গুৱাহাটী: "আমি হিতাধিকাৰী সৰ্বস্ব এটা জাতি হ'বলৈ গৈ আছোঁ... আমি এনে এটা জাতি গঢ়িবলৈ গৈ আছোঁ, যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে ।” ন-বহাগৰ উখল-মাখল পৰিৱেশৰ মাজতেই অসমীয়া জাতিৰ অৰ্থনৈতিক ভৱিষ্যতক লৈ উদ্বিগ্নতা সদৌ অসম ছাত্ৰ সন্থাৰ ।
অসমীয়া জাতিৰ আয়ুস ৰেখা ৰঙালী বিহুৰ গৰুবিহুৰ দিনা ৰাজ্যবাসীলৈ সতৰ্কবাণী সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ । সোমবাৰে গৰুবিহুৰ দিনাখন গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত এইবাৰৰ আছুৰ মুকলি বিহুতলিৰ পৰা অসমবাসীলৈ সতৰ্কবাণী আছুৰ সভাপতিগৰাকীৰ ।
ৰাজ্য চৰকাৰে হিতাধিকাৰী আঁচনি সৰ্বস্ব উন্নয়নৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰা বুলি ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দল তথা আন সচেতন মহলৰ সমালোচনাৰ মাজতে অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন আছুৰ সভাপতি উৎপল শৰ্মাই বিহুৰ দিনা কৰা এই ৰাজহুৱা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।
“আমি হিতাধিকাৰী সৰ্বস্ব এটা জাতি হ'বলৈ গৈ আছোঁ । বিহুৰ সৈতে আমাৰ উৰ্বৰা শক্তি, আমাৰ কৃষ্টিৰ সম্পৰ্ক আছে, তেনে প্ৰেক্ষাপটত আমি এনে এটা জাতি গঢ়িবলৈ গৈ আছোঁ, যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে । আমি কাৰোবাক পইচা দিয়াত বেয়া নাপাওঁ, কিন্তু হাতে হাতে কাম দি কামৰ বিনিময়ত পইচা দিয়ক ।” জজ খেলপথাৰত অনুষ্ঠিত আছুৰ মুকলি বিহু অনুষ্ঠানত ৰাজ্যবাসীক উদ্দেশ্যি আছুৰ সভাপতি উৎপল শৰ্মাৰ নিজৰ ভাষণত এই মন্তব্য ।
বিশ্বৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অসমৰ বিহুও সন্নিৱিষ্ট কৰাৰ দাবী
আনহাতে, জজ খেলপথাৰৰ পৰাই বিহুক ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰূপে স্বীকৃতি দিবৰ বাবে পদক্ষেপ ল’বলৈ চৰকাৰৰ প্ৰতি দাবী উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই । আছুৰ সভাপতি উৎপল শৰ্মাৰ দাবী, “আমি বিহুতলীৰ পৰাই চৰকাৰক দাবী জনাওঁ যে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে যাতে ইউনেস্ক’ৰ 'ইনটেনজিবল কালচাৰেল হেৰিটেজ'ৰ তালিকাত অসমৰ বিহুও সন্নিৱিষ্ট হ’ব লাগে ।”
উল্লেখ্য যে ভাৰতৰ আন আন অংগৰাজ্য যেনে উত্তৰ প্ৰদেশৰ কুম্ভমেলা, গুজৰাটৰ গৰ্বা নৃত্য, দুৰ্গাপূজাৰ লগতে যোগ আদি 'UNSECO List of Intangible Cultural Haritage'-ৰ তালিকাত স্বীকৃতি লাভ কৰি বিশ্ব ঐতিহ্যৰ মৰ্যাদা লাভ কৰিছে ৷ এই প্ৰসংগ উত্থাপন কৰি আছুৰ সভাপতিগৰাকীয়ে লগতে উল্লেখ কৰে, “UNSECO List of Intangible Cultural Haritage-ৰ তালিকাত অসমৰ বিহুক অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে । কাৰণ গুজৰাটৰ গৰ্বা নৃত্য যদি তাত অন্তৰ্ভুক্ত হ’ব পাৰে, মহাকুম্ভ মেলা যদি তাৰ অংশ হ’ব পাৰে, তেতিয়াহ’লে আমাৰ বাপতিসাহোন বিহুটি, অসমৰ ভাওনা সংস্কৃতি বিশ্ব সাংস্কৃতিক ঐতিহ্যৰ অংশ হোৱাত কোনো বাধা থাকিব নোৱাৰে ৷ সেয়ে চৰকাৰক এইক্ষেত্ৰত পদক্ষেপ ল’বলৈ আমি আহ্বান জনাইছোঁ ।”
আনহাতে, অসমৰে বিশ্ববিদ্যালয়ত বিহু এলাগী হোৱাৰ এই প্ৰসংগত উদ্বিগ্নতা প্ৰকাশ কৰি আছুৰ সভাপতি উৎপল শৰ্মাই বিহুতলীৰ পৰাই অসমবাসীক উদ্দেশ্যি কয়, “আমি পাতিব লাগিছিল ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যৰ কথা, আমি পাতিবলগীয়া হৈছে অসমতে বিশ্ববিদ্যালয়ত বিহুৰ বন্ধ দিছেনে নাই সেই কথা ৷ কিমান দুৰ্ভাগ্যজনক কথা এয়া জাতিটোৰ কাৰণে ?"
"বিহু কেৱল সংস্কৃতিৰ সৈতেহে যে জড়িত হৈ আছে এনে নহয় ৷ বিহুৰ লগত অসমৰ সংস্কৃতি জড়িত হৈ আছে । বিহুৰ লগত কৃষকৰ সম্পৰ্ক আছে ৷ অসমৰ শিপিনীৰ সম্পৰ্ক আছে, কৃষকৰ ভঁৰালৰ সম্পৰ্ক আছে । আমি বিহুত আগবঢ়াই দিয়া বিহুৱানখন অসমীয়া শিপিনীৰ তাঁতশালৰ ন'হৈ যদি হায়দৰাবাদ বা মাদ্ৰাজ নাইবা আন কৰ’বাৰ পৰা অহা বিজতৰীয়া গলবস্ত্ৰ হয়, তেন্তে ইয়াৰ ফলত কেৱল আমাৰ সংস্কৃতিৰেই ক্ষতি হ’ব এনে নহয়, আমাৰ জাতিটোৰ অৰ্থনীতিৰো ক্ষতি হ’ব ।” আছুৰ সভাপতিগৰাকীয়ে কয় ।
লগতে তেওঁৰ মন্তব্য, “আমাৰ নাচনীৰ খোপাৰ কপৌফুলপাহ অসমৰ বাৰীৰ ন'হৈ যদি কলকাতাৰ ক’ৰবাত কোম্পানীত হোৱা অৰ্কিড বাগিচাত হোৱা কপৌফুল ১০০ টকাত কিনিবলগীয়া হয়, তেন্তে আমাৰ জাতিটোৰ অৰ্থনীতিৰো ক্ষতি হ’ব ৷ সেইবোৰ ব'হাগতে ভাবিব লাগিব ।”
ইয়াৰ উপৰি অসমীয়া সমাজত সামাজিক মাধ্যমৰ অপব্যৱহাৰক লৈয়ো উদ্বিগ্ন হৈ বিহুতলীৰ পৰাই জাতিক সতৰ্ক হ’বলৈ আহ্বান জনাই আছুৰ সভাপতিগৰাকীয়ে । অসমীয়া সমাজৰ বিয়া আদিতো আন আন সংস্কৃতিৰ প্ৰভাৱ পৰা বিষয়টোৰ প্ৰতিও সচেতন হ’বলৈ আহ্বান জনাই আছুৰ সভাপতিগৰাকীয়ে ।