ETV Bharat / state

জুবিনৰ মৃত্যুৰ পানী নসৰকা তদন্তৰ দাবী আছুৰ, লতাশিলত গুণমুগ্ধৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি

আমিও বিচাৰিছোঁ তদন্ত হ'ব লাগে । যাৰ নাম ওলাইছে সকলোকে সাঙুৰিব লাগে । পানী নসৰকাবিধৰ তদন্ত হ'ব লাগে । এই মন্তব্য আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ ।

Zubeen Garg
লতাশিলত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 5:08 PM IST

|

Updated : September 20, 2025 at 5:16 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : গান আৰু ছবিৰ এক বর্ণিল জীৱন সামৰি কোনো দিনে ঘূৰি নহা বাটেৰে চিৰদিনলৈ অজান দেশলৈ গুচি গ'ল ৰাজ্যবাসীৰ হৃদয়ৰ মণি জুবিন গাৰ্গ । খহি পৰিল অসমৰ সংগীত আকাশৰ ধ্রুৱতৰা । চিৰদিনলৈ স্তব্ধ হ'ল অসমীয়া জাতিৰ সোণালী কণ্ঠ । অন্ত হ'ল এটা সুৰৰ । অৱসান হ'ল এটা যুগৰ ।

জুবিনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে ৰাজ্য । আজি জুবিনবিহীন অসমৰ প্ৰথমটো দিন । সমগ্ৰ ৰাজ্যতে শোকৰ বন্যা বৈছে । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীও স্বতঃস্ফূৰ্তভাৱে স্তব্ধ হৈ পৰিছে । অনুৰাগীয়ে ঠায়ে ঠায়ে জুবিনৰ ফটোত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাইছে ।

লতাশিলত গুণমুগ্ধৰ অশ্ৰুসিক্ত নয়নেৰে প্ৰাণৰ শিল্পীক শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

আনহাতে, অনুৰাগীসকলে ওলাই আহি সমদল কৰিছে । ইপিনে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ মহানগৰীৰ বিভিন্ন স্থানৰ পৰা শুকুৰবাৰে সন্ধিয়াৰ পৰা আবাল-বৃদ্ধ-বণিতা লতাশিল খেলপথাৰলৈ ওলাই আহি হিয়াৰ আমঠু জুবিনলৈ পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনাই অনুৰাগীসকল উচুপি উঠিছে । কোনেও মানি ল'ব পৰা নাই মৰমৰ শিল্পীগৰাকী যে আমাৰ মাজত নাই ।

ইফালে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰিছে অনুৰাগীয়ে । আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, "খবৰটো আমি যেতিয়া শুনিছিলোঁ ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ খবৰটো যাতে মিছা হওক । অৱশেষত অসহনীয় খবৰটো আহিল । মানি ল'ব নোৱৰা এটা বাতৰি । জুবিন গাৰ্গ আমাৰ মাজত নাই, কেনেকে মানি ল'ব । জুবিন নাই ভাবিবয়ে নোৱাৰিব । সন্ধিয়া লতাশিলত সকলোৱে লগ হ'লোঁ ।"

তেওঁ লগতে কয়, "জুবিনৰ গান শুনিবলৈ নহয়, ফুলপাহ দিবলৈ একত্ৰিত হৈছোঁ । কিমান মৰ্মান্তিক ঘটনা । সন্ধিয়াৰ পৰা ৰাতিপুৱালৈ ৰাইজ আহি আছে । আজি পুৱাৰে পৰা ৰাইজৰ লানি নিছিগা সোঁত বৈছে । সহ্য কৰিব নোৱৰা কথা । সোণালী কণ্ঠ আৰু সম্পদ হেৰুৱালোঁ ।"

Zubeen Garg
লতাশিলত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি (ETV Bharat Assam)

জুবিনৰ অৱদানৰ প্ৰসংগ উল্লেখ কৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, "শংকৰ-মাধৱ গুৰু দুজনাৰ আদৰ্শৰে সমাজ পৰিচালিত হৈ আছে । এই গুৰু দুজনাৰ পিছত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ভূপেন হাজৰিকাৰ অৱদান উল্লেখযোগ্য । ভূপেনদাৰ পিছত নতুন প্ৰজন্মক মাটিৰ গোন্ধ থকা, শিপাৰ লগত সংযুক্ত সংস্কৃতিৰ পথাৰত আগবাঢ়ি যোৱাৰ পৰিৱেশ দিছিল জুবিন গাৰ্গে । নতুন প্ৰজন্মৰক অসমীয়া গীত-মাতেৰে আগুৱাই নিয়াৰ নেতৃত্ব লৈছিল জুবিন গাৰ্গে । সেই জুবিন আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল । ক'বলৈ ভাষা নাই । হিয়া ভাগি যোৱা কথা । জুবিনক ফুল দি শ্ৰদ্ধাঞ্জলি জনাব লাগিব, এইটো ভাবিব নোৱৰা কথা ।"

আনহাতে, জুবিনৰ মৃত্যুক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত তেওঁ কয়, "জুবিনৰ মৃত্যুক লৈ ৰাইজে যি অভিযোগ আনিছে এই অভিযোগৰ লগত আমিও একমত । আমাৰ সকলোৰে কথা এইটো । সেইবোৰ প্ৰশ্ন আমাৰ মনৰো প্ৰশ্ন । মুখ্যমন্ত্ৰীয়ে কৈছে তদন্ত হ'ব । তদন্তৰ আওতাত সকলোকে লোৱা হ'ব । আমিও বিচাৰিছোঁ তদন্ত হ'ব লাগে । যাৰ নাম ওলাইছে সকলোকে সাঙুৰিব লাগে । পানী নসৰকাবিধৰ তদন্ত হ'ব লাগে ।"

লগতে পঢ়ক :দেওবাৰে পুৱা ৬-৭ বজাৰ ভিতৰত গুৱাহাটী পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ: মুখ্যমন্ত্ৰী
লগতে পঢ়ক :জুবিন যুগৰ যৱনিকা ! শ্যামকানু-সিদ্ধাৰ্থৰ তদন্তৰ ভাৰ চি আই ডিলৈ; তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা
Last Updated : September 20, 2025 at 5:16 PM IST