ETV Bharat / state

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী এগৰাকী নাৰীৰ কথাৰে...

নাৰীয়ে কৰিব নোৱাৰে কি ? কঠিনতকৈ কঠিন কাম অনায়াসে কৰিব পাৰে আজিৰ নাৰীয়ে । আন্তৰ্জাতিক নাৰী দিৱস তেনে এগৰাকী নাৰীৰ কথাৰে এক প্ৰতিবেদন ।

A women from Rangia has become self reliant in mushroom cultivation
কাঠফুলাৰ খেতিৰে স্বাৱলম্বী এগৰাকী নাৰীৰ কথাৰে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 8, 2025 at 9:03 AM IST

|

Updated : March 8, 2025 at 10:13 AM IST

5 Min Read
Choose ETV Bharat

ৰঙিয়া : আজি আন্তৰ্জাতিক নাৰী দিৱস । প্ৰতিগৰাকী নাৰীয়েই সমাজৰ এটা অবিচ্ছেদ্য অংগ, কাৰণ সমাজখনৰ অৰ্ধাংশৰ নিৰ্মাণ নাৰীয়ে কৰিছে । একবিংশ শতিকাৰ দুটা দশকতকৈ অধিক সময় পাৰ হোৱাৰ পিছত কেনে আছে বাৰু আজিৰ নাৰী ?

খোজে প্ৰতি বাধাৰ সন্মুখীন হৈ আধাবাটতে নিজৰ কৰ্মজীৱনৰ সামৰণি পেলোৱা বহু নাৰী আমাৰ সমাজত দেখা যায় । কিন্তু বাধা-বিঘিনিকো নেওচি নিজৰ সাহস আৰু আগ্ৰহক মূলধন হিচাপে লৈ কিবা এটা কৰি দেখুৱাৰ হেঁপাহ মনত বান্ধি আগুৱাই অহা নাৰীও বহু আছে আমাৰ সমাজত ।

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী এগৰাকী নাৰীৰ কথাৰে (ETV Bharat Assam)

আজি আমি তেনে এগৰাকী নাৰীৰ বিষয়ে জনাব খুজিছো আপোনালোকক । তেওঁ হৈছে ৰঙিয়াৰ তুলসীবাৰী পম্পী বৰদলৈ । কৃষি-কৰ্মৰ সৈতে জড়িত হৈ নিজৰ লগতে সমাজৰ আন আন কেইবাগৰাকীও নাৰীক স্বাৱলম্বিতাৰ পথ দেখুওৱা পম্পী বৰদলৈ এগৰাকী আদৰ্শ বোৱাৰীলৈ পৰিণত হৈছে ।

দুটাকৈ সন্তানৰ মাতৃ উচ্চ শিক্ষিত গৃহিণী পম্পী বৰদলৈয়ে ঘৰৰ দায়িত্ব সামৰি, সন্তান লালন-পালনৰ মাজতো তেওঁ নিজৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ যোগেদি মাছৰুমৰ খেতি কৰি নিজৰ বাবে সফলতাৰ পথ মুকলি কৰিছে । ২০১৯ চনৰ মাৰ্চ মাহত প্ৰশিক্ষণ লাভ কৰাৰ পিছতেই নিজৰ ঘৰতেই আৰম্ভ কৰিছিল কাঠফুলাৰ খেতি ।

A women from Rangia has become self reliant in mushroom cultivation
কাঠফুলাৰ খেতিৰ স্বাৱলম্বী এগৰাকী নাৰীৰ কথাৰে (ETV Bharat Assam)

তেওঁ এনেদৰে কাঠফুলাৰ খেতি কৰাৰ উদ্দেশ্য কি বুলি কৰা প্ৰশ্নৰ উত্তৰত কয়, "লৰা-ছোৱালী স্কুললৈ যোৱাৰ পিছত এনেই থাকো । নিজাকৈ কিবা এটা কৰিব লাগে বুলি ভাবিছিলো । তেতিয়া মাছৰুমৰ বিষয়ে শুনিছিলো । যিহেতু ব‍্যৱসায়টো ঘৰতেই থাকি কৰিব পাৰি সেয়েহে ময়ো আৰম্ভ কৰিলো । যাৰ বাবে মই খেতিখিনিৰ লগতে ল'ৰা-ছোৱালীক সময় দিয়াৰ লগতে ঘৰখনো সহজে চম্ভালিব পৰা হ’লো ।"

মূলধন সম্পৰ্কে জানিব বিচৰাত তেওঁ জনাই যে প্ৰথমে বিশ হেজাৰ টকা মূলধন খটুৱাই মাছৰুমৰ খেতি আৰম্ভ কৰিছিল । আৰম্ভণিতে বিশেষ নাজানিছিল বাবে বেছি মূলধন খটুৱাবলৈ ভয় লাগিছিল বুলি উল্লেখ কৰি পম্পীয়ে কয় যে সময় অতিবাহিত হোৱাৰ পিছত তেওঁ এই ব‍্যৱসায় সম্পৰ্কে কিছু জনা হয় । সেয়েহে তেওঁ ব‍্যৱসায় লাহে লাহে বহলাই এই বছৰ প্ৰায় ডেৰ লাখ টকা মূলধন হিচাপে ব‍্যৱহাৰ কৰি মাছৰুমৰ খেতি কৰিছে ।

A women from Rangia has become self reliant in mushroom cultivation
বিশ হেজাৰ টকা মূলধনৰে কৰিছিল কাঠফুলাৰ খেতি (ETV Bharat Assam)

এই ব‍্যৱসায়ৰ পৰা যথেষ্ট লাভ হয় বুলি উল্লেখ কৰি তেওঁ কয় যে মাছৰুমৰ খেতি কৰি এটা সৰু পৰিয়ালে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে । বৰ্তমান মাহিলী তেওঁ ২৫ৰ পৰা ৩৫ হেজাৰ টকা উপাৰ্জন কৰে । লগতে তেওঁৰ চুবুৰীৰ কেইবাগৰাকী দৰিদ্ৰ মহিলায়ো তেওঁৰ ব‍্যৱসায়ত সহায়ক হিচাপে কাম কৰি তেওঁলোকৰ বাবেও ধন উপাৰ্জন কৰিছে ।

এই ব‍্যৱসায়ৰ বজাৰখন কেনেধৰণৰ জানিবলৈ বিচৰাত তেওঁ কয়, "বৰ্তমান মাছৰুমৰ বজাৰ যথেষ্ট ভাল । বেছিভাগ সময়ত বেপাৰীয়ে ঘৰৰ পৰা মাছৰুম লৈ যায় । লগতে শংকৰী লোকসকলৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান বা বিয়া-সবাহৰ বাবেও মই আগতীয়াকৈ অৰ্ডাৰ পাওঁ । লগতে মানুহো আগতকৈ যথেষ্ট স্বাস্থ্য সচেতন হৈছে । পূৰ্বতে যিটো ভয় আছিল যে কিবা কাৰণত মাছৰুম বিক্ৰী কৰিব নোৱাৰিম নেকি , সেই ভয়টো এতিয়া একেবাৰে নোহোৱা হৈ গৈছে ।"

স্বামীৰ উপাৰ্জন থকাৰ পিছতো নিজৰ খালী সময়খিনিত এনেই থকাতকৈ কিবা এটা যোগাত্মক কাম কৰি নিজৰ লগতে পৰিয়ালৰ সদস্য কেইজনকো আগুৱাই লৈ যোৱাৰ হেঁপাহে পম্পীক যথেষ্ট শক্তিশালী কৰি তুলিছে । তেওঁৰ স্বামীৰ পৰা লাভ কৰা উৎসাহ, আশীৰ্বাদ আৰু মাৰ্গদৰ্শনে তেওঁক সফলতাৰ পথত আগুৱাই যাবলৈ প্ৰেৰণা যোগাই আহিছে বুলি আমাৰ আগত উল্লেখ কৰে ।

A women from Rangia has become self reliant in mushroom cultivation
২০১৯ চনৰ পৰা কৰি আহিছে কাঠফুলাৰ খেতি (ETV Bharat Assam)

মাছৰুমৰ খেতিৰ যোগেদি আয় কৰা এই ধনে তেওঁৰ ঘৰখনৰ আৰ্থিকভাৱে সহযোগিতা আগবঢ়াবলৈ এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে । পম্পী বৰদলৈয়ে দেখুৱাইছে যে সংসাৰৰ দায়িত্ব, সন্তানৰ যত্ন আৰু গৃহস্থালীৰ বিভিন্ন কাম-কাজৰ মাজতো মহিলাসকলে আত্মনিৰ্ভৰশীল হ’ব পাৰে । নিজৰ সংকল্প আৰু অধ্যৱসায়ৰ বলত পম্পীয়ে এটা নতুন দিশৰ দ্বাৰ খুলিছে, যি বহু গৃহিণীৰ বাবে এক অনুপ্ৰেৰণা হৈ উঠিব ।

তেওঁৰ এই সফলতা একমাত্ৰ নিজৰ উপাৰ্জনলৈ সীমাবদ্ধ নহয়, ই আন বহুতো মহিলাক উদ্যমী হোৱাৰ বাবে সাহস যোগাব । মহিলাসকলে যদি নিজৰ আগ্রহ আৰু পৰিশ্ৰমৰ মাধ্যমেৰে উৎপাদনমুখী কামৰ লগত জড়িত হয়, তেন্তে সংসাৰখনক আৰ্থিকভাৱে দৃঢ় কৰা এক সুন্দৰ পথ মুকলি কৰিব পাৰে ।

পম্পী বৰদলৈৰ এই সফলতা ৰঙিয়াৰ লগতে সমগ্ৰ সমাজৰ মহিলাসকলৰ বাবে এক জ্বলন্ত উদাহৰণ । তেওঁ প্ৰমাণ কৰিছে যে সঠিক দিশত পৰিশ্ৰম থাকিলে যিকোনো গৃহিণীয়েও আত্মনির্ভৰশীল হ’ব পাৰে আৰু নিজ পৰিয়ালৰ অৰ্থনৈতিক উন্নতিত গুৰুত্বপূর্ণ অৱদান দিব পাৰে ।

লগতে পঢ়ক: ১২ বছৰে কাঠফুলা খেতিৰে পেটৰ ভাত মোকলাইছে ধেমাজিৰ জিতু গগৈয়ে - Self reliant Story - SELF RELIANT STORY

কাঠফুলা বুলি ক’লে নাখায় মাছৰুম বুলিলেহে খায় একাংশ মানুহে: এজন কৃষকৰ মনৰ কথা - MUSHROOM FARMING

Last Updated : March 8, 2025 at 10:13 AM IST