গুৱাহাটী: অসমক ড্রাগছমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি মঙলবাৰে সদৌ অসম ছাত্র সন্থা, অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত ড্ৰাগছ বিৰোধী সজাগতা সমদল উলিওৱা হয় । সেই অনুসৰি সদৌ কামৰূপ (ম) জিলা ছাত্ৰ সন্থা, কামৰূপ (ম) জিলা উন্নতি সভা আৰু অসম সেনাৰ কামৰূপ (ম) জিলা সমিতিয়েও গুৱাহাটীৰ উজান বজাৰৰ শ্বহীদ ন্যাসৰ পৰা সজাগতা সমদল উলিয়ায় ।
ড্রাগছৰ ব্যাপক প্রচলন চিন্তনীয় বিষয় :
সমদলকাৰীসকলে 'ড্ৰাগছৰ প্ৰচলন বন্ধ কৰক', 'ড্ৰাগছ সেৱন বন্ধ কৰক', 'ড্ৰাগছৰ সৈতে জড়িত লোকক কঠোৰ শাস্তি প্ৰদান কৰক' আদি শ্লোগান দি হাতে হাতে বেনাৰ- প্লে-কাৰ্ড লৈ উলিয়াই এক সজাগতা সমদল । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা তথা অসম উন্নতি সভাৰ সভাপতি ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় ," অসমত ড্রাগছৰ ব্যাপক প্রচলন চিন্তনীয় বিষয় হৈ পৰিছে । ড্রাগছৰ কবলত পৰি নতুন প্রজন্মৰ একাংশ ধ্বংসৰ মুখলৈ গতি কৰিছে । ই অসমৰ অন্ধকাৰ ভৱিষ্যতৰ ইংগিত কঢ়িয়াই আনিছে । এনে পৰিস্থিতিৰ সম্মুখীন হোবা পৰিয়ালত সাংসাৰিক অশান্তি তথা অনিশ্চয়তাৰ সৃষ্টি হৈছে । পিতৃ-মাতৃ আৰু পৰিয়াল মানসিক দুঃচিন্তাত পৰিছে । অপৰাধজনিত ঘটনা সংঘটিত হ'বলৈ ধৰিছে । ড্রাগছে অসমৰ সামাজিক,অর্থনৈতিক কাঠামো ভাঙি চুৰমাৰ কৰি পেলাব । অসম চৰকাৰে ৰাজ্যখনত ফলপ্রসু ড্রাগছ বিৰোধী অভিযান চলাব লাগিব । ড্রাগছ যোগানকাৰীসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্রদান কৰিব লাগিব ।"

অসমলৈ ড্রাগছ অহাৰ উৎস নিঃশেষ কৰিব লাগিব :
আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে লগতে কয়, "অসমলৈ ড্রাগছ অহাৰ উৎস আৰু ড্রাগছ অহাৰ বাট নিঃশেষ কৰিব লাগিব । অসমৰ নতুন প্রজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অসমৰ সমাজ জীৱনেও ড্রাগছৰ বিৰুদ্ধে জাগ্রত ভূমিকা ল'ব লাগিব । সামাজিক অনুষ্ঠানসমূহে ড্রাগছৰ বিৰুদ্ধে সক্রিয় কার্যসূচী গ্রহণ কৰাৰ প্রয়োজন আহি পৰিছে । ড্রাগছ বিৰোধী সজাগতা অভিযানত ছাত্র সন্থাই অসমৰ মাতৃসমাজ, মহিলা সংগঠন আৰু শিক্ষক সমাজ, শিক্ষক সংগঠনৰ অভিভাবকত্ব বিচাৰিছো । অসমৰ চুবুৰীয়ে-চুবুৰীয়ে, গাঁৱে-গাঁৱে, চহৰে-নগৰে ড্রাগছ বিৰোধী সজাগতা অভিযানৰ সুনির্দিষ্ট পদক্ষেপ গ্রহণৰ প্রয়োজন আহি পৰিছে ।"
অসম ড্রাগছমুক্ত হ'বই লাগিব :
আছুৰ সভাপতি উৎপল শর্মাই এই সন্দৰ্ভত কয়, "ড্ৰাগছে অসমত সামাজিক ব্যাধিৰ ৰূপ লৈছে । ড্ৰাগছৰ কবলত পৰি নতুন প্রজন্মৰ একাংশই ধ্বংসৰ মুখলৈ গতি কৰিছে । ই অসমৰ অন্ধকাৰ ভৱিষ্যতৰ ইংগিত কঢ়িয়াই আনিছে । ড্রাগছে অসমৰ সামাজিক, অর্থনৈতিক কাঠামো ভাঙি চুৰমাৰ কৰি পেলাব । এনে পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যখনত অবিৰত ফলপ্ৰসু ড্রাগছ বিৰোধী অভিযান চলোৱাৰ লগতে ড্রাগছ যোগানকাৰীসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্রদান কৰিব লাগিব । অসমলৈ ড্ৰাগছ অহাৰ উৎস আৰু ড্রাগছ অহাৰ বাট নিঃশেষ কৰি পেলাব লাগিব । অসম ড্রাগছমুক্ত হ'বই লাগিব ।"