ETV Bharat / state

বিদেশী খেদাটো ছাত্ৰ সন্থাৰ কাম নেকি ? প্ৰশ্ন কৰিলে আছুৱে

ছাত্ৰ-ছাত্ৰীৰ সুনিশ্চিত ভৱিষ্যতৰ বাবে সন্থাই কাম কৰি যাব । স্পষ্ট কৰি দিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিয়ে ৷

AASU celebrated Rongali Bihu
তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সাংস্কৃতিক সমাৰোহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 16, 2025 at 2:05 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ: তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সহযোগত যোৱা নিশা অনুষ্ঠিত হয় বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ । এই সাংস্কৃতিক সমাৰোহৰ মঞ্চতেই অসম চুক্তিৰ লগতে অসমত পুনৰ আন্দোলনৰ প্ৰসংগত সৰৱ হৈ পৰে আছুৰ সভাপতি উৎপল শৰ্মা । তদুপৰি আছুৰ সভাপতিগৰাকীয়ে চৰকাৰক হিতাধিকাৰী সৃষ্টিৰ পৰিৱৰ্তে মানুহক কৰ্মমুখী কৰিবলৈ আহ্বান জনায় ।

সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন :

তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সাংস্কৃতিক সমাৰোহ (ETV Bharat Assam)

সাংস্কৃতিক সমাৰোহত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি আছুৰ সভাপতিগৰাকীয়ে কয়, "অসমীয়াৰ জাতীয় জীৱনৰ অন্যতম অংগ বিহু জাতিৰ স্পন্দন আৰু সাতামপুৰুষীয়া সম্প্ৰীতিৰ এক বান্ধোন, যিয়ে বৃহত্তৰ অসমীয়া জাতিটোক সদায়ে ঐক্যৱদ্ধ হৈ জীয়াই থকাত নতুন সাহস প্ৰদান কৰি আহিছে । বিভিন্ন জাতি-জনগোষ্ঠীৰ ঐক্যৰ বান্ধোন সদায়ে সুদৃঢ় কৰি ৰাখিছে আৰু ভৱিষ্যতে আমাক সদায়ে নতুনত্বৰ সাহসৰে জীয়াই থকাৰ এক শক্তিশালী সম্পদ হৈ থাকিব আৰু বিশ্বাসেৰে আমাক নতুন পৰিচয় অদূৰ ভৱিষ্যতেও দি যাব ।"

থলুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপৰ আহ্বান :

তেওঁ কয় থলুৱা সামগ্ৰী সন্দৰ্ভত মন্তব্য় কৰি কয়, "থলুৱা সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব আৰু সেইবাবেই এই বিহুৰ দিনা এই বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আছে । বাহিৰৰ সামগ্ৰী যিদৰে আমি আঁকোৱালি লৈছো সেইদৰে আমাৰ সামগ্ৰী বাহিৰলৈ মুকলি কৰিব পৰিছো নে নাই সেই বিষয়ে আলোচনা কৰাৰ সময় । বিশ্ববিদ্যালয়ৰ কেণ্টিনখনৰ পৰা মহাবিদ্যালয়ৰ কেণ্টিনখনলৈকে আমি আমাৰ খাদ্য সম্ভাৰ আগবঢ়াই নিব লাগিব ।"

AASU celebrated Rongali Bihu
তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সাংস্কৃতিক সমাৰোহ (ETV Bharat Assam)

বিজ্ঞান প্ৰযুক্তিবিদ্যাতকৈ হিতাধিকাৰীৰ বাবে অধিক ধন :

চৰকাৰক সমালোচনা কৰি আছুৰ সভাপতিগৰাকীয়ে কয়, "বৰ্তমান চৰকাৰে ভোটবেংকৰ বাবে হিতাধিকাৰী সৃষ্টি কৰিছে তাত ক'বলগীয়া নাই বা আমি বেয়া পোৱা নাই ; কিন্তু সমান্তৰালভাৱে কিমান কৰ্মমুখী কৰি তুলিছে সেয়াহে গুৰুত্বপূৰ্ণ । চৰকাৰে এইবাৰ বাজেটত থলুৱা যুৱক-যুৱতীৰ ষ্টাৰ্ট আপৰ বাবে ৬০ কোটি টকাৰ ধন ধার্য কৰিছে আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বাবে ৯০ কোটি টকা ধার্য কৰিছে ভাল কথা ; কিন্তু চৰকাৰী আঁচনি অৰ্থাৎ চৰকাৰী হিতাধিকাৰীৰ বাবে ৫ হাজাৰ কোটি টকাৰ ধার্য কৰিছে অৰ্থাৎ অৰুণোদয়ৰ নামত ১,২৫০ টকা প্ৰদান কৰিছে । ই ভাল কথা আমাৰ মানুহে এই সুবিধা লাভ কৰিছে আৰু চৰকাৰে প্ৰদান কৰিছে ; কিন্তু এই ১,২৫০ টকাৰ উপৰি ১২ হাজাৰ ৫০০ টকা প্ৰদান কৰক । সমান্তৰালভাৱে চৰকাৰে কিমান লোকক কৰ্মমুখী কৰি তুলিছে সেইটোহে গুৰুত্বপূৰ্ণ কথা ।"

AASU celebrated Rongali Bihu
তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সাংস্কৃতিক সমাৰোহ (ETV Bharat Assam)

বিদেশী খেদাটো ছাত্ৰ সন্থাৰ কাম নেকি ?

আছুৰ সভাপতি শৰ্মাই কয়, "ছাত্ৰ-ছাত্ৰীৰ সুনিশ্চিত ভৱিষ্যতৰ বাবে সন্থাই কাম কৰি যাব ।" তেওঁ অসমৰ বিদেশী বিতাড়ণৰ বিষয়টো সন্দৰ্ভত কয় , "বিদেশী খেদাটো ছাত্ৰ সন্থাৰ কাম নেকি ? অসমত বিদেশী নাগৰিক থকা বিষয়টো ছাত্র সন্থাই অৱগত কৰিছিল । বিদেশী খেদা বিষয়টো যদি কোনোবাই ছাত্র সংগঠনৰ গালৈ ঠেলি চৰকাৰক নিজৰ দায়িত্ব পালন কৰাৰ পৰা প্ৰক্ৰাৰন্তৰে আঁতৰাই এই দায়িত্বৰ হাত সাৰিব বিচাৰিছে সেইটো উচিত নহ'ব নিশ্চয় । আমি ৰজাঘৰীয়াৰ ওচৰত দাবী উত্থাপন কৰিছিলো, কিন্ত বহু ৰাজনৈতিক দলে এই বিষয়ে চিন্তা নকৰিলে । ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন আন্দোলন তল পৰি গ'ল; কিন্ত বিগত ৪০ টা বছৰৰ আন্দোলনৰ পাছত আজিও অসম চুক্তিৰ ৬ নং দফা প্ৰাসংগিক হৈ আছে । এই ৬ নং দফাৰ জৰিয়তে অসমীয়া মানুহে সাংবিধানিক সুৰক্ষা কবচ বিচাৰি আছে ।" অসমত পুনৰ আন্দোলন হ'ব নেকি বুলি কৰা বিষয়সমূহ উচটনি মূলক বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক:বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ৩৮ টা বিষয়ত মুখ্যমন্ত্ৰীৰে আছুৰ নেতৃত্বৰ আলোচনা - ASSAM ACCORD CLAUSE 6

কয়লা কেলেংকাৰীকে ধৰি কেইবাটাও বিষয়ত মুখ্যমন্ত্রীলৈ অজাপৰ পোনপটীয়া প্ৰশ্ন - AJP SLAMS ASSAM CM