অসমৰ সম্পদ যদি দিল্লীৰ সম্পদ হয়, বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা কিয় নহয় ? প্ৰশ্ন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ - Assam Flood 2024
AASU Meeting: অসমৰ বান সমস্যা ঠিকাদাৰৰ খীৰতী গাইলৈ পৰিণত হৈছে বুলি কটাক্ষ আছু নেতৃত্বৰ । আছু, অসম সেনা, অসম উন্নতি সভাৰ যৌথ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ অন্তত বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ আছু নেতৃত্বৰ । স্বাৱলম্বিতাৰ নিদৰ্শন দেখুওৱা একোজন ব্যক্তিক অম্বিকাগিৰী ৰায়চৌধুৰী বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ।

Published : July 3, 2024 at 6:53 PM IST
|Updated : July 3, 2024 at 7:13 PM IST
গুৱাহাটী,৩ জুলাই: গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ ভৱনত বুধবাৰে অনুষ্ঠিত হয় আছু, অসম সেনা, অসম উন্নতি সভাৰ যৌথ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা । সভাত অসমৰ বান আৰু গৰাখহনীয়াত উদ্বেগ প্ৰকাশ কৰে উপস্থিত নেতৃত্বই । বান আৰু গৰাখহনীয়াৰ পৰিস্থিতি সমাধানত ৰাজ্য চৰকাৰ চুড়ান্তভাৱে ব্যৰ্থ হৈছে দাবী কৰে আছুৰ উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।
সভাৰ অন্তত সংবাদমাধ্যমৰ আগত অসমৰ বান পৰিস্থিতি সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিবলৈ দাবী জনাই অহাৰ পিচতো বানৰ সমস্যা সমাধান হোৱা নাই । যাৰ বাবে ৰাইজে জীয়াতু ভুগিব লগা হৈছে । অসমৰ প্ৰতি দেখুওৱা অৱহেলা ইয়াৰ কাৰণ ।" বানাক্ৰান্তক তাৎক্ষণিক সাহায্য দিয়াৰ লগতে চিকিৎসা ব্যৱস্থা কৰিবলৈ দাবী জনাই তেওঁ চৰকাৰক সমালোচনা কৰি লগতে কয়, "অসমৰ সম্পদ যদি দিল্লীৰ সম্পদ হয় বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা কিয় নহয় ? ৫০ টা পুখুৰীৰ কথা শুনি আমি এটা প্ৰশ্ন কৰিছো । মহাবাহুৰ উপ-নৈসমূহৰ সমস্যা ৫০ টা পুখুৰী খান্দিলেই সমাধান হ'ব নেকি ?"
লগতে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, "পেটত ভোক লৈ খিলঞ্জীয়া আগবাঢ়িব নোৱাৰে, অৰ্থনৈতিক সংগ্ৰাম লাগিবই । ঠায়ে ঠায়ে অসম সেনা উন্নতি সভাই বিভিন্ন কাম হাতত লৈছে । কোন জিলাত কেনেকৈ কাম আৰম্ভ হ'ব আজি আলোচনা কৰা হৈছে । অসমীয়াৰ ঘৰে ঘৰে উৎপাদন তথা উপাৰ্জন হ'ব লাগিব । স্বাৱলম্বিতাৰ নিদৰ্শন দেখুওৱা একোজন ব্যক্তিক অম্বিকাগিৰী ৰায়চৌধুৰী বঁটাৰে সন্মানিত কৰা হ'ব । সদৌ অসম ছাত্ৰ সন্থাই এই বছৰৰ ১৮ ডিচেম্বৰৰ পৰাই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰিব ।"
ইফালে আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "৫০ টা পুখুৰী খান্দি বান সমস্যা দূৰ কৰাৰ কথা ক'বলৈ যাতে কোনেও সাহস নকৰে সেই কাৰণে আমি ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ দাবী জনাইছো । প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচা ল'লেই নহয়, অসমত ৰাইজে পেটত গামোচা বান্ধিবলগীয়া হৈছে । প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক ফোনেৰে খবৰ ল'লে নহ'ব বিহাৰ আদি ৰাজ্যৰ দৰে অসমৰো খবৰ লওক ।"
আনহাতে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অসমত বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০০০ কোটি টকাৰ পেকেজৰ দাবী জনায় । প্ৰধানমন্ত্ৰীয় অসমৰ প্ৰতি কেৱল গামোচাখনতে আবেগ দেখুৱাই বুলি কটাক্ষ কৰি তেওঁ কয় "গৃহ মন্ত্ৰীয়ে পুখুৰী খান্দিবলৈ দিয়ে কিন্তু খৰালি সময়ত ব্যবস্থা ল'বলৈ সময় নাই । ঠিকাদাৰৰ খীৰতী গাইলৈ পৰিণত হৈছে অসমৰ বান সমস্যা ।"

