হৰ্ণ বজোৱাই অপৰাধ: জন্মদিনৰ বজাৰ কৰিবলৈ যোৱা যুৱকক ভয়ংকৰ আক্ৰমণ
নগাঁৱত ভয়ংকৰ ঘটনা । বাইকৰ হৰ্ণ বজোৱাৰ বাবেই যুৱকৰ ওপৰত ভয়ংকৰ আক্ৰমণ । নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া

Published : August 9, 2025 at 3:05 PM IST
নগাঁও : ঘৰৰ পৰা সন্ধিয়া ওলাই গৈছিল জন্মদিনৰ বজাৰ কৰিবলৈ । কিন্তু বজাৰত গৈ উদণ্ড যুৱকৰ ভয়ংকৰ আক্ৰমণৰ সন্মুখীন হ’ল এগৰাকী যুৱক । নগাঁও চহৰৰ মাজমজিয়াত এগৰাকী যুৱকক কেমেৰাৰ সন্মুখতে ভয়ংকৰ আক্ৰমণ কৰা চাঞ্চল্যকৰ ঘটনাই নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
ঘটনাটো সংঘটিত হয় শুকুৰবাৰে সন্ধিয়া । শনিবাৰে অৰ্থাৎ আজি আছিল নগাঁও চহৰৰ হয়বৰগাঁৱৰ তনদ্বীপ কাকতিৰ ওপজা দিন । নিজৰ জন্মদিনৰ বাবে বজাৰ কৰিবলৈ শুকুৰবাৰে সন্ধিয়া নগাঁও চহৰৰ ঢাকাইপট্টিলৈ গৈছিল তনদ্বীপ কাকতি ।
বজাৰ কৰি উভতি অহাৰ পথত নিজৰ বাহনৰ ওপৰত বহি মোবাইল চাই আছিল আনিছুৰ ৰহমান নামৰ এজন যুৱকে । পথৰ ওপৰতেই বাহন ৰখাই আনিছুৰে মোবাইল চাই থকা সময়তেই বাইকৰ হৰ্ণ বজাইছিল তনদ্বীপ কাকতিয়ে ।
বাইকৰ হৰ্ণ বজোৱাই যেন অপৰাধ হ’ল তনদ্বীপ কাকতিৰ । বাইকৰ হৰ্ণ বজোৱাৰ বাবেই হাতত থকা হেলমেটেৰেই গুৰুলাগুৰুলকৈ তেওঁক প্ৰহাৰ কৰে আনিছুৰ ৰহমানে । সকলো সীমা অতিক্ৰম কৰি ভয়ংকৰ আক্ৰমণ চলায় তনদ্বীপ কাকতিৰ ওপৰত ।
ইফালে তনদ্বীপ কাকতিৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য বন্দী কৰে আন এজন লোকে । তনদ্বীপ কাকতিক কৰা ভয়ংকৰ আক্ৰমণৰ সময়ত অৱশ্যে স্থানীয় একাংশ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত তনদ্বীপ কাকতি নিজা ঘৰলৈ উভতি যায় যদিও শনিবাৰে পুৱাই তনদ্বীপ কাকতিক কৰা আক্ৰমণৰ ভিডিঅ' ভাইৰেল হৈ পৰাত সমগ্ৰ নগাঁৱতেই সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
এই ঘটনা সংঘটিত হোৱাৰ পাছতেই নিশাতেই নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় উদণ্ড আনিছুৰ ৰহমানক । সন্ধিয়া আনিছুৰ ৰহমানে তনদ্বীপ কাকতিক হত্যাৰ পৰিকল্পনাৰে আক্ৰমণ কৰাৰ উপৰি অশ্লীল গালি-গালাজ কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী তনদ্বীপ কাকতিয়ে ।
ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকগৰাকীয়ে সাংবাদিকৰ আগত কয়, "আজি মোৰ জন্মদিন । মই বজাৰ কৰিবলৈ আহিছিলোঁ । ঘূৰি অহাৰ সময়ত সৈতেন্দ্ৰ ভাণ্ডাৰৰ ওচৰত এজন যুৱক আনিছ ৰহমান বুলি গম পাইছোঁ, ৰাস্তাতে স্কুটীখন লৈ মোবাইলটো টিপি আছিল । ছাইডেৰে গাড়ী গৈ আছে, মই হৰ্ণ দিয়াটো ভুল নেকি । মই প্ৰথম হৰ্ণটো দি অলপ সময় অপেক্ষা কৰিছোঁ । তাৰ পিছত দ্বিতীয় হৰ্ণটো মাৰিছোঁ । তেতিয়া মোক খুব বেয়া গালি দিছে । মোৰ মাৰ নামত বহুত বেয়াকৈ গালি দিছে ... মই লাহে লাহে গৈ আছোঁ । মোৰ আগত তাৰ স্কুটীখন লগাই দি মোক ঘোঁচা মাৰিছে । তাৰ পিছত হেলমেটটো খুলি একেৰাহে মাৰিছে ।"
উল্লেখ্য যে তনদ্বীপ কাকতিৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত আনিছুৰ ৰহমানৰ বিৰুদ্ধে ৬৩০/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে নগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত দাসে ।
ইফালে নগাঁও চহৰৰ মাজমজিয়াতেই উদণ্ড যুৱকৰ গুণ্ডাৰাজক গৰিহণা দি আনিছুৰ ৰহমানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে বিভিন্নজনে । সমান্তৰালকৈ ঘটনাক লৈ নগাঁও আৰক্ষীৰ তৎপৰতাৰো শলাগ লৈছে বিভিন্নজনে ।

