ETV Bharat / state

তিনিচুকীয়াত পাঁচ মন্ত্ৰী-বিধায়কৰ বাসগৃহ ঘেৰাও আছাৰ, মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ - Adivasi Students Association - ADIVASI STUDENTS ASSOCIATION

AASA protest in Tinsukia : চাহ শ্ৰমিকৰ সমস্যা শীঘ্ৰে সমাধানৰ দাবীত তিনিচুকীয়াত মন্ত্ৰী-বিধায়কৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কৰিলে আছাই ৷ শীঘ্ৰেই সমস্যা সমাধান নকৰিলে আগন্তুক নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ প্ৰদান ৷

AASA protest in Tinsukia
তিনিচুকীয়াত পাঁচ মন্ত্ৰী-বিধায়কৰ বাসগৃহ ঘেৰাও আছাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 14, 2024 at 8:18 PM IST

2 Min Read

তিনিচুকীয়া, ১৪ ছেপ্টেম্বৰ : শনিবাৰে ঘেৰাও কৰা হ’ল তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাৰ বাসগৃহ ৷ বিধায়কগৰাকীৰ বাসগৃহ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ ‘আছা’ৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷

তিনিচুকীয়াত পাঁচ মন্ত্ৰী-বিধায়কৰ বাসগৃহ ঘেৰাও আছাৰ (ETV Bharat Assam)

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ ‘আছা’ৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডুমডুমা আঞ্চলিক সমিতিৰ সহযোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । আদিবাসীসকলক জনজাতিকৰণ, ভূমি পট্টা প্ৰদান কৰা, আদিবাসী জনগোষ্ঠীক স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ প্ৰতিবাদৰ পিছতো দাবী পূৰণ নহ’লে পঞ্চায়ত নিৰ্বাচনৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰে আছাই ৷

সমান্তৰালভাৱে তিনিচুকীয়াত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ বাসগৃহৰ সন্মুখত, ডিগবৈৰ টিংৰাইত বিধায়ক সুৰেণ ফুকনৰ বাসগৃহৰ সন্মুখত, মাকুমত বিধায়ক বলীন চেতিয়াৰ বাসগৃহৰ সন্মুখত আৰু মাৰ্ঘেৰিটাত বিধায়ক ভাস্কৰ শৰ্মাৰ বাসগৃহৰ সন্মুখতো আদিবাসী ছাত্ৰ সন্থা জিলা সমিতি আৰু স্থানীয় আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদৰ সময়ত বিজেপি লেই লেই-ছেই ছেই, আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰক, আদিবাসীসকলক মাটিৰ পট্টা প্ৰদান কৰক, আছা জিন্দাবাদ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক আদি বিভিন্ন শ্ল’গানেৰে জিলাখনৰ চৌদিশে আকাশ বতাহ মুখৰিত কৰি তোলে প্ৰতিবাদকাৰীসকলে । পৰৱৰ্তী সময়ত মন্ত্ৰী-বিধায়কসকলৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ পৃথকে পৃথকে একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আছাই ।

এগৰাকী প্ৰতিবাদকাৰী তথা আছা নেতাই কয়, "শাসনাধিষ্ঠ বিজেপি চৰকাৰে অসমত বাস কৰা আদিবাসীসকলক মিছা প্ৰতিশ্ৰুতি দি আহিছে ৷ সেয়া আমি আদিবাসী ছাত্ৰ সন্থাই সহ্য নকৰো ৷ অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সম্পাদক ৰূপেশ গোৱালাই শ্ৰমিকৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যিদৰে মাত মাতিব লাগিছিল তেনেকৈ মাত মতা আমি দেখা নাই ৷"

লগতে পঢ়ক : চাহ শ্ৰমিকৰ পূজা বোনাছক লৈ নিৰ্দেশনা, ১৫ ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব ঘোষণা

জনজাতিকৰণ, ভূমি পট্টা, মজুৰি বৃদ্ধিৰ দাবীৰে আছাৰ প্ৰতিবাদ

আৰক্ষীৰ বাধা নেওচি ওলাই আহিল হাজাৰ হাজাৰ চাহ-আদিবাসী, চৰকাৰক নিৰ্বাচনত প্ৰত্য়ুত্তৰ দিবলৈ সাজু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.