ETV Bharat / state

অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থা দায়বদ্ধ : আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই জনোৱা সম্বৰ্ধনা গ্ৰহণ কৰি ছাত্ৰ সন্থাৰ সংগ্ৰামী ধাৰাটো বলিষ্ঠভাৱে আগবঢ়াই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে সমীৰণ ফুকনে ।

Samiran Phukan Felicitated
ডিব্ৰুগড়ত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনক সম্বৰ্ধনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 9, 2025 at 9:05 AM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : অসমৰ জাতীয় জীৱনৰ অতি গুৰুত্বপূৰ্ণ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থা । অসমৰ কেইবাটাও উল্লেখযোগ্য গণ আন্দোলনৰ নেতৃত্ব বহনকাৰী সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ছাত্ৰ সমাজক নেতৃত্ব দি আহিছে । শেহতীয়াকৈ শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাই সাধাৰণ সভা অনুষ্ঠিত কৰি সংগঠনটোৰ নেতৃত্বৰ কিছু সালসলনি কৰিছে ।

শিৱসাগৰৰ সাধাৰণ সভাতেই সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হয় সমীৰণ ফুকনক । ইয়াৰ পাছতে শনিবাৰে বিয়লি সদৌ অসম ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকনক সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় । শনিবাৰে সদৌ ডিব্ৰুগড় জিলা সন্থাৰ উদ্যোগত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত দুলীয়াজানৰ জয়ানগৰস্থিত শ্বহীদ ভৱনৰ প্ৰাংগণত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হোৱাৰ লগে লগে ছাত্ৰ নেতাগৰাকীক গায়ন-বায়নেৰে উষ্ম আদৰণি জনোৱা হয় ।

ডিব্ৰুগড়ত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনক সম্বৰ্ধনা (ETV Bharat Assam)

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকনক এখনি চেলেং, গামোচা, শৰাই, জাপিৰ লগতে এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে । ইয়াৰ পাছতে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ১৪ খন আঞ্চলিক সমিতি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোট, দুলীয়াজানৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে আছুৰ নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদকগৰাকীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।

অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থা দায়বদ্ধ

সদৌ অসম ছাত্ৰ সন্থা বুলি ক'লে অসমৰ ৰাইজৰ মাজত এক আৱেগ ভৰা অনুভূতি সদায় বিৰাজমান আছিল । কিন্তু বিগত বহু বছৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই নিজৰ সংগ্ৰামী ধাৰাৰ পৰা বিচলিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে । তেনে সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব গ্ৰহণ কৰি সমীৰণ ফুকনে কয়, "ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই জনোৱা সম্বৰ্ধনা গ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামী ধাৰাটো বলিষ্ঠভাৱে আগবঢ়াই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছো । সকলোৱে দিয়া গামোচা আৰু উপহাৰ মোৰ দায়বদ্ধতা হিচাপে গ্ৰহণ কৰিছো । জাতীয় জীৱৰন লগত জড়িত বিষয়সমূহক লৈ সদৌ অসম ছাত্ৰ সন্থা আগবাঢ়ি যাবৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছো । অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থা দায়বদ্ধ । অসমীয়াৰ প্ৰভুত্ব থকা এখন অসম আমি বিচাৰোঁ । অসমত সকলো ক্ষেত্ৰতে যাতে অসমীয়াই সুবিধা লাভ কৰে তাৰ বাবে আমি কাম কৰিম ।"

লগতে পঢ়ক :বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্র দাসক শংকৰ-আজান সমন্বয় অসম হিতৈষী বঁটা প্ৰদান - GORIYA MORIYA DESI JATIYA PARISHAD
লগতে পঢ়ক :ভাৰত ৰংগ মহোৎসৱত অসমীয়া নাট 'কম্ফ'ৰ্ট উইমেন: এন আনট’ল্ড হিষ্ট্ৰী' - 24TH BHARAT RANG MAHOTSAV