নলবাৰী: নলবাৰীৰ একাংশ জ্যেষ্ঠ, অভিজ্ঞ, সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিক পহিলা ব'হাগৰ দিনটোতেই নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই বিহুৱান যাচি বিচাৰিলে আশিস । প্ৰতি বছৰৰ দৰে এইবেলিও পহিলা ব'হাগৰ দিনা অৰ্থাৎ মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে নলবাৰী শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত হয় 'নাচিব লাগিব ব'হাগ বিহু বুলি' শীৰ্ষক মুকলি বিহু অনুষ্ঠান ।
থেছপিয়ান গোষ্ঠীয়ে মুহিলে ৰাইজক :
পহিলা ব'হাগৰ দিনটোত নলবাৰী আঞ্চলিক ছাত্র সন্থা আৰু নলবাৰী নগৰ উন্নতি সভাই প্ৰতিবছৰে পালন কৰি আহিছে এই মুকলি বিহু । মঙলবাৰে পুৱা সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলনেৰে মুকলি বিহুৰ অনুষ্ঠানটোৰ পাতনি মেলে শ্বহীদ ভৱন বাকৰিত ।

ইয়াৰ পিছতে কেইবাটাও দলে বিহুনৃত্য প্ৰদৰ্শন কৰে । অনুষ্ঠানটোৰ মাজে মাজে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । এই সমগ্ৰ অনুষ্ঠানটোৰ প্ৰধান আকৰ্ষণ আছিল তেজপুৰৰ "থেছপিয়ান গোষ্ঠী" ৷ দলটোৱে পৰিৱেশন কৰা অনুষ্ঠানে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷ থলুৱা বাদ্যযন্ত্ৰ পৰিৱেশনেৰে দলটোৱে বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰে ।
মঙলবাৰৰ পহিলা ব'হাগৰ এই মুকলি বিহু অনুষ্ঠানত ৰাজ্যৰ অভিনয় জগতৰ পৰা চিকিৎসা জগতলৈ, ছাত্রনেতাৰ পৰা সমাজ জীৱনলৈ ব্ৰতী হৈ থকা কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।

এই সন্দৰ্ভত নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ এগৰাকী বিষয়ববীয়াই কয়, "ৰাইজৰ সহায়-সহযোগিতাত প্ৰতিবছৰে এনেদৰে অনুষ্ঠানটোৰ আয়োজন কৰি অহা হৈছে । ৰাইজে দিয়া সাহস আৰু সহযোগিতাৰে ভৱিষ্য়তেও এনে অনুষ্ঠানৰ আয়োজন কৰিবলৈ সক্ষম হম ।" শেষত সকলোৱে মিলি বিহুগীত জুৰি এপাক নাচি ৰঙালীৰ সাদৰ সম্ভাষণ জনাই অসমবাসীক ।