ETV Bharat / state

বান-খহনীয়াৰ স্থায়ী সমাধানৰ দাবীত তিনিচুকীয়াত আছুৰ প্ৰতিবাদী কাৰ্যসূচী

বান-খহনীয়া সমস্যা সমাধানৰ লগতে বানবিধ্বস্ত লোকসকলক স্থায়ী সংস্থাপনৰ দাবী ৷ অৱস্থান ধৰ্মঘটৰ জৰিয়তে তিনিচুকীয়া আছুৰ ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ ।

AASU protest in Tinsukia
তিনিচুকীয়াত আছুৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 8:17 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: বাৰিষাৰ আগমনৰ লগে লগেই নৈপৰীয়া অঞ্চলসমূহত এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয় । কোনোবাই যদি চকুৰ সন্মুখতেই অঘৰী হৈছে, কোনোবাই আকৌ যুঁজিবলগা হৈছে জীৱন-মৰণৰ স’তে ।

শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ কৰ্দৈগুৰি অঞ্চলত সৃষ্টি হোৱা খহনীয়াই জোকাৰি গৈছে ৰাজ্য । চকুৰ সন্মুখতে কাৰোবাৰ যদি ঘৰ-বাৰী খহনীয়াত জাহ গৈছে, কোনোবাই ঘৰ জাহ যোৱাৰ ভয়ত খালী কৰিছে সা-সম্পত্তি । তেনেধৰণৰ ঘটনাসমূহ চকুৰ সন্মুখত দেখি অহাৰ বাবেই সোমবাৰে তিনিচুকীয়া সদৰ থানা চাৰিআলিৰ সমীপত অৱস্থিত ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ।

আছুৰ প্ৰতিবাদী কাৰ্যসূচী (ETV Bharat Assam)

বান আৰু খহনীয়া সমস্যা সমাধান আৰু বানবিধ্বস্ত লোকসকলক স্থায়ী সংস্থাপনৰ দাবীৰে পুৱা প্ৰায় ১১ বজাৰ পৰা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে উত্তাল প্ৰতিবাদ কৰে ৷ তিনিচুকীয়া জিলাখনৰ দুই শতাধিক ছাত্ৰ সন্থাৰ সদস্যই প্ৰতিবাদৰ সময়ত বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰক, বানবিধ্বস্ত লোকসকলক স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰক, বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, বিজেপি হায় হায়, বান-খহনীয়াৰ কৱলত পৰাসকলৰ লগত ৰাজনীতি নকৰিব আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে ।

আনহাতে, প্ৰতিবাদস্থলীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোঁহাই উপস্থিত হৈ কয়, “চৰকাৰ আহে চৰকাৰ যায়, কিন্তু বান-খহনীয়া সমস্যা ৰাইজৰ বাবে সমস্যা হৈয়ে ৰয় । সকলো দলৰ চৰকাৰেই মাথোঁ ৰাজনীতি কৰি গুচি চায় । প্ৰকৃতাৰ্থত কোনো এটা দলৰ চৰকাৰেই স্থায়ী সমাধানৰ কাৰণে চিন্তা নকৰিলে ।"

তেওঁ লগতে কয়, "১৯৯২ চনৰ পৰা কৰ্দৈগুৰি অঞ্চলত সৃষ্টি হোৱা খহনীয়াই চকুৰ পলকতে উটুৱাই লৈ গ’ল বহু বাসগৃহ তথা গাঁও ৷ তাৰ পাছৰে পৰা ২৪ টাকৈ পৰিয়ালে ১ বিঘা মাটিতে বাস কৰি আহিবলগা হৈছে । তথাপি কোনো স্থায়ী সমাধান কৰা নাই চৰকাৰে ৷ গতিকে তিনিচুকীয়া জিলাখনৰ প্ৰতিটো অঞ্চলৰ বান-খহনীয়া সমস্যা সমাধান নকৰিলে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ধাৰাবাহিক প্ৰতিবাদ গঢ়ি তুলিব ।”

ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতেন্দ্ৰ চুতীয়াই কয়, “তিনিচুকীয়া জিলাৰ বাবে দুগৰাকীকৈ সাংসদ । তাৰে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী থকাৰ পাছতো বান-খহনীয়া সমস্যা সমাধান নকৰাটো দুৰ্ভাগ্যজনক । এনে লোকৰ স’তে ৰাজনীতি কৰাটো লজ্জাজনক ৷ গতিকে অতি সোনকালে বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু বানবিধ্বস্ত লোকসকলক স্থায়ী সংস্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আজিৰে পৰা ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা হ’ব ৷ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তুলি তিনিচুকীয়া জিলা অচল কৰি দিয়া হ’ব ।”

লগতে পঢ়ক :তিনি মিচিং জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদত কঁপি উঠিল ৰঙানদীৰ পাৰ - PROTEST AGAINST RIVER DAM
লগতে পঢ়ক :চৰকাৰে ৰাজপথত প্ৰতিবাদ কৰাত বাধা দিব নোৱাৰে-গৰজি উঠিল প্ৰতিবাদকাৰী - PROTESTS AGAINST CUTTING OF TREES