ETV Bharat / state

অসমত অসম চুক্তিৰ আধাৰত বিদেশী বিতাড়ন হ'ব লাগিব, বিকল্প নাই : আছুৰ সভাপতি উৎপল শৰ্মা

বিজেপি চৰকাৰৰ অসম বিৰোধী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদত অংশগ্ৰহণ উৎপল শৰ্মাৰ ৷

AASU protests Centre's new immigration order, calls it a betrayal of Assam Accord
আছুৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 5, 2025 at 7:34 AM IST

|

Updated : September 5, 2025 at 2:27 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : "অসমৰ ৰাইজ খঙত আছে । অসমৰ মানুহৰ যুক্তিনিষ্ঠ আন্দোলনক বাৰে বাৰে ভেঙুচালি কৰি সংখ্যাৰ বলৰে মতলীয়া হৈ থকা এই বিজেপি চৰকাৰখনে জাতিটোক টেটু চেপা দিবৰ বাবে বাৰে বাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ।" - এই মন্তব্য সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ ।

আছুৱে বৃহস্পতিবাৰে অসমৰ প্ৰতিখন জিলা সদৰত ২০২৪ চন পৰ্যন্ত অহা অবৈধ বাংলাদেশীক সংস্থাপন দিবলৈ জাৰি কৰা Immigration and Foreigners (Exemption) Order, 2025 ৰ বিৰোধিতা কৰি ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰে । লগতে অধিসূচনাৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে । গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ সভাপতি উৎপল শৰ্মাই বিজেপি চৰকাৰৰ অসম বিৰোধী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ।

আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

তেওঁ কয়, "অসম চুক্তিৰ সিদ্ধান্ত অনুসৰি ১৯৭১ চনৰ পাছত অহা সকলক বহিষ্কাৰ কৰাৰ কামটো কোনো এখন চৰকাৰে নকৰিলে । জাতি, মাটি, ভেঁটি ৰক্ষাৰ কথা কৈ শাসনলৈ আহিয়েই বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিলে আৰু যিখন পাছত আইন হ'ল । ১৯৭১ চনলৈ সমগ্ৰ দেশৰ হৈ বিদেশীৰ বোজা বহন কৰা অসমৰ দৰে ৰাজ্যত অতিৰিক্ত ৪৩ বছৰৰ বোজা জাপি দি ২০১৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বাবে যো-জা চলালে । অসমৰ ৰাইজে সেই কথাটো মানি লোৱা নাই । সেই বিষয়টোৰ মীমাংসা হোৱাৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে পুনৰ আন এখন নিৰ্দেশ জাৰি কৰিছে । সেই অনুসৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ অহা অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ পথ প্ৰশস্ত কৰি দিছে । তাৰ বিৰুদ্ধে ছাত্র সন্থাই সৰ্বস্তৰত প্ৰতিবাদ সাব্যস্ত কৰিব ।"

তেওঁ লগতে কয়, "অসমৰ ২৭ খন জিলাৰ মানুহে কি পাপ কৰিছে যে বাংলাদেশীৰ বোজা জাপি দিব বিচাৰিছে । আমাৰ স্পষ্ট কথা সমগ্ৰ অসমক 'কা'ৰ পৰা আঁতৰত ৰাখিব লাগে । দেশৰ আন প্ৰান্তত কি কৰে কৰি থাকক । অসমক ইয়াৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগিব । অসমৰ পটভূমি সুকীয়া । অসমত অসম চুক্তিৰ আধাৰত বিদেশী বিতাড়ন হ'ব লাগিব । তাৰ কোনো বিকল্প নাই । আছুৰ সত্যাগ্ৰহ অব্যাহত থাকিব ।"

AASU protests Centre's new immigration order, calls it a betrayal of Assam Accord
আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

লগতে পঢ়ক : এতিয়া সময় হৈছে সকলো ৰাজপথলৈ ওলাই অহাৰ : বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

লগতে পঢ়ক : ২০২৫ৰ পূৰ্বে অহা হিন্দু বাংলাদেশীয়ে পাব ভাৰতীয় নাগৰিকত্ব; সৰৱ অসমৰ দল-সংগঠন

উল্লেখ্য যে, আছুৰ আহ্বানত অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদী উৎখাত, অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী সমস‍্যাৰ স্থায়ী সমাধান, ভাৰত-বাংলা সীমান্ত ছীল কৰা আৰু সীমান্তত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ জাৰি, অসমত শুদ্ধকৈ এন আৰ চি উন্নীত কৰা, ‘কা’ৰ আওঁতাৰ পৰা অসমক বাহিৰ কৰা আৰু অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ দাবীত ৰাজ‍্যজুৰি সত‍্যাগ্ৰহ কাৰ্যসূচী হাতত লোৱা হৈছে ।

তাৰেই অংশ হিচাপে বৃহস্পতিবাৰে পুৱা ৬ বজাৰে পৰা প্ৰতিখন জিলা ছাত্ৰ সন্থাই অসমৰ প্ৰত‍্যেক জিলা সদৰত ১১ ঘণ্টীয়া অনশন কাৰ্য‍সূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে । ছাত্ৰ সন্থাই অসমৰ প্ৰতিখন জিলা সদৰত অসমত ২০২৪ চন পৰ্যন্ত অহা অবৈধ বাংলাদেশীক সংস্থাপন দিবলৈ জাৰি কৰা Immigration and Foreigners (Exemption) Order, 2025 ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে ।

অসমক এই নিৰ্দেশৰ আওঁতাৰ বাহিৰত ৰাখিবলৈ দাবী জনায়। আছুৰ স্পষ্ট মত, "অসমৰ জনবিন‍্যাস সলনি হ’ল । সত্ৰৰ মাটি, সংৰক্ষিত বনাঞ্চল, ট্ৰাইবেল বেল্ট-ব্লকত বাংলাদেশী সোমাল । খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ হেৰাই যোৱাৰ উপক্ৰম হ’ল ।’’

আছুৰ সভাপতি উৎপল শৰ্মাই কয়, ‘‘অসমীয়া ভাষাটো অসমতে সংখ‍্যালঘূ হোৱাৰ পৰিৱেশ আহি পৰিল । চৰকাৰে আজিলৈকে ভাৰত-বাংলা সীমান্ত ছীল নকৰিলে । উন্মুক্ত ভাৰত-বাংলা সীমাৰে অবাধ অনুপ্ৰৱেশ চলিয়েই থাকিল । অসম অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ নিৰাপদ আশ্ৰয়স্থলীত পৰিণত হ’ল । তেনে প্ৰেক্ষাপটত অসমৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰ কৰাৰ পৰিৱৰ্তে চৰকাৰে আমাৰ ওপৰত প্ৰথমে ‘কা’ জাপি দিলে আৰু শেহতীয়াকৈ ভূতৰ ওপৰত দানহৰ দৰে Immigration and Foreigners (Exemption) Order, 2025 জাৰি কৰিছে ।’’

আছুৰ সভাপতি উৎপল শৰ্মাই কয়, ‘‘ছাত্ৰ সন্থাই দৃঢ়তাৰে এই নিৰ্দেশৰ বিৰোধিতা কৰিছে । এই নিৰ্দ্দেশ নাগৰিকত্ব সংশোধনী আইনতকৈ বেছি ভয়াৱহ । এই হঠকাৰী নিৰ্দ্দেশ জাৰি কৰি ২০২৪ চন পৰ্যন্ত অহা অবৈধ বিদেশীৰ বোজা জাপি দিব বিচৰাটো কোনো কাৰণতে গ্ৰহণযোগ‍্য নহয় । এই নিৰ্দ্দেশ জাতিধ্বংসী, খিলঞ্জীয়া বিৰোধী আৰু সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক ।"

‘‘ছাত্ৰ সন্থাই সত‍্যাগ্ৰহৰ কাৰ্যসূচী অব‍্যাহত ৰাখিব । অহা ১৬ ছেপ্টেম্বৰত প্ৰতিখন জিলা সদৰত বিক্ষোভ কাৰ্যসূচী, ২০ ছেপ্টেম্বৰত তাৰিখে প্ৰতিখন আঞ্চলিক ছাত্ৰ মানৱ শৃংখল কাৰ্যসূচী আৰু ২৩ ছেপ্টেম্বৰত প্ৰতিখন জিলা সদৰত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব ।’’ আছুৰ সভাপতিগৰাকীয়ে কয় ৷

AASU protests Centre's new immigration order, calls it a betrayal of Assam Accord
আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

ছাত্ৰ সন্থাৰ স্পষ্ট দাবী :

১) অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত কৰিব লাগিব । অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস‍্যাৰ স্থায়ী সমাধান কৰিব লাগিব ।
২) ভাৰত-বাংলা সীমান্ত যুদ্ধকালীনভাৱে ছীল কৰিব লাগিব । সীমান্তত দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিব লাগিব ।
৩) ‘কা’ৰ আওঁতাৰ পৰা অসমক সম্পূৰ্ণৰূপে বাহিৰত ৰাখিব লাগিব ।
৪) এন আৰ চি শুদ্ধকৈ উন্নীত কৰিব লাগিব, পুনৰীক্ষণ কৰিব লাগিব ।
৫) অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিব লাগিব ।
৬) বিদেশী ৰেহাই নিৰ্দেশৰ আওঁতাৰ পৰা অসমক বাহিৰত ৰাখিব লাগিব ।

লগতে পঢ়ক : ভৰিৰে মোহাৰিলে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ ছবি, অনশনস্থলীৰ পৰাই দিলে হুংকাৰ

লগতে পঢ়ক : বিদেশীৰ বোজা মানি লোৱা নহ’ব : কংগ্ৰেছৰ হুংকাৰ

Last Updated : September 5, 2025 at 2:27 PM IST