হেণ্ডকাফ নহয় চিপজৰীলৈহে মনত পৰিছে আছুৰ: স্থিতি স্পষ্ট কৰি দিলে সদৌ অসম ছাত্ৰ সন্থাই
শংকৰজ্যোতি বৰুৱা প্ৰসংগত অৱশেষত ছাত্র সন্থাই মুখ খুলিছে । ব্যক্তিগত সংঘাতত আছুৱে শক্তি খৰচ নকৰে ।

Published : May 24, 2025 at 7:28 PM IST
গুৱাহাটী: অৱশেষত শংকৰজ্যোতি বৰুৱাৰ প্ৰসংগত মুখ খুলিলে সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৱে । অৱশ্যে মুখ খুলিলেও প্ৰাক্তন নেতাগৰাকীৰ পক্ষ নল'লে আছুৱে । কিয় শংকৰজ্যোতি বৰুৱাৰ পক্ষত আছুৱে মাত মতা নাই তাৰো কাৰণ ব্য়াখ্য় কৰিলে সভাপতি উৎপল শৰ্মাই । শংকৰজ্যোতি বৰুৱা কিয় প্ৰাক্তন আছু নেতা নহয় ?
দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি এন সিং পেট্ৰ'ল পাম্প ছাৰ্ভিচ ষ্টেচনত সংঘটিত মাৰপিটৰ ঘটনাত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নাম সাঙোৰ খাই পৰিছিল । এই ঘটনাত পেট্ৰ'ল পাম্প কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত শংকৰজ্যোতি বৰুৱাক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই আদালতলৈ নিছিল ।
লক্ষণীয় বিষয় যে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকক শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ নলগাবলৈ নিৰ্দেশ দিয়ে । বিগত কেইবাদিন ধৰি এই সমস্ত ঘটনাক লৈ ৰাজ্য উত্তাল হৈ আছিল যদিও আছুৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল । শনিবাৰে শংকৰজ্যোতি বৰুৱাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে আছুৰ নেতৃত্বই ।
গুৱাহাটীৰ শ্বহীদ ন্যাসত সংবাদ মাধ্যমক সম্বোধন কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "দুলীয়াজানৰ এটা পেট্ৰ'ল পাম্পক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ব্যক্তিগত সংঘাতত আছুৱে নিজৰ চিন্তা, সময় আৰু শক্তি খৰচ কৰাৰ কোনো অৰ্থ নাই । ব্যৱসায়িক গোষ্ঠীৰ মাজত হোৱা ব্যৱসায়িক সংঘাত আছুৰ বিষয়বস্তু হ'ব নোৱাৰে বাবেই ইয়াত আছুৱে সময় নষ্ট কৰা নাই ।" শংকৰজ্যোতি বৰুৱাৰ প্ৰসংগত তেওঁ কয়, "উল্লেখ কৰা ব্যক্তিগৰাকীয়ে আছুৰে এগৰাকী সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্র সন্থাৰ মজিয়াৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্র সন্থা এৰি যাবলগীয়া হৈছিল । আনহাতে ছাত্র সন্থাৰ সদস্যাগৰাকী এতিয়াও ছাত্র সন্থাত আছে আৰু তেওঁ আইনী যুঁজ চলাই আছে ।"
আছুৰ সভাপতিগৰাকীয়ে পুনৰ কয়, "ইফালে ঘটনা সন্দৰ্ভত আছুৱে গঠন কৰি দিয়া দহজনীয়া তদন্ত কমিটীয়ে ইতিমধ্যে প্ৰথমখন প্ৰতিবেদন দাখিল কৰিছে আৰু দ্বিতীয়খন প্ৰতিবেদন দিবলৈ এতিয়াও বাকী আছে । য'ত সেই ব্যক্তিজনৰ সন্দৰ্ভত কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে । গতিকে ছাত্র সন্থাৰ এগৰাকী সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিৰ সপক্ষে ছাত্র সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে । সেই কাৰণে ছাত্র সন্থাই তেওঁৰ সপক্ষে স্থিতি ল'ব বুলি আশা কৰাটোও অনুচিত । কাৰণ আমাৰ ঘৰৰ এগৰাকী ছোৱালী, আমাৰ এজনী ভগ্নীক শোষণ কৰা নেতাৰ লগত আছু নাই । সেইবাবে এইক্ষেত্রত ছাত্র সন্থাৰ পৰা কোনো আশা নকৰিবলৈ আমি সকলোৰে প্ৰতি অনুৰোধ জনাইছো ।"
হেণ্ডকাফ আৰু চিপজৰী প্ৰসংগত আছুৰ স্থিতি :
হেণ্ডকাফ লগোৱাৰ প্ৰসংগত তেওঁ কয়, "আপোনালোকে হেণ্ডকাফ দেখিছে আৰু আমাৰ চিপজৰীডাললৈ মনত পৰিছে । যৌন শোষণৰ বলি হৈ এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছিল । সেই ছাত্রীগৰাকী এতিয়াও ছাত্র সন্থাত আছে । তেওঁ ন্যায় বিচাৰি আজিও আদালতৰ মজিয়ালৈ গৈ আছে । গতিকে যেতিয়া হেণ্ডকাফৰ কথা কয় তেতিয়া আমাৰ সেই চিপজৰীডালৰ কথা মনত পৰে । আমাৰ প্ৰতিগৰাকী প্ৰাক্তন সতীৰ্থৰ প্ৰতি সন্মান আছে আৰু আমি তেওঁলোকৰ প্ৰতি দায়বদ্ধ; কিন্তু ছাত্র সন্থাৰ মজিয়াত অতীজৰে পৰা এটা পৰম্পৰা চলি আছে । কোনোবাই যদি অহিত কাম কৰি ছাত্র সন্থাৰ পৰা বহিস্কৃত তেন্তে তেওঁলোকে ছাত্র সন্থাৰ পৰা সেই মৰ্যাদাটো নাপায় । এইগৰাকী অভিযুক্তই বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্র সন্থা ত্যাগ কৰি গুচি যাবলগীয়া হৈছিল । গতিকে মই ছাত্র সন্থাৰ লাখ লাখ প্ৰাক্তন কৰ্মকৰ্তাৰ সৈতে যৌন শোষণৰ অভিযোগত অভিযুক্ত হৈ বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্র সন্থা এৰি গুচি যাবলগীয়া হোৱা এগৰাকী সদস্যৰ তুলনা নকৰিবৰ বাবে সকলোৰে প্ৰতি অনুৰোধ জনালো ।"
আৰক্ষীক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান :
তেওঁ কয়, "কোনো প্ৰাক্তন ছাত্রনেতাই কোনো অনাঅসমীয়া ব্যৱসায়ীৰ হৈ পেট্ৰ'ল পাম্প দখল কৰিব গৈছে বুলি আজিলৈকে অভিযোগ উত্থাপন হোৱা নাই । গতিকে প্ৰাক্তনসকলক তেওঁৰ সৈতে তুলনা কৰি একাকাৰ নকৰিবৰ বাবে সকলোকে অনুৰোধ জনাইছো ।" তেওঁ লগতে কয়,"বহিষ্কাৰৰ ভয়ত ছাত্র সন্থাৰ পৰা পলায়ন কৰা এজন ব্যক্তিৰ ক্ষেত্রত ছাত্র সন্থাই স্থিতি লোৱাটো অনুচিত । ছাত্র সন্থাৰ পৰা সেইটো আশা নকৰিবলৈ সকলোৰে প্ৰতি অনুৰোধ জনাইছো । এটা কথা স্পষ্ট যে খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব । এটা বিষয় লৈ সকলোৰে গা জ্বলিছে । জ্বলাটো উচিত । অসমীয়া জাতিকে 'ফ্ৰী মে খানেৱালা হে' বুলি কৈছে নেকি । কাৰণ বিহাৰী সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে অসমৰ মানুহে 'ফ্ৰী মে খানেৱালা হে' বুলি কোৱা কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় । যদি জাতিটোৰ প্ৰতি তেনে বিৰূপ মন্তব্য কৰিছে তেন্তে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । আৰক্ষীয়ে তেওঁক আটক কৰি সোধা-পোছা কৰি এৰি দিছে । আৰক্ষীয়ে স্থিতি স্পষ্ট কৰা উচিত যে আচলতে সেই যুৱতীগৰাকীয়ে তাত কি ক'লে ।"
অসমীয়া জাতিক লৈ যদি এই অপমান কৰিছে তথা কোনো জাতীয় সংগঠনক লৈ এই অপমান কৰিছে তেন্তে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰি আছুৰ সভাপতিগৰাকীয়ে পুনৰ কয়,"যদি তেওঁ তেওঁলোকৰ পেট্ৰ'ল পাম্পটো দখল কৰিবলৈ যোৱা কোনোবা ব্যক্তিক কৈছিল তেন্তে তেওঁলোকে জাতিটোক প্ৰতিনিধিত্ব নকৰে । তেওঁলোকে কোনো জাতীয় সংগঠনকো প্ৰতিনিধিত্ব কৰিব নোৱাৰে । গতিকে কাৰ কথা কৈছে সেইটো স্পষ্ট হ'ব লাগে । যদি জাতিটোক লৈ কৈছে তেন্তে কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু চৰকাৰক আমি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছো ।"

