্ত বুলি ফুকনে উল্লেখ কৰি কয়, "অসমত বিদেশী বিতাড়নৰ সময়সীমা ১৯৭১ চন হৈ যোৱাৰ লগে লগে অসমে ২০ বছৰৰ বিদেশীৰ বোজা ইতিমধ্যে লৈছে । কিন্তু ভাৰত চৰকাৰে অসমক কা'ৰ পৰা ৰেহাই দিয়াৰ সলনি এতিয়া আৰু অধিক বোজা জাপি দি মাহী আইৰ দৃষ্টিৰে চাইছে ।"

লগতে পঢ়ক : অসমত এতিয়ালৈ মাত্ৰ ৩ গৰাকী বিদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে : মুখ্যমন্ত্ৰী

লগতে পঢ়ক : এতিয়া সময় হৈছে সকলো ৰাজপথলৈ ওলাই অহাৰ : বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

এই অধিসূচনাৰ ফলত অসমৰ জনগাঁথনি সলনি হ'ব, লগতে অসমৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাত বিৰূপ প্ৰভাৱ পৰিব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত সদৰী কৰে । আনহাতে সদৌ অসম ছাত্ৰ সন্থাই কা বাতিলৰ দাবীত শুকুৰবাৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি এক সত্যাগ্ৰহৰ কাৰ্যসূচী আৰম্ভ কৰিব বুলিও জনাইছে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

তেওঁ লগতে কয়, "অসম আৰু অসমীয়াই কা মনা নাছিল । কা-ৰ বিৰোধ কৰি ৫ জনকৈ লোক শ্বহীদ হৈছিল । অসমীয়াৰ এই আৱেগক কেন্দ্ৰীয় চৰকাৰে বুজি নাপায়, সন্মান নিদিয়ে ।" চৰকাৰে এক ফেচিষ্ট শাসন চলাবলৈ চেষ্টা কৰিছে বুলিও তেওঁ অভিযোগ কৰে । তেওঁ লগতে অনাগত দিনত চৰকাৰক কা-ৰ বিৰুদ্ধে এক ব্যাপক গণ আন্দোলনৰ বাবে সাজু থাকিবলৈও সকীয়নি প্ৰদান কৰে ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা অনুসৰি ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনৰ ভিত্তিবৰ্ষ ২০১৪ ৰ পৰা ২০১৪লৈ বৃদ্ধি কৰা হৈছে । যাৰ জৰিয়তে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ অহা হিন্দু বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব । এই সময়ৰ ভিতৰত আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ভাৰতলৈ অহা সংখ্যালঘু হিন্দু, শিখ, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব ।

লগতে পঢ়ক :২০২৫ৰ পূৰ্বে অহা হিন্দু বাংলাদেশীয়ে পাব ভাৰতীয় নাগৰিকত্ব; সৰৱ অসমৰ দল-সংগঠন - CAA IN ASSAM

লগতে পঢ়ক : ০২৪ৰ ৩১ ডিচেম্বৰলৈ অহা বাংলাদেশী হিন্দুৱে পাব নাগৰিকত্ব, ৰাজপত্ৰিত অধিসূচনা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ