ETV Bharat / state

উন্নয়নৰ পোহৰ নেদেখা ডিমৌ কিনাৰ বঙালী গাঁওবাসীৰ হাহাকাৰ - LACK OF DEVELOPMENT

বছৰ বছৰ ধৰি অঞ্চলটোৰ মূল পথটো নিৰ্মাণ নকৰিলে চৰকাৰে । বানৰ সময়তো পীড়িত পৰিয়ালে নাপায় সাহায্য । আধৰুৱা হৈ থাকিল চৰকাৰী ঘৰ ।

Lack of Development
উন্নয়নৰ পোহৰ নেদেখা ডিমৌ কিনাৰ বঙালী গাঁওবাসীৰ হাহাকাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 10, 2025 at 1:29 PM IST

3 Min Read

মৰাণ: ৰঙীন বিজ্ঞাপনেৰে প্ৰায়ে ৰাজ্যৰ উন্নয়নৰ কথা ঘোষণা কৰে চৰকাৰে । অসমক দেশৰ ৫ খন উন্নত ৰাজ্যৰ সমতুল্য কৰিবলৈ এখনৰ পাছত আন এখন অভিলাষী আঁচনিও ৰূপায়ণ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কিন্তু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত উন্নয়নে স্পৰ্শ কৰিব পৰা নাই গ্ৰামাঞ্চল । ইফালে সমাগত পঞ্চায়ত নিৰ্বাচন । যাক লৈ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷ কিন্তু যোৱাটো কাৰ্যকালত পঞ্চায়তৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ সুফল লাভ কৰিলেনে গ্ৰামাঞ্চলৰ ৰাইজে ? মৰাণত গ্ৰামাঞ্চলৰ উন্নয়নৰ প্ৰকৃত ছবি দেখিলে আপুনিও আচৰিত হ'ব । কিয়নো সাধাৰণ উন্নয়নৰ পৰাও বঞ্চিত মৰাণৰ ডিমৌ কিনাৰ বঙালী গাঁও ৷

পূৰ্বৰ মৰাণ সমষ্টি তথা নৱ-গঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত নাহৰণি গাঁও পঞ্চায়তৰ এই গাঁওখনত পঞ্চায়তৰ বিভিন্ন আঁচনিসমূহৰ ৰূপায়ণৰ পৰিৱৰ্তে চলিল কেৱল লুণ্ঠন ৷ লুকুমাইৰ পৰা ডিমৌ কিনাৰ বঙালী গাঁৱলৈ মূল পথৰ আজিলৈ নহ'ল কোনো উন্নয়ন ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ অধিকাংশ গৃহই অৰ্ধনিৰ্মিত হৈ ৰ'ল । স্থানীয় ৰাইজৰ অভিযোগ অৰুণোদয় আঁচনি, বানপীড়িতক সাহাৰ্য, জবকাৰ্ডৰ হাজিৰা আদিৰ নামতো গাঁওখনত চলিল পঞ্চায়ত প্ৰতিনিধিৰ দুৰ্নীতি আৰু অনিয়ম ৷ সেয়ে গাঁৱৰ ৰাইজৰ স্পষ্ট দাবী যে উন্নয়নৰ নামত দুৰ্নীতি মানি লোৱা নহ'ব ৷ সমষ্টিটোত দুবাৰকৈ চক্ৰধৰ গগৈয়ে বিধায়ক হোৱাৰ পাছতো গাঁও পঞ্চায়তৰ উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱাত অঞ্চলটোৰ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে ।

উন্নয়নৰ পোহৰ নেদেখা ডিমৌ কিনাৰ বঙালী গাঁওবাসীৰ হাহাকাৰ (ETV Bharat)

নিৰ্মাণ নহ'ল অঞ্চলটোৰ মূল পথ :

অঞ্চলটোৰ ৰাইজে সংবাদ মাধ্যমত কয়, "আমাৰ বিশেষকৈ মূল পথটো নিৰ্মাণ কৰি দিব লাগে । পথটো বাৰিষাৰ দিনত ইমানেই বেয়া হয় যে ল'ৰা-ছোৱালীক বিদ্যালয়লৈ নিব নোৱাৰি, ৰোগীক চিকিৎসালয়লৈ নিবলৈ বহুত সমস্যা হয় । আমাৰ অঞ্চলটোত বানপানী হয় যদিও পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নলয় । বিধায়কে পথ নিৰ্মাণ কৰিম কৰিম বুলি কৈ আজিলৈকে নকৰিলে । বহুবাৰ ৰাইজে বিধায়কক এই সন্দৰ্ভত আবেদনো কৰিলে ।"

চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতি :

অভিযোগ অনুসৰি বানপীড়িত অঞ্চলটোত পঞ্চায়তৰ লগতে অসম চৰকাৰৰ কোনো এখন আঁচনিয়ে আজিলৈকে ভালদৰে ৰূপায়ণ নহ'ল । মূল পথটোৰ সমান্তৰালভাৱে আন আঁচনিসমূহো ৰূপায়ণত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ । সংবাদ মাধ্যমত এজন লোকে কয়,"বিশুদ্ধ খোৱাপানীৰ বাবে জলজীৱন মিছন ৰূপায়ণ কৰিছে যদিও আজিও ৰাইজে লাভ কৰা নাই পানী । চৰকাৰী গৃহ প্ৰদান কৰিছে যদিও আজিও ঠিকাদাৰে সম্পূৰ্ণ নকৰিলে ঘৰসমূহ । বানত ক্ষতিগ্ৰস্ত হৈও অঞ্চলটোৰ ৰাইজে লাভ কৰা নাই ক্ষতিপূৰণ ।" ইফালে পঞ্চায়ত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে গাঁওখনৰ ৰাইজে মূল পথৰ নিৰ্মাণৰ দাবী জনাইছে । তেওঁলোকে কৈছে যিয়ে তেওঁলোকৰ পথ নিৰ্মাণ কৰিব তেওঁৰ পক্ষত থাকিব গাঁওখনৰ ৰাইজ ।

লগতে পঢ়ক :ৱাকফ আইনৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ - WAQF ACT 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.