ETV Bharat / state

হাতী এপৰ সুবিধা কি ? এই মোবাইল এপ্লিকেচশ্যৰ দ্বাৰা লাঘব হ’বনে হাতী-মানুহৰ সংঘাত ?

হাতী এপৰ জৰিয়তে মানুহ-হাতীৰ সংঘাত নিৰাময় ক্ষেত্ৰত আৰণ্যকৰ বিশেষ পদক্ষেপ ৷ পিছে কি এই হাতী এপ ?

HaatiApp to mitigate human-elephant conflict in Assam developed
হাতী এপ ব্যৱহাৰৰ প্ৰশিক্ষণ দিছে (AARANYAK)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 10:16 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : হাতী-মানুহৰ সংঘাতৰ দূৰ কৰাৰ বাবে আৰণ্যকৰ এক বিশেষ পদক্ষেপ ৷ প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে শেহতীয়াকৈ ওদালগুৰি জিলাৰ নুনাইপাৰা, সোনমোনি (কুমাৰপাৰা) পাহাৰপুৰ আৰু পাহৰপুৰ (পিপল চক) গাঁৱত মানুহ-হাতীৰ সংঘাতৰ বিষয়ে সজাগতা বৃদ্ধি কৰি (এইচ. ই. চি.) শান্তিপূৰ্ণ সহ-অৱস্থান উৎসাহিত কৰা আৰু সঘনাই হাতীৰ আক্ৰমণৰ প্ৰৱণতা থকা অঞ্চলসমূহত ব্যৱহাৰিক প্রশমন কৌশল প্ৰৱৰ্তন কৰাৰ এক কাৰ্যসূচী গ্ৰহণ ‌কৰিছে ।‌ অভিজিৎ শইকীয়া, মনদীপ বাসুমতৰী, অৰিন্দম শইকীয়া, জীৱন চেত্ৰী, দিবাকৰ নায়ক, বিকাশ তাছাৰে গঠিত আৰণ্যকৰ দলটোৱে এই প্ৰচাৰ অনুষ্ঠানসমূহৰ নেতৃত্ব দিছে ।‌

এই সন্দৰ্ভত আৰণ্যকৰ অভিজিৎ শইকীয়াই কয়, ‘‘এই কাৰ্যসূচীত হাতীৰ গতিবিধিৰ ৰিয়েল-টাইম ট্ৰেকিং আৰু এটা নিৰ্দিষ্ট স্থানত বনৰীয়া হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়া সতৰ্কবাণী জাৰি কৰাৰ বাবে ডিজাইন কৰা এটা মোবাইল এপ্লিকেচশ্যন HaatiApp ৰ প্ৰদৰ্শন‌ কৰা হৈছে । অংশগ্ৰহণকাৰীসকলক এই এপটো ব্যৱহাৰ কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে ।’’

HaatiApp to mitigate human-elephant conflict in Assam developed
হাতী এপ ব্যৱহাৰৰ সুবিধা বৰ্ণনা কৰিছে (AARANYAK)

কি এই হাতী এপ :

এই সন্দৰ্ভত আৰণ্যকৰ elephant research and conservation division ৰ উপ মুৰব্বী (Deputy head) হিতেন বৈশ্যয়ে কয়, ‘‘হাতী এপটো এণ্ড্ৰইড স্মাৰ্টফোনৰ বাবে ডিজাইন কৰা হৈছে । এই এপটোয়ে মানুহ-হাতীৰ সংঘাতৰ সৈতে সম্পৰ্কীত ঘটনাসমূহৰ এক মঞ্চ হিচাপে কাম কৰে । যেনে - শস্যৰ ক্ষতি, বনৰীয়া হাতীৰ ফলত হোৱা সম্পত্তিৰ ক্ষতি, হাতীৰ মুখামুখিৰ ফলত হোৱা আঘাত বা মৃত্যু আৰু বনৰীয়া হাতীক মানুহে ইচ্ছাকৃতভাৱে হত্যা কৰাৰ ঘটনা আদি ।’’

HaatiApp to mitigate human-elephant conflict in Assam developed
হাতী এপৰ সুবিধা বৰ্ণনা কৰিছে (AARANYAK)

‘‘স্থানীয় বাসিন্দা, বেচৰকাৰী সংগঠনৰ কৰ্মী আৰু গৱেষকৰ দৰে যিকোনো অংশীদাৰেও এই এপটোৰ জৰিয়তে তথ্য আপলোড কৰিব পাৰে, যিয়ে এক গুৰুত্বপূৰ্ণ ডাটাবেছ হিচাপে কাম কৰে ।’’ বৈশ্যয়ে কয় ৷

HaatiApp to mitigate human-elephant conflict in Assam developed
হাতী এপৰ বিষয়ে ৰাইজ অৱগত কৰিছে আৰণ্যকে (AARANYAK)

তেওঁ কয়, ‘‘এপটোৱে এককালীন ক্ষতিপূৰণ দাবী কৰাৰ বাবে স্থানীয় ভাষাত প্ৰ-পত্ৰ প্ৰদান কৰে । ই বিভিন্ন সঁজুলি ব্যৱহাৰ কৰি মানুহ-হাতীৰ সংঘাত কাৰ্যকৰীভাৱে হ্ৰাস কৰাৰ বাবে শৈক্ষিক সামগ্ৰীও আগবঢ়ায় । এপটোৰ এটা মুখ্য বৈশিষ্ট্য হ'ল ই ব্যৱহাৰকাৰীসকলক ইণ্টাৰনেট ব্যৱহাৰ নকৰাকৈ তথ্য দাখিল কৰিবলৈ অনুমতি দিয়ে; এবাৰ ইণ্টাৰনেট সংযোগ উপলব্ধ হ'লে, তথ্য স্বয়ংক্ৰিয়ভাৱে আপডেট কৰা হয় ।’’

HaatiApp to mitigate human-elephant conflict in Assam developed
হাতী এপ ব্যৱহাৰৰ প্ৰশিক্ষণ দিছে (AARANYAK)

‘‘এই এপটো বৰ্তমান অসম আৰু মেঘালয়ত ব্যৱহাৰ কৰা হৈছে ।‌ এবাৰ এপটোত হাতীটোৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছত, আমাৰ ফিল্ড টিমে ওচৰৰ গাঁওবাসীক সতৰ্ক কৰিবলৈ বিভিন্ন হোৱাটছএপ গ্ৰুপত বাৰ্তা প্ৰেৰণ কৰে‌ ৷’’ তেওঁ কয় ।

HaatiApp to mitigate human-elephant conflict in Assam developed
হাতী এপ ব্যৱহাৰৰ প্ৰশিক্ষণ দিছে (AARANYAK)

হিতেন বৈশ্যই লগতে কয়, ‘‘এই এপটো 2024 চনৰ 10 আগষ্টত মুকলি কৰা হৈছিল আৰু বৰ্তমান ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে, সেই সম্পৰ্কে অংশীদাৰসকলক বুজাই দিয়া হৈছে । আমি জনসাধাৰণৰ মাজত ক্ৰমান্বয়ে সজাগতা বৃদ্ধি হোৱাটো লক্ষ্য কৰিছো, কিয়নো জনসাধাৰণে ইয়াৰ ফলত তেওঁলোকৰ গাঁওসমূহৰ ওচৰত বিচৰণ কৰা হাতীৰ উপস্থিতিৰ বিষয়ে অৱগত কৰা হৈছে ।’’

HaatiApp to mitigate human-elephant conflict in Assam developed
হাতী এপৰ জৰিয়তে মানুহ-হাতীৰ সংঘাত নিৰাময় ক্ষেত্ৰত আৰণ্যকৰ বিশেষ পদক্ষেপ (AARANYAK)

লগতে পঢ়ক : সৌৰশক্তিচালিত ফেন্সিং আৰু লাইটেৰে হস্তী-মানৱ সংঘাত ৰোধৰ চেষ্টা

লগতে পঢ়ক : হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে যোৰহাট-ওদালগুৰিত সৌৰবেৰ স্থাপন