ETV Bharat / state

আৰণ্যকৰ WeForNature কাৰ্যসূচী আৰম্ভ

পৰিৱেশ পৰিচালনা, মানৱ কল্যাণৰ প্ৰসাৰৰ বাবে আৰণ্যকে WeForNature কাৰ্যসূচী আৰম্ভ কৰে ৷

Aaranyak launch WeForNature programme
আৰণ্যকৰ WeForNature কাৰ্যসূচী আৰম্ভ (ANI)
author img

By ANI

Published : November 18, 2024 at 10:13 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : দেওবাৰে গুৱাহাটীৰ গড়ভঙা আয়োজন কৰা হয় সংৰক্ষিত বনাঞ্চলত পক্ষী পৰ্যবেক্ষণ এক অনুষ্ঠান ৷ এই অনুষ্ঠানৰ জৰিয়তে অসম ভিত্তিক জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ‘WeForNature’ নামৰ এক বিশেষ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰে । অসম বন বিভাগৰ কামৰূপ পূব সংমণ্ডলৰ সহযোগত পক্ষী পৰ্যবেক্ষণ ১০১ (birdwatching 101) কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে, “WeForNature হৈছে আৰণ্যকৰ এক বিস্তৃত আউটৰিচ কাৰ্যসূচী (outreach programme), যাৰ লক্ষ্য হৈছে বিভিন্ন সংবাদ মাধ্যমৰ মঞ্চ, পদ্ধতি আৰু আনুষংগিক কাৰ্যসূচী ব্যৱহাৰ কৰি পৰিৱেশ পৰিচালনা আৰু মানৱ কল্যাণৰ সংস্কৃতিক প্ৰসাৰিত কৰিবলৈ মানুহক শিক্ষা দিয়া, সংগঠিত কৰা আৰু অধিক বহনক্ষম কাৰ্যকলাপত জড়িত কৰা ।”

Aaranyak launch WeForNature programme
আৰণ্যকৰ WeForNature কাৰ্যসূচী আৰম্ভ (ANI)
লগতে পঢ়ক : অৰুণাচলৰ পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুকলি পখিলা উদ্যান

এই কাৰ্যসূচীত উদয়ন বৰঠাকুৰ, প্ৰাঞ্জল মহানন্দ, দেৱীকা ৰাণী আৰু পাৰ্থ প্ৰতিমক দাসৰ লগতে এক্সপাৰ্টৰ নেতৃত্বত ৰাণী ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ ৰ’জী বৰাকে ধৰি ৯ জন বন বিষয়াৰ সৈতে সহযোগিতা কৰি অভিজ্ঞ চৰাই বিজ্ঞানীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ ২৭ গৰাকী প্ৰকৃতিপ্ৰেমীয়ে অংশগ্ৰহণ কৰে ৷ আৰণ্যকৰ আয়োজক বিষয়া প্ৰণৱ গোস্বামীয়ে আয়োজন কৰাৰ বিভিন্ন দিশৰ সমন্বয় কৰে ।

Aaranyak launch WeForNature programme
আৰণ্যকৰ WeForNature কাৰ্যসূচী (ANI)

আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী তথা সাংগঠনিক সম্পাদক উদয়ন বৰঠাকুৰে কয়, “WeForNature ৰ লক্ষ্য হৈছে মানুহক প্ৰকৃতিৰ সৈতে সংযোগ কৰা আৰু সমাজত পৰিৱেশ সচেতন ব্যক্তিৰ নেটৱৰ্ক গঢ়ি তোলা ।”

বৰঠাকুৰে লগতে কয় যে এই কাৰ্যসূচীৰ অধীনত আৰণ্যকে অন্যান্য প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্বৰে প্ৰকৃতি চোৱা, প্ৰকৃতি ফটোগ্ৰাফী, ইক’ টক আৰু সংৰক্ষণ আদিকে ধৰি কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰিব । (ANI)

লগতে পঢ়ক : মানাহত তিনিগুণ বৃদ্ধি ঢেঁকীয়াপতীয়াৰ সংখ্যা