ETV Bharat / state

গৰু বিহুৰ দিনা কিয় নাহৰৰ পাতত মন্ত্র লিখি ঘৰৰ চালত গুজি দিয়া হয় ? - BOHAG BIHU 2025

গৰু বিহুৰ দিনা নাহৰৰ পাতত মন্ত্র লিখি ঘৰৰ চালত গুজি ৰখাটো অসমীয়া এক পৰম্পৰা।কিয় নাহৰৰ পাতত মন্ত্র লিখা হয়, কি আছে এই নিয়মৰ অন্তৰ্নিহিত জনবিশ্বাস?

Bohag Bihu 2025
নাহৰৰ পাতত লিখা মন্ত্র (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 14, 2025 at 10:32 AM IST

4 Min Read

লখিমপুৰ : অসমীয়া নতুন বছৰ আৰম্ভণিৰ দিনটোৰ পৰাই আৰম্ভ হয় অসমীয়া সমাজৰ হেঁপাহৰ ৰঙালী বিহুটি । এই ৰঙালী বিহুটো কেৱল ৰং আনন্দৰ মাজতে সীমাবদ্ধ নহয় । বিহুৰ সৈতে সংপৃক্ত হৈ আছে পৰম্পৰাগত বহু নিয়ম । তাৰ ভিতৰত অন্যতম হ’ল গৰু বিহুৰ দিনা নাহৰ গছৰ পাতত মন্ত্র লিখি ঘৰৰ চালত গুজি ৰখাটো ।

গৰু বিহুৰ দিনা নাহৰৰ পাতত মন্ত্র লিখি ঘৰৰ চালত গুজি ৰখাটো অসমীয়া সমাজৰ এক পৰম্পৰা । পিছে ইয়াৰ অন্তৰালত কি আছে, কেনে বিশ্বাস নিহিত হৈ আছে এই নিয়মত, যিয়ে জানে তেওঁ নিজেই লিখি ঘৰৰ চালত নাহৰৰ পাত গুজি ৰাখে । যি নাজানে তেওঁ আনৰ পৰা লিখাই আনি হ’লেও এই পৰম্পৰা ৰক্ষা কৰি আহিছে ।

এই প্ৰচলিত নিয়মৰ অন্তৰালত থকা জনবিশ্বাস কি সেয়া ইটিভি ভাৰতক ক’লে জ্যোতিষ চৰ্চাত জড়িত থকা লখিমপুৰৰ এজন ব্যক্তি ৷ তেওঁ হ’ল জ্যোতিষ মহামহোপাধ্যায় বিভূষণ লাভ কৰা ড৹ শান্তনু শৰ্মা বৰুৱাই ।

গৰু বিহুৰ বিশেষ (ETV Bharat Assam)

ড৹ শান্তনু শৰ্মা বৰুৱা কয় -

‘‘ৰঙালী বিহুৰ পৰম্পৰাগত ৰীতি নীতিৰ ভিতৰত গৰু বিহুৰ বিশেষ তাৎপর্য আছে । ধৰ্মীয় পৰম্পৰা নিহিত হৈ আছে । তাৰ ভিতৰত নাহৰ পাতত মন্ত্র লিখি ঘৰৰ প্ৰৱেশ দ্বাৰৰ ওপৰৰ চালত গুজি ৰখা হয় ।
দেৱ দেৱ মহাদেৱ-নীলগ্ৰীব জন্টাংধৰ ।
বাতং বৃষ্টি হৰং দেৱ বজ্ৰপাত বিনাশন ।
- এই মন্ত্রটো ৰঙা চিয়াহিৰে নাহৰৰ পাতত লিখি ঘৰৰ তালত গুজি ৰখা হয় । কিছুমানে বাতং বৃষ্টি হৰং দেৱ মহাদেৱ নমস্ততে বুলিও লিখে । ইয়াৰ দ্বাৰা মহাদেৱক সেই ঘৰখন প্ৰাকৃতিক দুৰ্যোগ আদিৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনোৱা হয় । জনবিশ্বাস অনুসৰি এনে কৰিলে বতাহ বৰষুণ বজ্রপাত আদিৰ পৰা ঘৰখন সুৰক্ষিত হৈ থাকে ।’’

  • আন গছ পাতৰ পৰিৱৰ্তে নাহৰৰ পাত লিখা হয় ?

এই সন্দৰ্ভত জ্যোতিষী শৰ্মা বৰুৱাই কয়, ‘‘নাহৰৰ লগত শিৱৰ এটা সম্পৰ্ক আছে । সংস্কৃতত নাহৰক কেশৰ বুলি কোৱা হয় । বসুদেৱে যেতিয়া কৃষ্ণক লৈ কংসৰ কাৰাগাৰৰ পৰা ওলাই যমুনা পাৰ হৈছিল সেই সময়ত কেশৰ বা সাপে সুৰক্ষিত কৰি নিছিল । কেশৰ সাপ মহাদেৱ আদিৰ মাজত সম্পৰ্ক আছে ।’’

Bohag Bihu 2025
নাহৰৰ গছ (ETV Bharat Assam)

‘‘আনহাতে নাহৰ এবিধ উৎকৃষ্ট গছ । নাহৰ পাতৰ স্থায়ীত্ব আছে । পোক বা ঘুন আদিয়ে নাহৰ পাত সহজে নষ্ট কৰিব নোৱাৰে । নাহৰ পাতত লিখা সেইটোও এটা অন্যতম কাৰণ । আনহাতে বিজ্ঞানসন্মত কেতবোৰ কাৰকো ইয়াত নিহিত হৈ আছে । সঠিক বিশ্লেষণে সেয়া পোহৰলৈ আহিব ।’’ তেওঁ কয় ৷

  • কিহেৰে লিখা হয় নাহৰ পাতত ?

জ্যোতিষী শান্তনু শৰ্মা বৰুৱাই কয়, ‘‘তাহানি কালত ভোজপত্ৰত বিভিন্ন মন্ত্র, শ্লোক আদি গুৰু ৰচনাৰ লিখা হৈছিল । এই মন্ত্রটোও পুৰণি দিনত নাহৰ পাতত গুৰু ৰচনাৰে লিখা হৈছিল । কিন্তু পৰৱৰ্তী সময়ত গুৰু ৰচনা পাবলৈ নোহোৱাত ৰঙা চিয়াহিৰে লিখা হয় ।’’

Bohag Bihu 2025
জ্যোতিষী ড৹ শান্তনু শৰ্মা বৰুৱা (ETV Bharat Assam)

আনহাতে ব’হাগ বিহু মূলত সাত দিন পালন কৰা হয় যদিও বিহুৰ আন দিনকেইটাৰ পৰিৱৰ্তে কেৱল গৰু বিহুৰ দিনা এই পৰম্পৰা পালন কৰাৰ অন্তনিহিত কথা উল্লেখ কৰি তেওঁ কয়, ‘‘ফাগুনৰ পছোৱাজাক ব’হাগত বৰদৈচিলা হৈ আহে । ব’হাগ সোমোৱাৰ লগে লগে বতাহ বৰষুণ বজ্রপাত আদিৰ প্ৰকোপ বৃদ্ধি পায় । প্ৰাকৃতিক দুৰ্যোগ আৰম্ভ হয় । সেয়ে বছৰটোৰ এই প্ৰথম দিনটোতে বতাহ বৰষুণ বজ্রপাত আদি প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ নাহৰ পাতত মন্ত্র লিখি ঘৰৰ চালত গুজি ৰখা পৰম্পৰা চলি আহিছে ।’’

Bohag Bihu 2025
গৰু বিহু (ETV Bharat Assam)

প্ৰাকৃতিক দুৰ্যোগ আৰম্ভ হোৱাৰ সময়খিনিৰ আৰম্ভণি দিনটোতে এনেদৰে মন্ত্র লিখি দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ মহাদেৱক মিনতি কৰা হয় বুলি আমাৰ সাংবাদিকৰ আগত উল্লেখ কৰে জ্যোতিষী শান্তনু শৰ্মা বৰুৱাই ৷

লগতে পঢ়ক : গৰু বিহুত কিয় ঘৰৰ গো-ধনকেইটাক তৰা পঘা দিয়া হয়, জানো আহক ইয়াৰ ইতিহাস

লগতে পঢ়ক : আজি গৰু বিহু; উৰুকাৰ পিছদিনা পুৱাই কিয় ঘৰৰ গো-ধনকেইটাক নোওৱা হয়, জানেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.