ETV Bharat / state

মুখ্যমন্ত্ৰী সাম্প্ৰদায়িক, হিটলাৰী শাসনেৰে উচ্ছেদ চলাইছে: লখিমপুৰত আমছুৰ গৰ্জন

উচ্ছেদৰ বিৰুদ্ধে দিছপুৰৰ পৰা দিল্লীলৈও বিয়পাই দিয়া হ'ব আন্দোলন । আমছুৰ সকীয়নি ।

AAMSU protest against eviction
উচ্ছেদৰ বিৰুদ্ধে লখিমপুৰত আমছুৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 12, 2025 at 4:30 PM IST

4 Min Read
Choose ETV Bharat

লখিমপুৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান । আনহাতে, এই উচ্ছেদ অভিযানক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে ক্ৰিয়া-প্ৰতিক্ৰিয়াও । লগতে ৰাজনৈতিক বাকযুদ্ধও তীব্ৰতৰ হৈ পৰিছে । তাৰ মাজতে শনিবাৰে আমছুৱে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত দিল্লী পৰ্যন্ত তেওঁলোকৰ আন্দোলন বিয়পাই দিয়া ৰ হুংকাৰ দিয়ে আমছুৰ নেতৃত্বই ।

চৰকাৰৰ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে চৰম পৰ্যায়ৰ আন্দোলন কৰাৰ হুংকাৰ দিছে আমছুৱে । "ৰাজ্য চৰকাৰে বিভিন্ন স্থানত অমানৱীয়ভাৱে উচ্ছেদ অভিযান চলাই আছে । উচ্ছেদ কৰি ৰাজপথত ৰাইজক মেলি দিয়া হৈছে । গৰু-ম'হৰ সৈতে উচ্ছেদিত লোকে বসবাস কৰিবলগীয়া হৈছে । মানৱ অধিকাৰ খৰ্ব কৰা হৈছে উচ্ছেদিত লোকৰ । তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ বাবে চৰম পৰ্যায়ৰ আন্দোলন গঢি তুলিব আমছুৱে ।" চৰকাৰক এই সকীয়নি সংখ্যা লঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ । লখিমপুৰৰ পৰা শনিবাৰে আমছুৰ নেতৃত্বই চৰকাৰক এই সকীয়নি দিয়ে ।

উচ্ছেদৰ বিৰুদ্ধে লখিমপুৰত আমছুৰ প্ৰতিবাদ (ETV Bharat Assam)

উল্লেখ্য যে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে শনিবাৰে ৰাজ্যজুৰি আমছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । তাৰ অংশ হিচাপে লখিমপুৰতো আমছুৰ জিলা সমিতিয়ে প্ৰতিবাদী সমদল আৰু ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে । টাউন বৰ মছজিদৰ পৰা আয়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি আয়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা দিয়াৰ বাবে আমছুৱে প্ৰস্তুতি কৰিছিল যদিও আৰক্ষীয়ে সমদলত বাধা দিয়ে ।

ইফালে সমদলত বাধা লাভ কৰি মছজিদৰ সন্মুখতে আমছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰি আমছুৰ নেতৃত্বই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়, "উচ্ছেদিতসকলক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়ক । অন্যথা যিকোনো পৰ্যায়ৰ আন্দোলনৰ মুখামুখি হ'বলৈ চৰকাৰ সাজু থাকক ।" লগতে অমানৱীয় উচ্ছেদৰ পৰা চৰকাৰক বিৰত থকাৰ আহ্বান জনায় । নহ'লে গণতান্ত্রিক জংগী আন্দোলনৰ সূচনা কৰা হ'ব বুলিও তেওঁলোকে হুংকাৰ দিয়ে ।

আমছুৰ নেতৃত্বই লগতে ক্ষোভ প্ৰকাশ কৰি কয়, "বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰখন ক্ষমতালৈ অহাৰ পাছৰে পৰা ধৰ্মীয় সংখ্যালঘুৰ ওপৰত প্ৰতিদিনে কিবা নহয় কিবা অত্যাচাৰ কৰি আহিছে । চৰকাৰৰ এনে কাৰ্য ঘৃণনীয় আৰু নিন্দনীয় । উচ্ছেদৰ নামত বৰ্বৰ, অমানৱীয় কাম কৰিছে চৰকাৰে । এই কথা আমি মানি নলওঁ । ন্যায়ালয়ৰ নিৰ্দেশ, উচ্ছেদৰ সকলো নিয়ম-নীতি অমান্য কৰি হিটলাৰী শাসনেৰে উচ্ছেদ চলাইছে ।"

আনহাতে, অসম চৰকাৰক সাম্প্ৰদায়িক আখ্যা দি আমছু নেতৃত্বই কয়, "চৰকাৰ আৰু মুখ্যমন্ত্রী যে সাম্প্ৰদায়িক সেই কথা কাম-কাজসমূহত স্পষ্ট হৈ পৰিছে ৷ লখিমপুৰত দুই শতাধিক পৰিয়ালক উচ্ছেদ কৰা হৈছিল । তাৰে বাছি বাছি একাংশক সংস্থাপন দি বাকীসকলক বঞ্চিত কৰা হ'ল ।"

আমছুৰ নেতৃত্বই আৰু কয়, "চৰকাৰখনৰ যি স্বৈৰাচাৰী চৰিত্ৰ সেয়া লখিমপুৰতো প্ৰতিফলিত হৈছে । আগন্তুক ২০২৬ক লক্ষ্য কৰি সংখ্যালঘুসকলৰ মানৱাধিকাৰ খৰ্ব কৰি ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি চৰকাৰে মুনাফাৰ অংক কৰিছে । আমছুৱে এনে কাৰ্যৰ প্ৰতিবাদ কৰি যাব । সেয়া কেৱল জিলা বা দিছপুৰতে আবদ্ধ নাথাকে । দিল্লীলৈও এই প্ৰতিবাদ বিয়পাই দিয়া হ'ব ।"

এইদৰে চৰকাৰক সকীয়নি দিয়ে আমছুৰ নেতৃত্বই । এই প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ জিলা সমিতিৰ সভাপতি জিয়াৰুল ইছলাম, কাৰ্যকৰী সভাপতি আব্দুল বাচিত, সম্পাদক আল্লা উদ্দিন খিলিজী, সাধাৰণ সম্পাদক মইনুল ইছলাম, উপদেষ্টা ৰাজু ৰহমান, সহ-সম্পাদক আমিনুৰ ৰহমান, হবিবুৰ ৰহমান, প্ৰাক্তন সদস্য ৰফিক উদ্দিন আহমেদসহ শতাধিক কৰ্মীয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক :কেনেকৈ সহ্য কৰিব ঘৰখন ভাঙি পেলোৱা দৃশ্য ! নিজকে শেষ কৰাৰ চেষ্টা এজনৰ - GOALPARA EVICTION
লগতে পঢ়ক :৫০ খন এক্সকেভেটৰেৰে পুৱাৰে পৰাই উচ্ছেদ চলিছে পাইকান সংৰক্ষিত বনাঞ্চলত - GOALPARA EVICTION