মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক কি ক'ব লাগে ? শিকালে শংকৰ জ্যোতি বৰুৱাই - Sankar Jyoti Baruah
Sankar Jyoti Baruah :চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা । এইবাৰ বানপানীক লৈ বিশেষ পেকেজৰ লগতে চিকিৎসা মাচুল সন্দৰ্ভত কৰিলে মন্তব্য় ।

Published : July 30, 2024 at 9:01 PM IST
মাজুলী,৩০ জুলাই: যোৱা ২৮ জুলাইত স্বাস্থ্য বিভাগে চিকিৎসা মাচুলৰ নতুন তালিকা প্ৰস্তুত কৰাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই। মঙলবাৰে মাজুলীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়তেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," স্বাস্থ্য ক্ষেত্ৰত ভাৰতৰ ২৮ খন ৰাজ্যৰ ভিতৰত ২৩ নম্বৰত আছে অসম । য'ত শিক্ষা আৰু স্বাস্থ্য খণ্ড সকলোৰে বাবে বিনামূলীয়া হ'ব লাগিছিল, সেই সময়ত বিনামূলীয়া চাউল দি চৰকাৰখনে ৰাজনীতি কৰিছে । এনেকৈ হ'লে মুখ্যমন্ত্ৰীৰ সপোনৰ পাঁচখন ৰাজ্যৰ ভিতৰত শেষৰ পৰাহে পাঁচ নম্বৰত থাকিব। "
প্ৰধানমন্ত্ৰীয়ে কেৱল গামোচাখন ডিঙিত ল'লে নহ'ব :
আনহাতে, কেন্দ্ৰীয় চৰকাৰে অসমক বান সাহাৰ্য পৰ্যাপ্ত পৰিমাণে প্ৰদান নকৰা সন্দৰ্ভত মন্তব্য় কৰি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়," বাজেটত অসমৰ বানপানীক লৈ কোনো বিশেষ পেকেজ ঘোষণা নকৰে । আমাৰ নেতাৰ কেন্দ্ৰীয় নেতাৰ ওচৰত মূৰ দোওৱা নীতি সলনি নহ'ল । অসমৰ নেতাসকলৰ দুৰ্বলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানীক গুৰুত্ব নিদিয়ে । অসমৰ বানপানীক লৈ সোমবাৰে ফণীভূষণ চৌধুৰীক গৰজি উঠা দেখা গ'ল যদিও বাকী সকলো নিমাতে থাকে ।" তেওঁ পুনৰ কয়," মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক ক'বগৈ লাগে যে কেৱল অসমীয়া গামোচাখন ডিঙিত ল'লে নহ'ব, বানপানীৰ সময়ত অসমৰ ৰাইজৰ ডিঙিলৈকে ডুবি থাকোতে বিশেষ পেকেজ ঘোষণা কৰক ।"
কিয় মাজুলীয়ে লাভ কৰা নাই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি :
ইপিনে, মাজুলীয়ে এতিয়ালৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ নকৰা সন্দৰ্ভত তেওঁ কয়," মাজুলীয়ে বহু পূৰ্বে বিশ্ব ঐতিহ্য ক্ষেত্ৰ লাভ কৰিব লাগিছিল । চৰকাৰে মাজুলীক লৈ যি ডচিয়াৰ প্ৰস্তুত কৰে তাত যিবোৰ তথ্য় দিব লাগে তাত কিবা খেলিমেলি হোৱা যেন অনুভৱ হৈছে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিবলৈ কাম কৰিব লাগে । মাজুলী বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবলৈ ইমান পলম হোৱাটো পৰিতাপৰ বিষয় ।"
উত্তৰ পূৱৰ চাণক্যই সমস্য়াৰ সমাধান কৰক :
মেঘালয়লৈ অসমৰ যান-বাহন চলাচল সম্পৰ্কত আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়," আমি ছাত্ৰ সন্থাই যিমান পাৰো খাচী ছাত্ৰ সন্থাৰ লগত আলোচনা কৰিছো । উত্তৰ পূৱৰ ৰাজনীতিৰ চাণক্য বুলি ভবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ৰ ওপৰত হস্তক্ষেপ কৰি সমাধান কৰি নিজকে চাণক্যৰ পৰিচয় দিয়ক ।"

