ETV Bharat / state

ভাষা আন্দোলনৰ প্ৰথমগৰাকী ছহিদক স্মৰণ আছুৰ - Assamese Language Movement

Assamese Language Movement: অসমীয়া ভাষাৰ বাবে প্ৰাণ আহুতি দিয়া ৰঞ্জিত বৰপূজাৰীৰ আজি মৃত্যু দিৱস । গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ চৌহদত থকা থকা ছহিদ বেদীত আছুৱে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সৰ্বানন্দ সোণোৱালেও ভাষা আন্দোলনৰ ছহিদক স্মৰণ কৰে ।

Assamese Language Movement
ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক স্মৰণ আছুৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 4, 2024 at 4:12 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ৪ জুলাই : ভাষা আন্দোলনৰ প্ৰথমগৰাকী ছহিদ ৰঞ্জিত বৰপূজাৰীৰ আজি মৃত্যু দিৱস । ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত ৪ জুলাইৰ দিনটোতেই কটন কলেজৰ চৌহদতে নিৰ্বিচাৰ গুলীচালনাৰে ৰঞ্জিত বৰপূজাৰীক হত্যা কৰা হৈছিল । কটন কলেজত উচ্চশিক্ষা গ্ৰহণৰ বাবে আহি ভাষাৰ বাবে প্ৰাণ আহুতি দিয়া ৰঞ্জিত বৰপূজাৰীৰ ত্যাগে আজিও উচিত বা প্ৰকৃত মূল্য পালেনে তাক লৈ বিভিন্ন সময়ত প্ৰশ্নৰ অৱতাৰণা হৈ আহিছে ।

ভাষা আন্দোলনৰ প্ৰথমগৰাকী ছহিদক স্মৰণ আছুৰ (ETV Bharat)

সেইগৰাকী ৰঞ্জিত বৰপূজাৰীৰৰ মৃত্যুৰ দিনটোত সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ উদ্যোগত আৰু অসমীয়া ভাষা ছহিদ স্মৃতিৰক্ষা সমিতিৰ সহযোগত কটন‌ বিশ্ববিদ্যালয়ৰ চৌহদত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত ৰঞ্জিত বৰপূজাৰীৰ প্ৰতিচ্ছবিৰ ওচৰত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকাই কয় যে চিৰ চেনেহী মোৰ ভাষা জননীৰ বাবে নিৰ্ভীকভাৱে প্ৰাণ আহুতি দি যুগ-যুগান্তৰলৈ অতুলনীয় ত্যাগ আৰু মাতৃভাষা প্ৰেমৰ নিদৰ্শন দেখুৱাই যোৱা ছহিদ ৰঞ্জিত বৰপূজাৰী প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত সজীৱ হৈ ৰ'ব ।

তেওঁ উল্লেখ কৰা মতে সুৱদি সুৰীয়া অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ১৯৬০ চনৰ ৪ জুলাইৰ দিনটোতে সাহসেৰে মৃত্যুক আঁকোৱালি লোৱা মহান শ্বহীদগৰাকীৰ স্মৃতি দিৱসত আছুৱে গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । তেওঁ কয় যে যেতিয়ালৈকে অসমীয়া ভাষা জীয়াই থাকিব অসমীয়া জাতি জীয়াই থাকিব । তেওঁৰ ত্যাগ কেতিয়াও অথলে নাযায় বুলিও আছু নেতাগৰাকীয়ে উল্লেখ কৰে ।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সামাজিক মাধ্যমৰ জৰিয়তে মহান ছহিদগৰাকীৰ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰি কয়,"চিৰ চেনেহী মোৰ ভাষা জননীৰ বাবে নিৰ্ভীকভাৱে প্ৰাণ আহুতি দি যুগ-যুগান্তৰলৈ অতুলনীয় ত্যাগ আৰু মাতৃভাষা প্ৰেমৰ নিদৰ্শন দেখুৱাই যোৱা ছহিদ ৰঞ্জিত বৰপূজাৰী প্ৰতিজন অসমীয়াৰ হৃদয়ত সজীৱ হৈ ৰ'ব । সুৱদি সুৰীয়া অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ১৯৬০ চনৰ আজিৰ দিনটোতে সাহসেৰে মৃত্যুক আঁকোৱালি লোৱা মহান ছহিদগৰাকীক আজি স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো ।"

লগতে পঢ়ক :বানৰ বিভীষিকাৰ মাজতে ৰাজ্যত বন্যপ্ৰাণীৰ সন্ত্ৰাস: নিহত 1, আহত 2 - Man Animal conflict