সামাজিক কৰ্মৰ লগতে নিজৰ প্ৰতিভাৰে স্বাৱলম্বী এগৰাকী মহিলা
যিমানে ব্যস্ততা নাথাকক কিয় মানুহে ইচ্ছা কৰিলে সকলো কৰিব পাৰে । এগৰাকী বিশেষ নাৰীৰ কেতবোৰ ইতিবাচক কৰ্ম এতিয়া হৈ পৰিছে আদৰ্শ ।

Published : March 8, 2025 at 2:18 PM IST
টীয়ক: আজি আন্তৰ্জাতিক নাৰী দিৱস । আজিৰ এই বিশেষ দিনটোত আমি ক'বলৈ ওলাইছো টীয়কৰ এগৰাকী বিশেষ নাৰীৰ কথা । টীয়কৰ চাওদাঙ গাঁৱৰ এইগৰাকী বোৱাৰী তথা আদৰ্শবান মহিলাৰ কেতবোৰ ইতিবাচক কৰ্মই সমাজত বিশেষ সমাদৰ লাভ কৰিছে । নাম সন্ধ্যা কোঁৱৰ । টীয়কৰ জনপ্ৰিয় প্ৰতিষ্ঠান 'সন্ধ্যা কেক পইন্ট'ৰ স্বত্বাধিকাৰ এইগৰাকী মহিলাই নিজৰ আখলৰ পৰাই আজি নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ।
কিবা এটা মনে বিচৰা কাম কৰাৰ হেঁপাহত ২০১৮ চনত প্ৰথমে নিজৰ কন্যাৰ বাবে কেক প্ৰস্তুত কৰি লাহে লাহে কেকৰ সমান্তৰালকৈ পিজ্জা, ম'ম, বাৰ্গাৰ, পেটিছ, পেষ্টি, বিভিন্ন ধৰণৰ সুস্বাদু বেকাৰী বিস্কুট আদি প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিবলৈ আৰম্ভ কৰিছে । লগতে বিভিন্ন সময়ত অসমীয়া পৰম্পৰাগত পিঠা পনা জা-জলপানৰ লগতে নিজ হাতেৰে বোৱা গামোচা, কোচন কভাৰ, মেখেলা-চাদৰ আদি বনাই বিভিন্ন মেলাসমূহত বিক্ৰী কৰি বিশেষ সমাদৰ লাভ কৰিছে ।
এই সন্দৰ্ভত মহিলাগৰাকীয়ে কয়, "ছোৱালীৰ কথামতে মই কেক বনাবলৈ শিকিছিলোঁ । ২০১৮ চনত শিকিছিলোঁ । তাৰ অলপদিনৰ পাছৰ পৰাই মই আৰম্ভ কৰিছিলোঁ । ছোৱালীৰ জন্মদিনত প্ৰথম কেক বনাইছিলোঁ । ২০২১ চনত দোকান খুলিছিলোঁ । তাৰপিছত কুকিজ বনাবলৈ শিকিছিলোঁ আৰু এতিয়া কুকিজো বনাওঁ । ইয়াৰো পিজ্জা, বাৰ্গাৰ পেটিছ এইখিনি সকলোখিনি কৰা হয় ।"
উল্লেখযোগ্য যে ইমান ব্যস্ততাৰ মাজতে সন্ধ্যা কোঁৱৰে অসমীয়া গুৰু সংস্কৃতি ভাওনা, নৃত্য, মডেলিং জগতত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । সন্ধ্যা কোঁৱৰ এগৰাকী সফল মেকআপ আৰ্ষ্টিছ হিচাপেও পৰিচিত । তেওঁ কৰা এই কামবোৰৰ বাবে বিভিন্ন সময়ত বিভিন্ন দল-সংগঠনে তেওঁক স্বীকৃতি জনাই আহিছে । এগৰাকী মহিলাই পৰিয়ালৰ সকলো দ্বায়িত্ব পালন কৰি ব্যৱসায়ৰ জড়িয়তে স্বাৱলম্বী হোৱাৰ সমান্তৰালকৈ কেইবাগৰাকীও কৰ্মচাৰীক সংস্থাপিত কৰি আদৰ্শ প্ৰদৰ্শন কৰিছে ।
আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা আমিও সন্ধ্যা কোঁৱৰলৈ জনাইছোঁ আন্তৰিক শুভকামনা । আজি নাৰী দিৱসৰ দিনা এইগৰাকী আদৰ্শবান সন্ধ্যা কোৱঁৰে কয়,"মানুহে মন কৰিলে সকলো কৰিব পাৰে, ভাল পোৱা প্ৰতিটো কাম কৰি গ'লে সফলতা পোৱাটো সম্ভৱ লগতে প্ৰতিগৰাকী নাৰীয়ে নিজে কৰি ভালপোৱা কামবোৰ অন্তৰৰ পৰা কৰি আগুৱাই যাব লাগে ।"

