বঙাইগাঁও: মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বঙাইগাঁৱত পালন কৰা হয় ছাত্ৰ সংহতি দিৱস । বঙাইগাঁও জিলাৰ তুলুঙীয়াত অনুষ্ঠিত আছুৰ কেন্দ্ৰীয় ছাত্র সংহতি দিৱসত আছুৰ পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই ।
উল্লেখ্য যে ১৯৭৪ চনত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ ঐতিহাসিক খাদ্য আৰু অৰ্থনৈতিক আন্দোলনত শ্বহীদ হোৱা মৰিগাঁও জিলাৰ দুই কিশোৰ ছাত্ৰ পুতুল শইকীয়া আৰু গজেন ইংতিৰ স্মৃতিত প্ৰতিবছৰে আছুৱে পালন কৰি আহিছে ছাত্ৰ সংহতি দিৱস ।
এইবেলি বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অভয়াপুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত তুলুঙীয়াত ৫১ সংখ্যক ছাত্ৰ সংহতি দিৱস পালন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ।

বাংলাদেশী অনুপ্ৰৱেশকাৰীক দেখা মাত্ৰেই গুলীওৱাৰ আহ্বান
তুলুঙীয়াত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ।
ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "দেশত এনে এখন ৰাজ্য নাই যি ৰাজ্যই নিজৰ ভাষা, সংস্কৃতি, পৰিচয় ৰক্ষাৰ কাৰণে ৪৫ বছৰ ধৰি সংগ্ৰাম কৰি আছে । চৰকাৰে বিদেশী নাগৰিক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত যি ব্যৱস্থা আৰম্ভ কৰিছে, এয়া যাতে আধাতে বন্ধ নহয় । যদি বন্ধ হয় আমি বুজিম এয়া নিৰ্বাচনী ইছ্যু । ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীক দেখিলেই চৰকাৰে গুলীওৱাৰ ব্যৱস্থা কৰক ।"

আনহাতে, অসমত থকা অবৈধ বাংলাদেশী আৰু মৌলবাদীক পুলিয়ে-পোখাই উৎখাত কৰিবলৈ ৰাজ্য চৰকাৰক বিশেষ অভিযান চলাবলৈও তেওঁ দাবী জনায়।
NRC-ৰ কামত সন্তুষ্ট নহয় আছু
ইফালে NRC-ৰ পুনৰীক্ষণ কৰিবলৈ আহ্বান জনাই এই সন্দৰ্ভত আছু উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে বুলিও তেওঁ উল্লেখ কৰে । অসম চৰকাৰ-কেন্দ্ৰীয় চৰকাৰ দুয়োপক্ষকে উচ্চতম ন্যায়ালয়ত আবেদন জনাবলৈ আহ্বান জনাই আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ।

বঙাইগাঁও জিলাৰ তুলুঙীয়াত অনুষ্ঠিত আছুৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুযায়ী অসমৰ খিলঞ্জীয়া জনসাধাৰণক সাংবিধানিক ৰক্ষাকৱচৰ অধিকাৰ প্ৰদান কৰিব লাগে বুলি দাবী জনাই আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

আছুৰ সভাপতিৰ আহ্বান
আনহাতে, ছাত্ৰ সংহতি দিৱসত আছুৰ পতাকা উত্তোলন কৰি বাংলাদেশীৰ বিৰুদ্ধে সৰৱ হৈ পৰে আছুৰ সভাপতি উৎপল শৰ্মা । শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, "অসমত এগৰাকীও অবৈধ বিদেশী থাকিব নোৱাৰিব । শেষৰজন অবৈধ বিদেশীক খেদি পঠিয়াব লাগিব । ভাৰত-পাকিস্তানৰ সীমান্তৰ দৰে ভাৰত-বাংলাদেশৰ সীমান্ততো কটকটীয়া ব্যৱস্থা গঢ়ি তুলিব লাগে ।"

ভাৰত-বাংলাদেশৰ সীমাৰে কেৱল অনুপ্ৰৱেশকাৰীয়েই নহয়, মৌলবাদী-জেহাদীও প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ NRC শুদ্ধ ৰূপত উন্নীত কৰাৰো দাবী আছুৰ সভাপতি উৎপল শৰ্মাৰ ।

ইফালে গো-মাংসক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাজ্যখনৰ একাংশ স্থানত দেখা দিয়া আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱা সন্দৰ্ভত উৎপল শৰ্মাই কয়, "এয়া অসমৰ ঐক্য-সম্প্ৰীতি বিনষ্ট কৰাৰ এক অপশক্তি বুলি সন্দেহ হয় । এই কাণ্ডৰ লগত জড়িত লোকক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছোঁ ।"