ভৰিৰে মোহাৰিলে প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ ছবি, অনশনস্থলীৰ পৰাই দিলে হুংকাৰ
ৰাজপথত প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি গচকি, জ্বলাই প্ৰতিবাদ কৃষক মুক্তিৰ । অনশনৰ মজিয়াৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা আছুৰ ।

Published : September 4, 2025 at 3:49 PM IST
যোৰহাট: হিন্দুকে ধৰি ৬ টা ধৰ্মৰ বা ধৰ্মীয় বিভাজনৰ বলি হৈ ভাৰতত আশ্ৰয় বিচৰা বিদেশী লোকক ভাৰতত নাগৰিকত্ব দিয়াক লৈ কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত ৷ ২০১৪ চন নহয়, এতিয়া ২০২৪ লৈকে অহা হিন্দু বাংলাদেশীকে ধৰি তিনিখন দেশৰ নাগৰিকে পাব নাগৰিকত্ব । ধৰ্মীয় বিভাজনৰ বলি হৈ ৩ দেশৰ ৬ টা ধৰ্মৰ আশ্ৰয় বিচৰা বিদেশী লোকক ভাৰতত নাগৰিকত্বৰ আবেদনৰ ভিত্তিবৰ্ষৰ সীমা ১০ বছৰ বৃদ্ধি কৰি কেন্দ্ৰীয় চৰকাৰে এক ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই অধিসূচনা অনুসৰি ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীয়েও পাব ভাৰতৰ নাগৰিকত্ব ।
কেন্দ্ৰীয় চৰকাৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে তীব্ৰ প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ লগতে সদৌ অসম ছাত্র সন্থাৰ । অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদী উৎখাত, অসম চুক্তি ৰূপায়ণেৰে অবৈধ প্ৰব্ৰজন সমস্যা স্বায়ী সমাধান, 'কা' আওতাৰ পৰা অসমক সম্পূণৰূপে আঁতৰাই ৰখা আদিৰ দাবীত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ১১ঘন্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে যোৰহাট জিলা ছাত্র সন্থাই ।
ইফালে 'কা' আইনৰ জৰিয়তে অসমৰ ওপৰত ধৰ্মৰ ভিত্তিত বিদেশী জাপি দিয়া কাৰ্যক প্ৰতিবাদ জনাই কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা পত্ৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিচ্ছবি ৰাজপথত ভৰিৰে গচকি আৰু জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

আনহাতে অনশনস্থলীৰ পৰাই যোৰহাট জিলা ছাত্র সন্থা সভাপতি প্ৰীতম শইকীয়াই কয়,"বৰ্তমান অসমত যিখন চৰকাৰ চলি আছে, সেইখন চৰকাৰে এফালে উচ্ছেদৰ কথা কয় আৰু আনফালে ধৰ্মৰ ভিত্তিত হিন্দু শৰণাৰ্থীক সংস্থাপন দিয়াৰ কথা কয় । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কালি যিখন অধিসূচনা জাৰি কৰিলে সেই অনুসৰি ২০১৪ ৰ পৰিৱৰ্তে ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা সকলো (মুছলমান বাদ দি) হিন্দু শৰণাৰ্থীয়ে নাগৰিকত্ব পাব ।"

তেওঁ লগতে কয়,"এই কাৰ্যক আমি গৰিহণা জনাইছোঁ, ইয়াক কোনো পধ্যে মানি ল'ব নোৱাৰি । কিদৰে আইনী প্ৰক্ৰিয়া চলাই যাব পাৰি সেয়া আছুৰ মজিয়াত আলোচনা চলিছে । লগতে 'কা' আইনৰ আইনী প্ৰক্ৰিয়া বৰ্তমান উচ্চতম ন্যায়ালয়ত চলি আছে ।" লগতে মুখ্যমন্ত্ৰীৰ দুমুখীয়া স্থিতিকো কঠোৰ ভাষাৰে সমালোচনা কৰে যোৰহাট জিলা আছুৰ সভাপতিগৰাকীয়ে ।

