নাৰ্চাৰী, মীনৰ পৰা হাঁহ পালনলৈ; সকলোতে পাৰ্গত এইজন উচ্চশিক্ষিত যুৱক
নাৰ্চাৰী, মীন পালন, হাঁহ পালনেৰে প্ৰকৃত অসমীয়াগিৰী এজন উচ্চ শিক্ষিত যুৱকৰ । নিজৰ লগতে আন দহজনৰো সংস্থাপনৰ বাট মোকলাইছে উদ্য়মী যুৱকজনে ।

Published : August 14, 2025 at 11:38 AM IST
|Updated : August 14, 2025 at 1:47 PM IST
ডিব্ৰুগড় : বাৰীত শাক-পাচলি, তামোল-পাণ, পুখুৰীত মাছ, পথাৰত ধান খেতি লৈ চহকী আছিল প্ৰতিজন অসমীয়া । তেনে পৰিৱেশ বৰ্তমান সময়ত হেৰাই গৈছে, চন পৰি ৰৈছে কৃষি ভূমি । অতীজৰ গ্ৰাম্য অঞ্চলৰ তেনে পৰিৱেশ হেৰাই যোৱাৰ লগে লগে যেন অভাৱ-অনাটন বাঢ়িল । বৰ্তমান সমাজ ব্যৱস্থাই চাকৰিমুখী কৰিছে নতুন প্ৰজন্মক । আজি অসমীয়াই নিজৰ কৰ্ম- সংস্কৃতি হেৰুওৱা বুলি চৰ্চা চলি থকা সময়ত নিজৰ আপোন গাঁৱৰ ঘৰখনৰ পৰাই এজন উচ্চ শিক্ষিত যুৱকে আৰম্ভ কৰিছে কৰ্ম সংস্কৃতিৰ এক যাত্ৰা ।
নিজৰ ঘৰতে থাকি নিজৰ আপোনা গাঁওখন, আপোন মানুহৰখিনিৰ বাবে কিবা এটা কৰি নিজৰো দৰিদ্ৰ পৰিয়ালটোক আৰ্থিকভাৱে সবল কৰাৰ লক্ষ্যৰে নাৰ্চাৰী, মীন পালন, হাঁহ পালনেৰে প্ৰকৃত অসমীয়াগিৰী দেখুৱাবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ ধেমেচীৰ অভিজিৎ গগৈ নামৰ উচ্চ শিক্ষিত যুৱকজনে ।
উচ্চ শিক্ষিত হৈ চাকৰিৰ পিছত লাগি নাথাকি নিজেই এক স্বাৱলম্বনৰ পথ বাছি লৈছে যুৱকজনে । মৰাণ ধেমেচীৰ যোগেন গগৈ আৰু গোলাপী গগৈৰ উচ্চ শিক্ষিত অভিজিৎ গগৈয়ে নাৰ্চাৰী, মীন পালন, হাঁহ পালন কৰি স্বাৱলম্বনৰ এক পথ দেখুৱাইছে আন বহুজন নিৱনুৱা যুৱকক । ২০২০ চনতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ ডিগ্ৰী শেষ কৰি ঘৰতে কিবা এটা কৰাৰ চিন্তাৰে ঘূৰি আহিছিল ঘৰলৈ ।
ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে এক প্ৰকাৰে গুৱাহাটী এৰিবলৈ বাধ্য হোৱা অভিজিৎ থমকি ৰোৱা নাছিল । গাঁৱৰ ঘৰৰ চৌহদত কিবা নতুনকৈ কৰাৰ চিন্তাৰে আৰম্ভ কৰিছিল কাম । আনৰ ঘৰৰ পৰা বাঁহ, কাঠৰ টুকুৰা বিচাৰি আনি প্ৰথমে অৰ্কিড ৰোপণ কৰি এতিয়া হৈ উঠিছে সফল ব্যৱসায়ী । যুৱকজনে বিভিন্ন ধৰণৰ ফল-ফুলৰ নাৰ্চাৰী কৰাৰ সমান্তৰালভাৱে নিজা মাটিত পুখুৰী খান্দি মীন পালন কৰাৰ লগতে পালন কৰিছে শ শ হাঁহ ।

গাঁও ভাল পোৱা অভিজিৎ গগৈয়ে অসমীয়া মহিলাক নাৰ্চাৰীৰ প্ৰশিক্ষণ দি সংস্থাপনৰ বাট মোকলাই দিছে । গাঁৱৰ কেইবাগৰাকীও মহিলাক সংস্থাপন দিবলৈ সক্ষম হোৱা অভিজিতে বজাৰ দখলৰো চেষ্টা অব্যাহত ৰাখিছে । নিজেই বিভিন্ন বজাৰত গৈ নাৰ্চাৰীৰ পুলি, মাছ বিক্ৰী কৰি বজাৰ দখল কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰ্চাৰীৰ পুলি যোগান ধৰিবলৈ সক্ষম হৈছে অভিজিৎ । দূৰ-দূৰণিৰ বহু লোক আহে যুৱকজনৰ নাৰ্চাৰীৰ পুলি বিচাৰি । পিতৃ-মাতৃয়ে যথেষ্ট সহায় কৰে যুৱকজনক । যুৱকজনৰ এই কৰ্ম-সংস্কৃতিক অঞ্চলটোৰ ৰাইজে আদৰণি জনাই সহযোগিতা আগবঢ়াইছে ।

লকডাউনে সলনি কৰিলে জীৱনৰ গতি:
ক'ভিড মহামাৰীৰ বাবে হোৱা লক ডাউনত কৰ্ম বিমুখ হৈ পৰা অভিজিৎ গগৈয়ে গুৱাহাটী এৰি গুচি আহিছিল ধেমেচীৰ গাঁওখনলৈ । ইয়াৰ পাছতে দৰিদ্ৰ পৰিয়ালটোক আৰ্থিকভাৱে স্বচ্ছল কৰিবলৈ আৰম্ভ কৰিছিল এই সংগ্ৰাম । অভিজিৎ গগৈয়ে কয়, "দেউতাই পকা মিস্ত্ৰী কৰি আমাক পঢ়াইছিল । আমাৰ পৰিয়ালটো আৰ্থিকভাৱে সবল নাছিলোঁ সেয়ে লকডাউনৰ সময়ত কৰ্ম বিমুখ হৈছিলোঁ । দেউতাই অতি কষ্টৰে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াইছিল সেয়ে ভাবিলোঁ চাকৰিয়েই সকলো নহয় । গুৱাহাটীত থাকি বুজি পাইছিলো টকা-পইচাৰ মূল্য কিমান ? সেয়ে ঘৰলৈ ঘূৰি আহিয়েই কিবা এটা কৰা মানসেৰে এই নাৰ্চাৰীৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ ।"

নাৰ্চাৰী খোলা মানুহৰ মন অলপ বেলেগ:
উচ্চ শিক্ষিত হৈ চাকৰি নিবিচাৰি নাৰ্চাৰী আৰম্ভ কৰাক লৈ অভিজিতে কয়, "নাৰ্চাৰী খোলা মানুহৰ মনটো অলপ বেলেগ থাকে । প্ৰকৃতিক ভাল পালেহে নাৰ্চাৰী কৰিব পাৰি । মই সৰুৰে পৰাই প্ৰকৃতিৰ সৈতে জড়িত হৈ থাকি ভাল পাইছিলোঁ । সেয়ে ঘৰলৈ ঘূৰি আহি ব্যৱসায় কি কৰিম ভাবি পাণৰ পুলি প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰা আৰম্ভ কৰিলোঁ । তেনেকৈয়ে মানুহৰ লগত চিনাকি বাঢ়িল তেতিয়াৰে পৰা নাৰ্চাৰীৰ কামত লাগি গৈছিলোঁ । নাৰ্চাৰীখন আৰম্ভ কৰি প্ৰথমে স্থানীয়ভাৱে পুলি লৈছিলোঁ । কিন্তু পৰৱৰ্তী সময়ত ৰাইজে বিভিন্ন ধৰণৰ ফুল বিচৰা হ'ল । তাৰ বাবে পুনে, কেৰালা, কলকাতা, পশ্চিমবংগৰ পৰা পুলি আনি নাৰ্চাৰীখন চলাই আছোঁ । ২০২০ চনৰ পৰাই নাৰ্চাৰীৰ লগত জড়িত হৈছোঁ যদিও ২০২৩ চনৰ পৰা সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিছোঁ ।
নাৰ্চাৰী, মীন পালন, হাঁহ পালনেৰে প্ৰকৃত অসমীয়াগিৰী:
নাৰ্চাৰীৰ ওপৰিও মীন পালন, হাঁহ পালনেৰে প্ৰকৃত অসমীয়াগিৰী দেখুৱাইছে অভিজিত গগৈয়ে । ঘৰৰ ৮ বিঘা মাটি সামৰি নাৰ্চাৰী, মীন পালন, হাঁহ পালন কৰা অভিজিতে কয়,"নাৰ্চাৰীৰ সমান্তৰালভাৱে ফিচাৰিত মাছ পালন কৰি লাভান্বিত হোৱাত হাঁহ পালন কৰিবলৈ আৰম্ভ কৰিছোঁ । এইবাৰ তিনিশতকৈ অধিক হাঁহ আছিল । হাঁহ পালন কৰিও লাভান্বিত হৈছোঁ । মই নিজেই কাটিঙৰ পৰা সকলো শিকি লৈছোঁ সেয়ে বাহিৰৰ পৰা পুলি আনি ইয়াত নিজেই প্ৰডাকচন কৰিবলৈ চেষ্টা কৰিছোঁ ।"

কেনেকৈ চলিছে বজাৰ দখলৰ চেষ্টা:
নিজৰ উৎপাদিত সামগ্ৰীৰে বজাৰ দখল কৰি কৰ্ম- সংস্কৃতিৰে সুন্দৰ নিদৰ্শন দেখুওৱা অভিজিতে কয়,"মোৰ দেউতাই বজাৰে বজাৰে গৈ ফল-ফুলৰ পুলিসমূহ বিক্ৰী কৰেগৈ । ডিব্ৰুগড়, শিৱসাগৰ সকলো ঠাইলৈ যায় । সাপ্তাহিক বজাৰ কেইখনলৈ যায় তেওঁলোক । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অৰ্ডাৰ আহে তেতিয়া নিজে গৈ পুলি দি আহোঁ । অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে অৰুণাচল, নামচাই, পাছিঘাট আদিলৈকে আমি পুলি দি আহিছোঁ । অনলাইন কিছু অৰ্ডাৰ আহে তেতিয়া কুৰিয়াৰৰ সহায়ত দিয়া হয় ।"

অসমীয়া মহিলাক নাৰ্চাৰীৰ প্ৰশিক্ষণ দি সংস্থাপনৰ বাট মোকলাই দিছে:
মৰাণ ধেমেচীত গাঁৱৰ পৰিৱেশত আৰম্ভ কৰা নাৰ্চাৰীত অঞ্চলটোৰ মহিলাসকলক জড়িত কৰি সংস্থাপনৰ বাট মোকলাই দিছে উদ্যমী অভিজিতে । তেওঁ কয়,"মই লক্ষ্য কৰিছিলো কাম দিলে অসমীয়া মানুহ কাম কৰিবলৈ আগ্ৰহী । মহিলাসকলে যিহেতু সকলো কাম কৰিব নোৱাৰে সেয়ে তেওঁলোকক ফুল চাফা কৰা, পুলি ভৰোৱা আদি কাম কৰিবলৈ তেওঁলোকক দিলে তেওঁলোকে কৰিব পাৰে । সেয়ে ছয়গৰাকী মহিলা কাম কৰি আছে । পিছলৈ মহিলা সকলক শিকাই লোৱা হৈছে । এতিয়া তেওঁলোকে সকলো কৰিব পাৰে । ঘৰত কাম কৰি আহি ইয়াত কাম কৰে ইয়াৰ পৰা পৰিয়ালটোৰ আৰ্থিকভাৱে সহায় হৈছে ।"

আনৰ ঘৰৰ পৰা কাঠৰ টুকুৰা বিচাৰি আনিছিল:
ডিব্ৰুগড় জিলাৰ ধেমেচীথ গাঁৱৰ পৰিৱেশত আৰম্ভ কৰা নাৰ্চাৰীত গাঁৱৰ মহিলা সকলেও আনন্দৰে কাম কৰা দেখা পোৱা গৈছে । এগৰাকী মহিলা কয়, "আমি লকডাউনৰ পৰা ইয়াত কাম কৰি আছো । লক ডাউনত অভিজিতে গুৱাহাটীৰ পৰা আহি আমাৰ ঘৰত সৰু সৰু কাঠৰ টুকুৰা বিচাৰি গৈছিল । কাঠৰ টুকুৰা, ভগা ফাৰ্নিচাৰৰ অংশ আনি অৰ্কিড ৰোপণ কৰিছিল । এইবোৰ এদিন ডাঙৰ কৰিম বুলি কৈছিল । ইয়াৰ পাছৰে পৰাই নাৰ্চাৰী আৰম্ভ কৰিছিল । আমাৰ অঞ্চলটোল মহিলা সকলে ঘৰৰ কাম শেষ কৰি ইয়াতে কাম কৰি থাকো । জড়িত থকা সকলো মহিলা ইয়াৰ পৰা স্বাৱলম্বী হ'ব পাৰিছো ।

অভিজিতক উৎসাহিত কৰিবলৈ আহিছে বহুজন:
এগৰাকী উচ্চশিক্ষিত অসমীয়া যুৱকে গাঁৱৰ পৰিৱেশত নাৰ্চাৰী, মীন পালন, হাঁহ পালনেৰে নতুন প্ৰজন্মক আদৰ্শ দেখুৱাবলৈ সক্ষম হোৱাত অভিজিত গগৈক উৎসাহিত কৰিবলৈ আহিছে বহুজন । নাৰ্চাৰীত গ্ৰাহক হিচাপে লগ পোৱা ডিব্ৰুগড়ৰ এগৰাকী সমাজ কৰ্মী পৰাগ দত্তই কয়, "আজিৰ দিনত উচ্চ শিক্ষিত হৈ চাকৰি বিচাৰে সকলোৱে । তেনে সময়তে এনেকুৱা এখন নাৰ্চাৰীলৈ আহি অভিভূত হৈ গ'লো । ইমান ভিতৰুৱা অঞ্চলত ধুনীয়া নাৰ্চাৰী খুলিছে । নিজৰ লগতে আন দহজনকো সংস্থাপন দিবলৈ চেষ্টা কৰিছে ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু একো নাই । সেয়ে অভিজিতৰ দৰে অসমীয়া যুৱকে এই কাম কৰিছে তাৰ বাবে উৎসাহিত কৰিবলৈ আহি পুলি ক্ৰয় কৰিছোঁ ।"

