চৰকাৰী সুবিধাই ঢুকি নোপোৱা এখন গাঁও; বয়ন শিল্পৰে মহিলাসকলে পোহপাল দিয়ে পৰিয়াল
বাক্সাৰ এখন গাঁও । কোনো চৰকাৰী সুবিধাই ঢুকি পোৱা নাই এই গাঁওখনক । গাঁৱৰ মহিলাসকলে কাপোৰ বৈ পৰিয়াল ভৰণ-পোষণ দিয়ে ।

Published : March 8, 2025 at 12:40 PM IST
বাক্সা : চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত বাক্সা জিলাৰ এখন গাঁৱৰ জীয়া প্ৰতিচ্ছবি ৷ বাক্সা জিলা মুছলপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত ভবানীপুৰ বি-ব্লক চন্দ্ৰপুৰ গাঁওখনৰ স্বাধীনতাৰ ৭৫ বছৰ উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত কোনো উন্নয়ন নহ'ল ৷ প্ৰতিবছৰে অহা দিৰিং নদীৰ বানে গাঁওখনৰ অৱস্থা নিশকতীয়া কৰি তুলিছে ৷
মথাউৰি নহোৱাৰ ফলত বাৰিষা অহাৰ লগে লগে দিৰিং, পাগলদিয়া নদীৰ পানীৰে ওপচাই পেলায় ৷ গাঁওখনৰ আধা অংশ খেতিৰ মাতি নৈত জাহ গৈছে ৷
আনহাতে, গাঁওখনৰ মহিলাসকলে নদীত শিল বুটলি জমা কৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে ৷ খেতিৰ উপযোগী মাটি নোহোৱাৰ কাৰণে ধানখেতি নতুবা অন্যান্য খেতি কৰাৰ কাৰণেও অনুপযোগী ৷ গাঁওখনৰ পুৰুষসকলে হাজিৰা কৰাৰ বিপৰীতে মহিলাসকলে তাঁতশালত কাপোৰ বৈ বিক্ৰী কৰি দুবেলা-দুমুঠি যোগাৰ কৰে । আনহাতে, অধিকাংশ যুৱকে বহিঃৰাজ্যত কাম বিচাৰি ওলাই গৈছে ৷ গাঁওখনৰ প্ৰতিটো পৰিয়ালত তাঁতশালৰ খিট খিট শব্দ শুনা যায় ৷
যিহেতু গাঁওখন বিটিচিৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত, সেয়েহে নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ইয়াৰ খা-খবৰ ল'ব লাগিছিল ৷ কিন্তু জানিব পৰা মতে, নিৰ্বাচন আহিলেহে প্ৰতিনিধিসকলে এই গাঁওখনত ভিৰ কৰে ৷
তাঁতশালত তাঁত বৈ কোনোমতে জীৱন নিৰ্বাহ কৰি অহা এগৰাকী মহিলাই কয়, "তাঁত বৈ কোনোৰকম চলি আছোঁ । ভালকৈ বলে কিবাকে পৰিয়ালটো চলে । কেতিয়াবা এনেকুৱা হয়, বিক্ৰী নহ'লে চলা অসুবিধা হয় ।"
আনহাতে, গাঁওখনৰ যুৱক নৰেশ্বৰ বৰুৱাই জানিবলৈ দিয়ে, "এই গাঁওখনৰ সকলো লোকেই শ্ৰমজীৱী ৷ গাঁওখনৰ লোকসকলে হাজিৰা-কামলা কৰি দিন অতিবাহিত কৰে ৷ মহিলাসকলে তাঁতশালত কাপোৰ বৈ বিক্ৰী কৰি পৰিয়াল চলাই আহিছে ৷ শিক্ষা ব্যৱস্থাৰ কোনো সুবিধা এই গাঁৱত নাই ৷ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় দুই-তিনি কিলোমিটাৰ দূৰত্বৰ স্কুললৈ যাব লাগে ৷ এই গাঁওখনত ৩২ ঘৰ পৰিয়ালৰ কাৰণে নাই কোনো বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৷ মানুহখিনিয়ে দমকল-নাদৰ পানী খাই জীৱনধাৰণ কৰি আছে ৷"
তেওঁ লগতে কয়, "বিভাগীয় কৰ্তৃপক্ষই পানীৰ গুণাগুণ পৰীক্ষা নকৰাকৈয়ে বছৰ বছৰ ধৰি এই পানী খাই আছে ৷ গাঁওখনৰ কাষেৰে বৈ যোৱা দিৰিং মৰাপাগলদিয়া নদীয়ে প্ৰতিবছৰে গাঁওখন বানৰ কবলত পেলায় ৷ মাটি খেতিৰ অনুপযোগী কাৰণে ধানখেতি নহয় ৷ গাঁওখনৰ অধিকাংশ যুৱকে বহিঃৰাজ্য বেংগালুৰু, চেন্নাই, দিল্লী আদি ৰাজ্যত গৈ ব্যক্তিগত কম্পানীত কাম কৰি আছে ৷"
তেওঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় যাতে বাক্সা জিলাৰ এই চন্দ্ৰপুৰ গাঁওখনক এবাৰ হ'লেও চকু দিয়ে ৷
ইফালে গাঁৱৰে শিপিনী জোনালী নাথে কয়, "সুন্দৰপুৰ গাঁওখনৰ অধিকাংশ পৰিয়ালে তাঁতশালত কাপোৰ বৈ বিক্ৰী কৰে ৷ সূতা আমি গুৱাহাটী, মুছলপুৰৰ পৰা আনো ৷ গাঁওখনৰ কোনো শিপিনীয়ে চৰকাৰী সাহায্য বা প্ৰশিক্ষণ পোৱা নাই ৷ ঘৰৰ মতাসকলে হাজিৰা কৰে, মাইকীসকলে কাপোৰ বয় আৰু গাঁওখনৰ যুৱকসকলে বহিঃৰাজ্যত গৈ কাম কৰি কোনোমতে চলি আছে ৷"
লগতে মহিলাসকলে চৰকাৰী কোনো সুবিধা এতিয়ালৈকে পোৱা নাই বুলিও আক্ষেপ কৰে ৷ ইয়াৰ উপৰি গাঁৱৰ ভিতৰত স্কুল নথকাত ল'ৰা-ছোৱালীসকলে দুই-ডেৰ কিলোমিটাৰ খোজকাঢ়ি স্কুললৈ যাবলগা হয় ৷ গাঁওখন বিটিএডি পৰিষদীয় সমষ্টিত পৰে যদিও কোনো প্ৰতিনিধি খবৰ ল'বলৈ নাহে ৷ মাত্ৰ নিৰ্বাচন আহিলেহে প্ৰতিনিধিসকলক দেখা পোৱা যায় বুলিও কয় ৷ বৰ্তমান বিটিচি চৰকাৰৰ পৰিষদীয় সমষ্টিৰ এম চি এল এ ঘনশ্যাম দাস এই সমষ্টিৰ প্ৰতিনিধি ৷ কিন্তু এম চি এল এ ঘনশ্যাম দাসে গাঁওখনত এদিনো দেখা নিদিয়ে বুলি গাঁওবাসীৰ অভিযোগ ৷ সেয়েহে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় যে যিকোনো প্ৰকাৰে যেন গাঁওখনৰ এবাৰ খবৰ লয় ৷

