জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি আছুৰ
প্ৰিয় শিল্পীৰ ন্যায়ৰ দাবীত শিৱসাগৰত ৰাজপথলৈ ওলাই আহিল শ শ লোক ।

Published : October 9, 2025 at 3:53 PM IST
শিৱসাগৰ: অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ আজি ৩ সপ্তাহ । এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৰমৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে । একেদৰে শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত প্ৰতিবাদো অব্যাহত আছে । সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে ৫ জন লোকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে । বহুতক সোধা-পোছাও কৰিছে আৰক্ষীয়ে । কিন্তু আৰক্ষী তথা চৰকাৰৰ ভূমিকাক লৈ সন্তুষ্ট নহয় সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠন ।
যাৰ বাবে জুবিন গাৰ্গৰ ন্যায় বিচাৰি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । তাৰ অংশ হিচাপে বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহিল আছুসহ শিৱসাগৰবাসী ৰাইজ আৰু বহুকেইখন বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থী । 'জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত খৰতকীয়া হওঁক', 'জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি নকৰিব' আদি শ্ল'গানেৰে উত্তাল হৈ পৰে শিৱসাগৰৰ ৰাজপথ ।
সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্ৰতিবাদী মিছিলত অংশগ্ৰহণ কৰি কয়, "জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি নচলিব । জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰাসকললৈ সদৌ অসম ছাত্ৰ সন্থাৰ শেষ সকীয়নি । জাতিৰ আত্মাক ন্যায় দিয়াৰ স্বাৰ্থত এখোজ আগুৱাই সদৌ অসম ছাত্ৰ সন্থাই বৃহৎ গণ সমাৱেশৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ন্যায়ৰ বাবে দাবী জনাইছে ।"
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ ক্ষেত্ৰত কোনো আপোচ বা ৰাজনীতি নহ'ব বুলি স্পষ্ট কৰি দিয়ে সদৌ অসম ছাত্ৰ সন্থাই । সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত সমবেত হাজাৰ হাজাৰ লোকৰ দাবী যে অসমৰ প্ৰতিজন লোকৰ বাবে কেতিয়াও নুশুকোৱা কলিজাৰ এটুকুৰা ঘাঁৰ দৰেই হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যু । গতিকে এইক্ষেত্ৰত কোনো আপোচ কৰা নহ'ব । শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা আৰম্ভ কৰা সমদলে সমগ্ৰ শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰি প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
লগতে পঢ়ক :নাহৰ ভালপোৱা জুবিনক নাহৰেৰে জীয়াই ৰখাৰ প্ৰয়াস লুইত বৰাৰ

