ETV Bharat / state

১৪ৰ পৰা ২৩ অক্টেবৰলৈ আছুৰ বিক্ষোভ : জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ৰাজ্যজুৰি কেইবাটাও কাৰ্যসূচী ঘোষণা

আছুৱে ১৪ অক্টোবৰত অৱস্থান বিক্ষোভ, ১৯ অক্টোবৰত বন্তি প্রজ্বলন, ২৩ অক্টেবৰত ন্যায় সমদলৰ আহ্বান জনাইছে ।

AASU Announces Series of Statewide Programs Demanding Justice for Zubeen Garg
জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ৰাজ্যজুৰি কেইবাটাও কাৰ্যসূচী ঘোষণা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 10:22 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি কেইবাটাও কাৰ্যসূচী ঘোষণা কৰিছে । সেই অনুসৰি, ১৪ অক্টোবত সমগ্র অসমৰ প্ৰতিখন জিলাৰ সদৰৰ ৰাজহুৱা স্থানত অৱস্থান কৰি বিক্ষোভ প্রদর্শন কৰা হ'ব । ১৯ অক্টোবৰত সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্র সন্থাই নিজ নিজ অঞ্চলৰ ৰাজহুৱা স্থানত সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতিচ্ছবিত বস্তি প্রজ্বলন কৰিব, ২৩ অক্টোবৰত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰত ন্যায় সমদল কৰা হ'ব ।

এই কার্যসূচী ৰূপায়ণৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্রদানৰ দাবী শান্তিপূর্ণভাৱে উত্থাপন কৰা হ'ব । ছাত্র সন্থাৰ স্পষ্ট দাবী, প্রাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্রদান কৰিবই লাগিব, প্ৰাণৰ শিল্পী জুবিন গর্গে ন্যায় পাবই লাগিব, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাৰ তদন্ত ক্ষিপ্ৰ আৰু পানী নসৰকা হ'ব লাগিব, প্রতিজন দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবই লাগিব, অসম চৰকাৰে সাক্ষ্য প্ৰমাণৰ সৈতে দোষীৰ বিৰুদ্ধে কটকটীয়া চার্জশ্বীট প্রস্তুত কৰিব লাগিব, যাতে আইনৰ সুৰুঙাৰে দোষী সাবি যাব নোৱাৰে ।

অসম চৰকাৰে এই বিষয়ত নিশ্চিত ব্যৱস্থা গ্রহণ কৰিব লাগিব । ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এক প্ৰেছ বিবৃতিযোগে কয়, ''শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰ গোস্বামীকে ধৰি কেইবাজনক গ্রেপ্তাৰ কৰা হৈছে । এওঁলোকৰ লগতে জুবিন গাৰ্গৰ যতনৰ সৈতে জড়িত দলটোৰ আন সদস্যসকল, ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিসকল সদস্যই য়টত হাঁহি-খিকিন্দালি কৰি শেষ পৰিস্থিতি চাই আছিল, তেওঁলোকৰ চূড়ান্ত গাফিলতি, কাণ্ডজ্ঞানহীনতাৰ বাবে অসমৰ জনাসাধাৰণে অসমৰ জাতীয় সম্পদ জুবিন গাৰ্গক হেৰুৱালে । ই এক অক্ষমনীয় অপৰাধ । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ আঁৰত পৰিকল্পিত ষড়যন্ত্ৰৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । সেয়ে তদন্ত ক্ষিপ্র, পানী নসৰকা হ'বই লাগিব । প্রকৃত সত্য অসমৰ জনসাধাৰণে জানিব লাগিব । দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবই লাগিব ।''

তেওঁলোকে লগতে কয়, ''ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ যিসকল সদস্য য়টত আছিল আজিলৈকে অসম চৰকাৰে অসমলৈ আনিব নোৱাৰাটো আচৰ্যকৰ কথা । দিছপুৰ আৰু দিল্লীত ডাবল ইঞ্জিনৰ চৰকাৰ । ডাবল ইঞ্জিন চৰকাৰৰ শক্তি এতিয়া ক'ত গ'ল ? ডাবল ইঞ্জিন চৰকাৰ থাকোতে ছিংগাপুৰৰ অসমীয়া কেইজনক অসমলৈ আনিব পাৰিব লাগিব । চৰকাৰ কঠোৰ হওক । তেওঁলোকক অসমলৈ অনাৰ ব্যৱস্থা কৰক । সহযোগ নকৰা সকলক চোঁচৰাই অনাৰ ব্যৱস্থা কৰক । তদন্তত সহযোগ নকৰা সকলক পাচপর্ট বাতিলকে ধৰি সকলো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক ।''

''আনহাতে অর্থনৈতিক অপৰাধৰ কেইবাটাও বিষয় উত্থাপিত হৈছে । প্ৰতিটো কথাৰ তদন্ত কৰি দোষীক শাস্তি দিব লাগিব । অন্যহাতেদি জুবিন গাৰ্গৰ সম্পত্তিৰ বিষয়টো জুবিন গাৰ্গৰ পৰিয়ালৰ একান্ত ব্যক্তিগত বিষয় । কিন্তু ছাত্ৰ সস্থা আৰু অসমৰ জনসাধাৰণে জুনিব গাৰ্গৰ সকলো স্থাৱৰ, অস্থাৱৰ আৰু বৌদ্ধিক সম্পত্তিৰ গৰাকী তেখেতৰ পত্নী গৰিমা গাৰ্গ আৰু পৰিয়ালবর্গ হোৱাটো বিচাৰে । প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় পাবই লাগিব । ন্যায় নোপোৱালৈকে ছাত্র সন্থা ক্ষান্ত নহয় ।''

লগতে পঢ়ক : নোৱাৰিলে পদত্যাগ কৰক মুখ্যমন্ত্ৰীয়ে, ৰাইজে উলিয়াই ল’ব জুবিন গাৰ্গৰ ন্যায় : ৰকিবুল হুছেইন

লগতে পঢ়ক : জুবিন গাৰ্গৰ সমাধিক্ষেত্রত লগুণ ছিঙা কাৰ্যৰ ব্যাপক প্ৰতিক্ৰিয়া : কি ক'লে মন্ত্রী পীযুষ হাজৰীকাই