ETV Bharat / state

অস্থিৰ মণিপুৰ; গুৱাহাটীত ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ

Manipur Violence: মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ মণিপুৰৰ ৫ কংগ্ৰেছ বিধায়কৰ ।

Manipur Violence
গুৱাহাটীত ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 14, 2024 at 7:07 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : হিংসাজৰ্জৰ মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গুৱাহাটীৰ ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰে মণিপুৰৰ ৫ গৰাকী কংগ্ৰেছী বিধায়কে । অসমৰ উপৰিও মণিপুৰৰ ৰাজ্যপালৰ দায়িত্বত থকা লক্ষ্মণ প্ৰসাদ আচাৰ্যক মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশম মেঘাচন্দ্ৰ সিঙৰ নেতৃত্বত অহা ৫ জনীয়া বিধায়কৰ দলটোৱে সাক্ষাৎ কৰি ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে ।

ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছ বিধায়কৰ

মণিপুৰ কংগ্ৰেছ বিধায়িনী দলৰ বিধায়কসকলে ৰাজ্যখনৰ ভয়াৱহ হিংসাত্মক পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি ৰাজ্যপালৰ হস্তক্ষেপৰ বাবে আহ্বান জনায় । দলটোৱে ৰাজ্যপালক অৱগত কৰে যে হিংসাজৰ্জৰ মণিপুৰ পুনৰ অস্থিৰ হৈ পৰিছে আৰু ইয়াৰ ফলত মানুহৰ মাজত সংকটৰ সৃষ্টি হৈছে । মহিলা আৰু শিশুসহ নিৰীহ নাগৰিকক হত্যা কৰা হৈছে । ৰাজ্যখনৰ এই অভাৱনীয় অস্থিৰতাৰ বাবে বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰৰ কোনো উদ্বেগ নাই । যাৰ বাবে তেওঁলোকে ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰে । ৰাজ্যপালক সাক্ষাৎ কৰি ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্ৰও প্ৰেৰণ কৰে বিধায়কৰ দলটোৱে ।

Manipur Violence
গুৱাহাটীত ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছ বিধায়িনী দলৰ (ETV Bharat)

কেইশম মেঘাচন্দ্ৰ সিঙৰ প্ৰতিক্ৰিয়া

সংবাদ মাধ্যমৰ আগত মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিধায়ক কেইশম মেঘাচন্দ্ৰ সিঙে কয়, "ডাবল ইঞ্জিনৰ চৰকাৰ থাকিও কিয়‌ এতিয়ালৈকে শান্ত কৰিব পৰা নাই মণিপুৰৰ পৰিস্থিতি । আমি মুখ্যমন্ত্রীক বৰ্খাস্ত কৰাৰ দাবী জনাইছো । কেৱল সাহায্য দিয়ে দায়িত্ব সামৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে । চৰকাৰে সাহায্যৰ খেলা খেলিছে । ৰাজ্যখনৰ কেইবা হাজাৰ মহিলা, শিশুসহ সাধাৰণ নাগৰিক বৰ্তমান সময়তো নিজ বাসগৃহৰ বাহিৰত আছে । মণিপুৰৰ এই সংকটপূৰ্ণ সময়ত ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ আন ৰাজ্যলৈ আহিবলগীয়া হৈছে ।"

মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশম মেঘাচন্দ্ৰ সিঙৰ নেতৃত্বৰ দলটোত আছিল বিধায়ক ক্ৰমে ইব'বি সিং, কে ৰঞ্জিত সিং, টি এইচ লক্ষেশ্বৰ আৰু সুৰজ কুমাৰ অ'কৰাম ।

লগতে পঢ়ক :হিংসাজৰ্জৰ মণিপুৰলৈ কেন্দ্ৰীয় বাহিনীৰ অতিৰিক্ত ২০ টা কোম্পানী প্ৰেৰণ