মৃৎশিল্পকে কৰ্ম হিচাপে লোৱা এখন বিশেষ গাঁও
আশাৰিকান্দি পাৰম্পৰিক মৃৎশিল্পৰ বাবে বিখ্যাত । গাঁৱৰ মুঠ ১৬০টা পৰিয়ালে পৰম্পৰাগতভাৱে পোৰা মাটিৰ পাত্ৰ আৰু টেৰাকোটা মৃৎশিল্পৰ লগত জড়িত হৈ আহিছে ।

Published : October 26, 2024 at 8:40 PM IST
ধুবুৰী: দীপাৱলীক লৈ ব্যস্ত ধুবুৰীৰ আশাৰিকান্দি । আশাৰিকান্দি গাঁৱৰ প্ৰতিঘৰ পৰিয়ালৰ এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ পাৰম্পৰিক মৃৎশিল্পৰ বাবে বিখ্যাত গৌৰীপুৰৰ ঐতিহাসিক তথা বিশ্ব বিখ্যাত আশাৰিকান্দি টেৰাকটা শিল্প গাঁৱৰ মুঠ ১৬০ টা পৰিয়াল প্ৰজন্মৰ পাছত প্ৰজন্মই পোৰা মাটিৰ পাত্ৰ আৰু টেৰাকোটা মৃৎশিল্পৰ লগত জড়িত হৈ জীৱিকা-নিৰ্বাহ কৰি আহিছে । বিভিন্ন ধৰণৰ মাটিৰ চাকি বনোৱাত ব্যস্ত টেৰাকোটাৰ পুৰুষ-মহিলাসকল ।
লগতে পঢ়ক: আহোম ৰজাই স্থাপন কৰা গাঁওখনৰ আলোকময় যাত্ৰা
অতীজৰে পৰা এই গাঁওখনৰ পৰিয়ালসমূহে মাটিৰ বিভিন্ন বাচন-বৰ্তন প্ৰস্তুত কৰি আহিছে । দীপাৱলীৰ বাবে এতিয়া বিভিন্ন ধৰণৰ মাটিৰ চাকি নিৰ্মাণত ব্যস্ত পৰিয়ালসমূহ । পূৰ্বৰে পৰা আশাৰিকান্দিৰ মৃৎশিল্পীসকলে এইধৰণে মাটিৰ চাকি নিৰ্মাণ কৰি আহিছে । ৰাইজৰ চাহিদা পূৰণ কৰিবলৈ সকলো ধৰণৰ সৰু-বৰ চাকি নিৰ্মাণ কৰে পৰিয়ালসমূহে ।
টেৰাকোটাৰ মৃৎশিল্পীয়ে নিৰ্মাণ কৰা চাকিসমূহ অসমৰ বিভিন্ন জিলাৰ উপৰিও মেঘালয়ত বিক্ৰী হয় ৷ বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, তেজপুৰত মাটিৰ চাকিৰ চাহিদা বেছি যদিও উজনিৰ বেপাৰীসকলে যি মূল্য দিয়ে সেই মূল্যত মৃৎশিল্পীসকলে কষ্টৰ মূল্য নাপায় ৷ এইক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে টেৰাকোটাৰ প্ৰতিজন মৃৎশিল্পীয়ে ।
লগতে পঢ়ক: দীপাৱলী সমাগত; আপোনাৰ পদূলি পোহৰাবলৈ সাজু গোবৰৰ দ্বাৰা নিৰ্মিত চাকি
দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা পৰিপ্ৰেক্ষিতত টেৰাকোটাত প্ৰস্তুত কৰা মাটিৰ চাকি উজনি অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ নিয়াৰ বাবে ট্ৰাক আৰু সৰু-বৰ গাড়ীত সম্প্ৰতি বোজাই কৰা হৈছে ৷ মহিলা-পুৰুষৰ সমান্তৰালভাৱে অঞ্চলটোৰ বৃদ্ধসকলো মাটিৰ চাকি বনোৱাত ব্যস্ত । অঞ্চলটোৰ লোকসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম এই বৃত্তিৰেই পৰিয়াল পোহপাল দি আহিছে ৷ বছৰৰ আন সময়তো মাটিৰ বিভিন্ন বাচন-বৰ্তন প্ৰস্তুত কৰে এই পৰিয়ালসমূহে । বৰ্তমান সময়ত মাটিৰ চাকিৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে । বিভিন্ন চীনা সামগ্ৰীৰ তুলনাত বজাৰতো মাটিৰ চাকিৰ চাহিদা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । এই খবৰেই আনন্দ দিছে মাটিৰ চাকি প্ৰস্তুত কৰা এইসমূহ পৰিয়ালক ।

