ETV Bharat / state

লোহিত হুছেইনৰ হত্যাকাৰীক শাস্তিৰ দাবীত আমছুৰ মানৱ শৃংখল

যোৱা ১৬ নৱেম্বৰত আমছুৰ স্থানীয় নেতা লোহিত হুছেইনক বৰ্বৰভাৱে হত্যা কৰা হৈছিল দক্ষিণ কামৰূপৰ গৰৈমাৰীত ।

AAMSU Protest in Lakhimpur
আমছুৰ মানৱ শৃংখল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 27, 2024 at 2:13 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ: দক্ষিণ কামৰূপত আমছুৰ এজন স্থানীয় নেতাক দুৰ্বৃত্তই কেইদিনমান পূৰ্বে হত্যা কৰিছিল । ছাত্রনেতাজনৰ হত্যাকাৰীক কৰায়ত্ত কৰি শাস্তি বিহাৰ দাবীত বুধবাৰে আমছুৰ লখিমপুৰ জিলা সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল, ধৰ্ণাৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

ছাত্রনেতাৰ হত্যাকাণ্ডৰ বিৰুদ্ধে লখিমপুৰ উত্তাল কৰিলে আমছুৱে । সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ লখিমপুৰ জিলা সমিতিয়ে বুধবাৰে ছাত্রনেতা হত্যাৰ প্ৰতিবাদত পুৱা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল, ধৰ্ণাৰে উত্তাল পৰিবেশ সৃষ্টি কৰে । দক্ষিণ কামৰূপত আমছু নেতা লোহিত হুছেইনৰ হত্যাৰ বিৰুদ্ধে আমছুৱে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

আমছুৰ মানৱ শৃংখল (ETV Bharat Assam)

উল্লেখ্য যে দক্ষিণ কামৰূপৰ গৰৈমাৰীত যোৱা ১৬ নৱেম্বৰত আমছুৰ স্থানীয় নেতা লোহিত হুছেইনক বৰ্বৰভাৱে হত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি আমছুৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে । সিদিনা নিশা দক্ষিণ কামৰূপৰ গৰৈমাৰীত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠান চলি থকা অৱস্থাত হেজাৰ হেজাৰ মানুহৰ সমাগমত স্থানীয় আমছু নেতা লোহিত হছেইনক কেইজনমান দুস্কৃতিকাৰীয়ে ডেগাৰেৰে হানি খুচি হত্যা কৰে ।

এই বৰ্বৰ হত্যাকাণ্ডৰ লগত জড়িতক অতি শীঘ্রে কৰায়ত্ত কৰি ফাষ্টট্রেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে । তেওঁলোকে লোহিত হুছেইনৰ হত্যাকাণ্ডৰ প্ৰকৃত সত্যাসত্য নির্ণয় কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে উক্ত হত্যাকাণ্ডৰ তদন্ত কৰা, লোহিত হুছেইনৰ পিতৃ আবুল হুছেইনে ১৭ নৱেম্বৰত গৰৈমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে 128/24 নম্বৰত এক গোচৰ ৰুজু কৰে ।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ

এজাহাৰত উল্লেখ থকা প্ৰতিজন অভিযুক্তক কৰায়ত্ত কৰি ফাঁচী দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ ৷ লোহিত হুছেইন হত্যাকাণ্ডৰ লগত চাম্পুপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুৰ ৰেজাক আৰু গৰৈমাৰী এফএমহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নুৰুল ইছলাম জড়িত থকা বুলিও তেওঁলোকে অভিযোগ কৰে ৷ দুয়োকে বিদ্যালয়-মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পদৰ পৰা বহিস্কাৰ কৰা, নিৰাপত্তাহীনতাত ভুগি থকা মৃত লোহিতৰ নিকট আত্মীয়ৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা আদি দাবী জনায় ।

এই হত্যাকাণ্ডত ৰাজনৈতিক ৰহস্যৰ গোন্ধ পোৱা বুলিও কয় প্ৰতিবাদকাৰী সকলে । এই হত্যাকাণ্ডৰ সঠিক ব্যবস্থা গ্রহণ নকৰিলে আমছুৱে ধাৰাবাহিক জংগী আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি চৰকাৰক সকীয়াই দিয়ে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে তেওঁলোকে মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:গড়াজানৰ নৃশংস হত্যাকাণ্ড: প্ৰেমিকেই যদি আছিল ষড়যন্ত্ৰকাৰী কিয় হ’ল হত্যাৰ বলি ?

প্ৰেমজনিত সংঘাতৰ কৰুণ পৰিণতি; চাৰিজনকৈ লোকৰ নৃশংস হত্যাকাণ্ডই জোকাৰিছে নগাঁও