জুবিন গাৰ্গৰ অকাল মৃত্যু সহিব নোৱাৰি নিজৰ জীৱন শেষ কৰাৰ চেষ্টা অনুৰাগীৰ
নগাঁৱৰ ব্যক্তিগত নাৰ্ছিংহোমত মৃত্যুৰ সৈতে যুজঁ দিছে অনুৰাগীগৰাকীয়ে ।

Published : September 23, 2025 at 10:01 PM IST
নগাঁও : অসমৰ হিয়াৰ আমঠু তথা বিখ্যাত শিল্পী, সংগীত পৰিচালক আৰু অভিনেতা জুবিন গাৰ্গৰ মৃত্যুৰ শোকে দহিছে ৰাজ্যবাসীক । জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ মাজতে নগাঁৱৰ পৰা আহিছে এক দুঃখবৰ ।
প্ৰিয় শিল্পীজনৰ অকাল মৃত্যু সহ্য কৰিব নোৱাৰি তেওঁৰ এজন অনুৰাগীয়ে নিজকে শেষ কৰি দিয়াৰ চেষ্টা কৰে । নগাঁৱৰ কহুৱাতলীৰ এই অনুৰাগীজনে জুবিনৰ শেষকৃত্যৰ পাছতে বিষাক্ত দ্ৰব্য পান কৰি নিজকে শেষ কৰি দিয়াৰ চেষ্টা কৰে । বৰ্তমান তেওঁ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত মৃত্যু সৈতে যুঁজিছে ।
নগাঁৱৰ কঁহুৱাতলীৰ জুবিন অনুৰাগীগৰাকীৰ আত্মীয় তথা স্থানীয় লোকে জনোৱা মতে, জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰে পৰাই যুৱকজনে গভীৰ মানসিক আঘাত পাইছিল । তেওঁ খোৱা-বোৱা প্ৰায় এৰি দিছিল আৰু শোকত ডুবি আছিল । জুবিনৰ প্ৰতি থকা অপৰিসীম ভক্তিৰ বাবেই এই যুৱকজনে এনে এক চৰম সিদ্ধান্ত গ্ৰহণ কৰে বুলি জনাইছে আত্মীয় তথা স্থানীয় লোকে ।
বিগত দুই তিনিদিন ধৰি যুৱকজনৰ পৰিয়াল আৰু ওচৰ-চুবুৰীয়াই তেওঁৰ এই মানসিক অৱস্থাৰ কথা লক্ষ্য কৰিছিল, কিন্তু তেওঁৰ এই পদক্ষেপৰ কথা কোনেও আগতীয়াকৈ অনুমান কৰিব পৰা নাছিল ।

জুবিন গাৰ্গৰ কেৱল গীত ভালপোৱাই নহয়, জুবিন গাৰ্গৰ ষ্টাইলত কাপোৰ পৰিধান কৰাৰ পৰা আদি কৰি জুবিনৰ প্ৰায় সকলো দিশেই অনুসৰণ কৰাৰ চেষ্টা কৰিছিল যুৱকজনে ।
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে অসম তথা সমগ্ৰ ভাৰতৰ লাখ লাখ অনুৰাগীৰ হৃদয়ত গভীৰ শোকৰ ছাঁ পেলাইছে । তেওঁৰ শেষকৃত্যৰ পাছতো তেওঁৰ অনুৰাগীসকলৰ মাজত বৈছে শোকৰ বন্যা ।
চিকিৎসকে কয়, ''যুৱকজনৰ অৱস্থা এই মুহূৰ্তত সঠিককৈ ক’ব নোৱাৰা । কিন্তু তেওঁক সুস্থ কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰা হৈছে ।''
ইপিনে, আই চি ইউৰ ভৰ্তি হৈ থকা যুৱকজনৰ পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে । এতিয়া সকলোৱে কামনা কৰিছে যুৱকজন সুস্থ হোৱাটো ।

