ETV Bharat / state

মাতৃহাৰা হ’ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচার্য

সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ড৹ সমুজ্জ্বল ভট্টাচার্যৰ মাতৃ বীণা ভট্টাচার্যই ।

AASU Chief Samujjal Bhattacharjya's Mother Passes Away
ড৹ সমুজ্জ্বল ভট্টাচার্যৰ মাতৃ বীণা ভট্টাচার্য (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 24, 2025 at 11:05 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : মাতৃহাৰা হ'ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচার্য । অসম আন্দোলনৰ সক্রিয় কর্মী, গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ নিৱাসী সৰবৰহী, সমাজ-সচেতন মহিলা বীণা ভট্টাচার্য আৰু নাই । বার্ধক্যজনিত কাৰণত ৯৫ বছৰ বয়সত ইহলীলা ত্যাগ কৰে বীণা ভট্টাচার্যই ।

গুৱাহাটীৰ জটিয়াৰ শিৱশক্তি পথত থকা জী-জোঁৱাইৰ ঘৰত সোমবাৰে নিশা ১১ বাজি ১২ মিনিটত বীণা ভট্টাচার্যই শেষ নিশ্বাস ত্যাগ কৰে । ১৯৩০ চনৰ ৩ অক্টোবৰত জন্মগ্রহণ কৰা বীণা ভট্টাচার্যই ডিব্ৰুগড় মিশ্যনেৰী স্কুল, গোৱালপাৰাৰ স্কুল, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু তেজপুৰৰ দৰং মহাবিদ্যালয়ত শিক্ষাগ্রহণ কৰিছিল ।

প্রখ্যাত বাসেজ বংশৰ সন্তান বীণা ভট্টাচার্যৰ পিতৃৰ নাম আনন্দেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম কনকলতা বৰুৱা । দৰং মহাবিদ্যালয়ত পঢ়ি থাকোতেই তেওঁ সীতাংশু ভট্টাচার্যৰ সৈতে বিবাহপাশত আৱদ্ধ হয় । ৰাজ্যৰ গড়কাপ্টানী বিভাগৰ ভূতপূর্ব অভিযন্তা তথা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী ‘‘ফিজিকেল প্লেন্ট’’ সঞ্চালক সীতাংশু ভট্টাচার্যৰ প্রায় ২৫ বছৰ পূর্বে মৃত্যু হয় ।

কম বয়সতেই দেশৰ স্বাধীনতা আন্দোলনত ভাগ লোৱা বীণা ভট্টাচার্যই মহাত্মা গান্ধী অসমলৈ আহোঁতে স্বেচ্ছাসেৱকৰ দায়িত্ব পালন কৰিছিল । বীণা ভট্টাচার্যৰ জ্যেষ্ঠ পুত্র, অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ প্রাক্তন সঞ্চালক প্রাঞ্জল ভট্টাচাৰ্যই কেইবছৰমানৰ পূর্বে ইহসংসাৰ ত্যাগ কৰে ।

AASU Chief Samujjal Bhattacharjya's Mother Passes Away
ড৹ সমুজ্জ্বল ভট্টাচার্যৰ মাতৃ বীণা ভট্টাচার্য (ETV Bharat)

দ্বিতীয় পুত্র উজ্জ্বল ভট্টাচার্য ৰিজার্ভ বেংক অব ইণ্ডিয়াৰ প্ৰাক্তন অতিৰিক্ত মহাপ্রবন্ধক । একমাত্র কন্যা কবিতা ভট্টাচাৰ্য অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ প্রাক্তন উপ-সঞ্চালক । সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তেখেতৰ চতুর্থ সন্তান ।

তেওঁৰ কনিষ্ঠ সন্তান বিভূজ্জ্বল ভট্টাচার্য ৰাষ্ট্ৰীয় তথ্য পৰিষদৰ (এন.আই.চি.) তথ্য-প্রযুক্তি সঞ্চালক । বীনা ভট্টাচার্যৰ জোৱায়েক ডাঃ উমেশ চন্দ্র শর্মা ৰাজ্যৰ প্রাক্তন স্বাস্থ্যশিক্ষা সঞ্চালক তথা শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠাপক উপাচার্য ।

মৃত্যুৰ সময়ত বীণা ভট্টাচার্যই পুত্ৰ বোৱাৰী, জীয়াৰী জোৱাই, নাতি-নাতিনী, আজোনাতি তথা বহু আত্মীয়-স্বজনৰ উপৰি অসংখ্য গুণমুগ্ধক এৰি থৈ যায় ।

অভিনয় আৰু নাট্যকলাৰ উপৰি বিয়ানাম আৰু গোঁসাই নামকে ধৰি লোকসংস্কৃতিৰ চর্চাত নীৰবে ব্রতী হৈ থকা বীণা ভট্টাচাৰ্যৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই সৰবৰহী মহিলাগৰাকীক শেষ শ্রদ্ধা জনাবলৈ জটিয়াস্থিত বাসগৃহলৈ গুণমুগ্ধৰ সোঁত বয় ।

মঙলবাৰে পুৱা বীণা ভট্টাচার্যৰ নশ্বৰ দেহ দক্ষিণ শৰণীয়াৰ নিজ বাসভৱনলৈ অনা হয় । তাতেই বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্রতিষ্ঠানৰ প্ৰতিনিধিৰ উপৰি বহু বিশিষ্ট ব্যক্তি আৰু অজস্র গুণমুগ্ধই বীণ ভট্টাচার্যক শেষ শ্রদ্ধা জ্ঞাপন কৰে । গুৱাহাটীৰ নৱগ্রহ শ্মশানত অসংখ্য অনুৰাগী আৰু গুণমুগ্ধৰ উপস্থিতিত বীণা ভট্টাচাৰ্যৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ'ব ।

অসমৰ জাতীয় জীৱনৰ বহু ঘটনাৰ সাক্ষী বীণা ভট্টাচার্য আছিল সদৌ অসম ছাত্ৰ সন্থাৰ লাখ লাখ কর্মীৰ বাবে মাতৃস্বৰূপা । অসমৰ জাতীয়তাবাদী শিবিৰৰ বাবেও তেখেত আছিল অভিভাৱকস্বৰূপ । তেখেতৰ মৃত্যুত সদৌ অসম ছাত্র সন্থাই হেৰুৱালে এগৰাকী সদাসক্রিয় অভিভাৱকক । গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত বীণা ভট্টাচাৰ্যৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে ।

ইফালে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই এক্সত পোষ্ট কৰি কয়, ‘‘যোৱা নিশা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹@SamujjalBhatta ডাঙৰীয়াৰ শ্ৰদ্ধাৰ মাতৃ বীণা ভট্টাচাৰ্য ডাঙৰীয়ানীয়ে ইহলীলা সম্বৰণ কৰে ৷ সদ্যপ্ৰয়াত আইগৰাকীৰ বিয়োগত অতিশয় মৰ্মাহত হৈছো ৷ তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷’’

লগতে পঢ়ক : লোকবিশ্বাস, ৰহস্য আৰু ভ্ৰান্ত ধাৰণা: কামাখ্যা মন্দিৰ সন্দৰ্ভত অন্ধবিশ্বাসৰ উন্মোচন