ETV Bharat / state

চৰকাৰে সাংবাদিকৰ পৰা দুটা শব্দ শুনিব বিচাৰে ‘‘হয় হুজুৰ’’ : আছু - AASU ON JOURNALIST ARRESTED CASE

এপেক্স বেংকত সংঘটিত কেলংকাৰী সন্দৰ্ভত পৰিচালন সঞ্চালকক প্ৰশ্ন কৰি বিপদত পৰিছে সাংবাদিক ।

AASU president Utpal Sarma
সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 26, 2025 at 7:06 PM IST

6 Min Read

গুৱাহাটী : জ‍্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে ।

এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, "জ‍্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি অসম চৰকাৰে স্বৈৰাচাৰিতাৰ পৰিচয় দিছে । ইয়াক আমি আছুৱে ধিক্কাৰ দিছো । আমি তেওঁক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাইছো । আচলতে অসম চৰকাৰে অসমত এতিয়া সাংবাদিকৰ পৰা দুটা শব্দ শুনিব বিচাৰে । সেইটো হৈছে হয় হুজুৰ ।’’

সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মা (ETV Bharat Assam)

‘‘তেওঁলোকে সাংবাদিক, বুদ্ধিজীৱী, সংগ্ৰামী সংগঠন সমূহৰ পৰা কেৱল হয় হুজুৰ আশা কৰে । কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বুজি উঠা উচিত যে তেওঁলোকে যিমানেই ইচ্ছা নকৰক কিয়, শক্তিৰ অপপ্ৰয়োগ নকৰক কিয় অসমীয়া মানুহৰ গণতান্ত্রিক চিন্তা,চেতনা,প্ৰমূল্যক কোনো কাৰণতে বান্ধি ৰাখিব নোৱাৰে ।" উৎপল শৰ্মাই কয় ৷

তেওঁ পুনৰ কয়, "চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাটো অপৰাধ হ'ব পাৰে নেকি ? গ্ৰাউণ্ড ৰিপ'ৰ্টিং কৰিবলৈ যোৱাৰ বাবে এজন সাংবাদিকক ষড়যন্ত্রমূলকভাৱে আটক কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় । গণতন্ত্রৰ চতুৰ্থস্তম্ভৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ কৰা এই অপচেষ্টাক আমি ধিক্কাৰ দিছো । আমি দিলোৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনাইছো ।’’

‘‘হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰে যি অসহিষ্ণুতা দেখুৱাইছে সেই কথাই এটা কথা পুনৰ প্ৰমাণ কৰিলে যে গণতান্ত্রিক চিন্তা-চেতনাক সমুলঞ্চে নাইকিয়া কৰিবলৈ বিচাৰিছে । সাংবাদিকে বাতৰি পৰিৱেশন কৰিব নোৱাৰে এইটো কেতিয়াবা হ'ব পাৰে নেকি ?" তেওঁ কয় ৷

  • আত্মপক্ষ সমৰ্থনৰ সুযোগ দিয়া নাই :

তেওঁ লগতে কয়, "এইটো প্ৰথম ঘটনা নহয় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত কিছু সময় ধৰি সেই পৰিৱেশটো গঢ়ি তুলিছে । সাংবাদিকে মনে নধৰা প্ৰশ্ন নকৰিলে মুখ্যমন্ত্রীগৰাকীয়ে সাংবাদিকক তুচ্ছতাচ্ছল্য কৰে । এই ধৰণৰ ধাৰাবাহিক ঘটনা ঘটি আছে । এতিয়া পৰিৱেশ এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে সাংবাদিকক আটক কৰি গ্ৰেপ্তাৰ কৰা হৈছে । দিলোৱাৰ হুছেইন মজুমদাৰক কোনো নটিচ দিয়া নাই, আত্মপক্ষ সমৰ্থনৰ বাবে কোনো সুযোগ দিয়া নাই । থানালৈ মাতি নি ঘণ্টাৰ পাছত ঘণ্টা বহাই ৰাখি গ্ৰেপ্তাৰ কৰা হৈছে ।"

আছুৰ সভাপতিগৰাকীয়ে পুনৰ কয়, "আইনৰ শাসন নোহোৱা কৰিবৰ বাবে যে চৰকাৰখন বদ্ধপৰিকৰ সেই কথাটোৱে প্ৰমাণ হৈছে । কোনো কাৰণত এনে ঘটনা মানি ল'ব নোৱাৰি । সাংবাদিকসকলৰ প্ৰতিবাদৰ প্ৰতি আমাৰ সমৰ্থন আছে । সাংবাদিকৰ ওপৰত আক্ৰমণ অত্যন্ত নিন্দনীয় । আচলতে অসম চৰকাৰে আৰক্ষীক নিজৰ দলীয় কৰ্মীৰ দৰে ব্যৱহাৰ কৰাটো বন্ধ কৰিব লাগে । সাংবাদিকসকলে প্ৰতিবাদ কৰোতে আৰক্ষী জাপি দিছে । সাংবাদিকৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে ।"

  • গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বাধীনতাত আঘাত :

ইফালে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । সামাজিক মাধ্যমযোগে তেওঁ কয়, "সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে আটক কৰা কাৰ্য‍ক তীব্ৰ গৰিহণা জনাইছো । এই আটকৰ প্ৰতিবাদ জনাবলৈ যাওঁতে আৰক্ষীয়ে গুৱাহাটী প্ৰেছ ক্লাৱৰ বিষয়ববীয়া আৰু আৰু সাংবাদিক সকলক চলোৱা নিৰ্য‍াতন নিত‍্যান্তই গৰ্হিত । ই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বাধীনতাত আঘাত হানিছে । সাংবাদিকগৰাকীক শীঘ্ৰে মুক্তি দিয়ক । বাক স্বাধীনতা বন্ধ কৰা কাৰ্য‍ বন্ধ কৰক ।"

  • ১০ ঘণ্টা পাছত কিয় কৰিলে গ্ৰেপ্তাৰ ?

উল্লেখ্য যে, এপেক্স বেংকত সংঘটিত হৈ থকা কেলংকাৰী তথা অনিয়ম সন্দৰ্ভত পৰিচালন সঞ্চালকক প্ৰশ্ন কৰি বিপদত পৰিছে জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰ । প্ৰশ্ন কৰাৰ বাবেই মঙলবাৰে পানবজাৰ থানাত আৱদ্ধ কৰি ৰাখি প্ৰায় ১০ ঘণ্টা পাছত নিশা গ্ৰেপ্তাৰ কৰা হয় সাংবাদিকগৰাকীক ।

মঙলবাৰে দুপৰীয়া এপেক্স বেংকৰ ভিতৰচোৱাত সংঘটিত হৈ থকা অনিয়ম আৰু কেলেংকাৰীৰ তদন্তৰ দাবীত পাণবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল জাতীয় যুৱ শক্তিয়ে । সেই সময়তে উক্ত ঘটনা সন্দৰ্ভত এপেক্স বেংক কৰ্তৃপক্ষৰ মতামত ল’বলৈ বেংক পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সাক্ষাৎকাৰ বিচাৰি বেংকত উপস্থিত হৈছিল জ্যেষ্ঠ সাংবাদিকগৰাকী ।

  • ভিন্ন দল-সংগঠনৰ গৰিহণা :

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি বেংক কৰ্তৃপক্ষই পাণবজাৰ আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষীয়ে বাতৰি সংগ্ৰহৰ বাবে বেংকত উপস্থিত হোৱা সাংবাদিকগৰাকীক আটক কৰে । দুপৰীয়াৰ পৰা পাণবজাৰ থানাতে তেওঁক আৱদ্ধ কৰি ৰাখি নিশা ১০ বজাৰ পাছত গ্ৰেপ্তাৰ কৰে । আজি সাংবাদিকগৰাকীক আদালতত হাজিৰ কৰোৱা হয় ।

ইফালে, সাংবাদিকগৰাকীক এনেদৰে আটক কৰা কাৰ্যত সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে কৰ্তব্য সম্পাদনত বাধা দি সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰিবলৈ বিচৰা ৰজাঘৰীয়াৰ এনে প্ৰচেষ্টাক নিন্দা কৰিছে বিভিন্ন দল-সংগঠনে । সকলোৱে শীঘ্ৰে সাংবাদিকগৰাকীক মুকলি কৰি দিবলৈ দাবী জনাইছে ।

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত সাংবাদিকগৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰাৰ ফলত উত্তপ্ত হৈ পৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখ । আৰক্ষী আৰু প্ৰতিবাদীকাৰীৰ মাজত সৃষ্টি হয় তীব্ৰ হতাহতি । সাংবাদিকৰ প্ৰতিবাদক আৰক্ষীয়ে বাধা দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । পাছত সাংবাদিকসকলে হাতে হাত ধৰি গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা পাণবজাৰ থানালৈ সমদল কৰি যায় ।

  • জনজাতীয় ব্যক্তিক অপমানজনক মন্তব্যৰ অভিযোগ :

ইফালে, সংবাদিকগৰাকীক আদালতলৈ নিয়াৰ পাছত আদালতৰ সন্মুখতো সাংবাদিকসকল সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে সাংবাদিক দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে এগৰাকী জনজাতীয় ব্যক্তিক অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি ভাৰতীয় ন্যায় সংহিতাৰ 351(2)/3(1)(R) আৰু Sheduled Cast and Sheduled Tribe (Prevention of Atrocities) Act 2015 SC ৰ অধীনত পাণবজাৰ আৰক্ষী থানাত ১১০/২০২৫ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে । যাৰ আধাৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক : প্ৰশ্ন কৰি বিপদত সাংবাদিক: পাণবজাৰ থানাত আবদ্ধ প্ৰশ্নকৰ্তা সাংবাদিকক - JOURNALIST DILAWAR HUSSAIN MAJUMDAR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.