ETV Bharat / state

শিক্ষাসেতু পৰ্টেলত ৭১,৩১৬ গৰাকী শিক্ষাৰ্থীৰ মুখ দেখা নাই সমগ্র শিক্ষাই - SHIKSHA SETU AXOM

ৰাজ্যত এতিয়াও ৰোধ হোৱা নাই আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা । শিক্ষানুষ্ঠানলৈ শিক্ষার্থীক ওভতাই আনিবলৈ প্ৰধান শিক্ষক, শ্রেণী শিক্ষকসকলে যাব লাগিব শিক্ষাৰ্থীৰ ঘৰে ঘৰে ।

Shiksha Setu Axom
শিক্ষাসেতু পৰ্টেলত ৭১,৩১৬ গৰাকী শিক্ষাৰ্থীৰ মুখ দেখা নাই সমগ্র শিক্ষাইETV BHARAT ASSAM (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : June 14, 2025 at 11:37 PM IST

3 Min Read

গুৱাহাটী : ৰাজ্য চৰকাৰে ড্ৰপ আউত তথা আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ পাছত কিন্তু বিশেষ সফলতা লাভ কৰা নাই । আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰিবলৈ শিক্ষা বিভাগ তথা সমগ্ৰ শিক্ষাই অব্যাহত ৰখা সকলো প্ৰচেষ্টাৰ পাছতো শিক্ষার্থীয়ে যে আধাতে বিদ্যালয় এৰিছে সেই কথা সমগ্ৰ শিক্ষাৰ তথ্যত উন্মোচিত হৈছে । লক্ষণীয় বিষয় যে শিক্ষানুষ্ঠানত উপস্থিতি নিশ্চিত কৰিবলৈ ব্যৱস্থা কৰা শিক্ষা সেতু পৰ্টেলত ৰাজ্যৰ ৭১,৩১৬ গৰাকী শিক্ষাৰ্থীৰ মুখ দেখা নাই সমগ্র শিক্ষাই ।

অলপতে অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা), জিলা মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক, জিলা শিক্ষা বিষয়াসকলৰ সৈতে সমগ্র শিক্ষাই ২০২৪ চনৰ এপ্ৰিলৰ পৰা ২০২৫ৰ এপ্ৰিললৈ শিক্ষা সেতুত শিক্ষক, শিক্ষার্থীৰ উপস্থিতি, আপাৰ-আই ডি সন্দৰ্ভত ভার্চুৱেলী বৈঠকত মিলিত হৈছিল । এই বৈঠকৰ পাছত সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ডাঃ ওম প্রকাশৰ স্বাক্ষৰিত কাৰ্যবিৱৰণীত প্ৰকাশ পায় যে শিক্ষা সেতু পৰ্টেলত ৭১৩১৬ গৰাকী শিক্ষাৰ্থীৰ মুখ অৰ্থাৎ ফটো দেখা নাই সমগ্র শিক্ষাই । অর্থাৎ পৰ্টেলত এই বৃহৎ সংখ্যক শিক্ষার্থীয়ে উপস্থিতি নিদিয়াৰ তথ্য উল্লেখ হৈছে কাৰ্যবিৱৰণীত ।

Shiksha Setu Axom
শিক্ষাসেতু পৰ্টেলত ৭১,৩১৬ গৰাকী শিক্ষাৰ্থীৰ মুখ দেখা নাই সমগ্র শিক্ষাই (ETV BHARAT ASSAM)

আনহাতে ১৯,২৮৫ খন শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ সবিশেষ বিৱৰণ প্ৰধান শিক্ষক বা অধ্যক্ষই দাখিল নকৰাৰ তথ্যৰ কথাও কাৰ্যবিৱৰণীত উল্লেখ কৰা হৈছে । ইউডাইছ –প্লাছ অনুসৰি শিক্ষাৰ্থীৰ বাবে আপাৰ -আই ডি নম্বৰ থাকিব লাগে । এতিয়াও ৰাজ্যৰ ৩৬৫ খন বিদ্যালয়ে শিক্ষাৰ্থীৰ আপাৰ -আই ডি লোৱা নাই । সমগ্র শিক্ষা তথা শিক্ষা বিভাগে শিক্ষানুষ্ঠানত এশ শতাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি নিশ্চিত কৰিবলৈ শিক্ষা সেতু ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হোৱা, আন্তঃগাঁথনিৰ দুৰ্বলতা অনুসৰি সাহায্য মুকলিৰ ব্যৱস্থা লোৱাৰ পাছতো তথ্য দাখিলৰ প্ৰাথমিক তথ্যসমূহ দাখিল কৰা নাই ।

উল্লেখ্য যে উচ্চতৰ মাধ্যমিক স্তৰত অসমত নামভৰ্তিৰ আনুপাতিক হাৰ একেবাৰে দুৰ্বল । উচ্চতৰ মাধ্যমিক স্তৰত নাম ভৰ্তিৰ ক্ষেত্ৰত হাৰ কিয় কম সেই কথা প্ৰতিখন জিলাই বিশ্লেষণ কৰি ৰাষ্ট্ৰীয় গড়ৰ সমতুল্য কৰাৰ কথাও কাৰ্যবিৱৰণীত উল্লেখ কৰা হৈছে । ৰাজ্যৰ পিছপৰা গ্ৰামাঞ্চলৰ চৰকাৰী বিদ্যালয়ত পিতৃ-মাতৃৰ জীৱিকাত সহায় কৰা কনিষ্ঠ ভাতৃ-ভগ্নীক চোৱাচিতা কৰা আদি নানান আর্থ সামাজিক কাৰণত শিক্ষানুষ্ঠানত শিক্ষার্থীয়ে নামভৰ্তি কৰিলেও পিছত আধাতে এৰি দিয়ে ।

Shiksha Setu Axom
শিক্ষাসেতু পৰ্টেল (ETV BHARAT ASSAM)

আধাতে শিক্ষার্থীয়ে শিক্ষানুষ্ঠান এৰা এনে বহু কাৰণ আছে যদিও প্রধান শিক্ষকেএতিয়া বিদ্যালয়ত এশ শতাংশ উপস্থিতি নিশ্চিত কৰিব লাগিব । ইয়াৰ বাবে সমগ্র শিক্ষাই স্তৰ অনুসৰি দায়িত্ব পালনৰ নিৰ্দেশ দিছে । শিক্ষানুষ্ঠানলৈ শিক্ষার্থীক ওভতাই আনিবলৈ প্ৰধান শিক্ষক, শ্রেণী শিক্ষকসকলে ঘৰে ঘৰে যাব লাগিব । শিক্ষা সেতু পৰ্টেল দৈনিক নিৰীক্ষণ কৰি সমল কেন্দ্ৰ সমন্বয়কসকলে উপস্থিতি নিশ্চিত কৰিব লাগিব । অহা ৩০ জুনলৈকে সমল কেন্দ্ৰ সমন্বয়কসকলৰ সৈতে খণ্ড শিক্ষা বিষয়াই উপস্থিতি সন্দৰ্ভত, খণ্ড শিক্ষা বিষয়াসকলৰ সৈতে জিলা শিক্ষা বিষয়া বিদ্যালয় পৰিদৰ্শকসকলে দৈনিক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পৰ্যালোচনা কৰিব লাগিব ।

শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্তই প্রতি মঙল আৰু বৃহস্পতিবাৰে কাৰণসমূহ পর্যালোচনা কৰিব । কেৱল সেয়াই নহয় ছুটীত প্রশিক্ষণত থকা শিক্ষকসকলক বাদ দি সকলো শিক্ষকে বাধ্যতামূলকভাৱে শিক্ষা সেতুত উপস্থিতি দিব লাগিব ।

লগতে পঢ়ক : উৎকট গৰমকো নেওচি দীঘলীপুখুৰীত গছ কটাৰ বিৰোধিতাৰে মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.