শ্ৰেণীকোঠাত পাঠদানৰ সময়তে ছাত্ৰৰ ছুৰিকাঘাতত নিহত শিক্ষক - Teacher stabbed to death
Student killed teacher: ৰক্তাক্ত শিৱসাগৰৰ ছাই বিকাশ একাডেমি । একাদশ শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত নিহত বিজ্ঞান বিভাগৰ শিক্ষক তথা প্ৰশাসনিক মুৰব্বী ৷ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেই ছাত্রজনে ছুৰী মাৰি হত্যা কৰে বিজ্ঞানৰ শিক্ষক তথা প্ৰশাসনিক মুৰব্বী ৰাজেশ বাবুক ।

Published : July 6, 2024 at 6:23 PM IST
|Updated : July 6, 2024 at 7:58 PM IST
শিৱসাগৰ, 6 জুলাই : শিৱসাগৰত সংঘটিত হৈছে শৈক্ষিক সমাজক লজ্জাজনক কৰা এক ঘটনা ৷ শ্ৰেণী কোঠালীত পাঠদানৰ মাজতেই শিক্ষাগুৰুক ছুৰিকাঘাত এজন ছাত্ৰৰ ৷ শিৱসাগৰ চহৰৰ লখিমীনগৰৰ বি জি ৰোডত অৱস্থিত ছাই বিকাশ একাডেমিত শনিবাৰে সংঘটিত হৈছে এই জঘন্য কাণ্ড ৷ নিহত শিক্ষকজন বিজ্ঞান বিভাগৰ শিক্ষক তথা প্ৰশাসনিক মুৰব্বী ৰাজেশ বাবু বিজোৱাৰা বুলি চিনাক্ত কৰা হৈছে ৷
ছাত্ৰজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৰাজেশ বাবুক সংকটজনক অৱস্থাত প্ৰথমে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ কিন্তু তেওঁৰ অৱস্থা অতি সংকটজনক হৈ পৰাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত শিৱসাগৰ জিলাৰ বেতবাৰীস্থিত চ্যুকাফা চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু চিকিৎসালয়তে মৃত্যু ঘটে শিক্ষকজনৰ ।
শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীৰ পৰা জানিব পৰা মতে, অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেই ছাই বিকাশ শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্রজনে ছুৰী মাৰি হত্যা কৰে বিজ্ঞানৰ শিক্ষক তথা প্ৰশাসনিক মুৰব্বী ৰাজেশ বাবুক । আজি দুপৰীয়া গণিত বিষয়ৰ শ্ৰেণীত মনোযোগ নিদিয়াৰ বাবে দিনটোৰ কাৰণে শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰা হৈছিল ছাত্ৰজনক ।
উক্ত বহিষ্কৰণৰ বাবেই খঙত টিঙিৰি-তুলা হৈ ছাত্ৰজনে ঘৰলৈ গৈ ইউনিফৰ্ম সলাই নগৰৰ এখন দোকানৰ পৰা এখন ছুৰী কিনি পুনৰ শিক্ষানুষ্ঠানলৈ আহে । বিয়লি প্ৰায় ৩.৩০ বজাত শিক্ষক ৰাজেশ বাবুৱে ৰসায়ন বিজ্ঞানৰ পাঠ পঢ়ুৱাই থকা অৱস্থাত ছাত্ৰজনে শ্ৰেণীকোঠাত প্ৰৱেশ কৰি ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰে শিক্ষক বাবুক আৰু তাৰ পাচত বিদ্যালয়তে অপেক্ষা কৰি আৰক্ষীক মাতিবলৈ কয় ছাত্ৰজনে ।
জানিব পৰা মতে, মৃত ৰাজেশ বাবুৰ ঘৰ অন্ধ্ৰপ্ৰদেশত আৰু চাকৰিসূত্ৰে তেওঁ শিৱসাগৰ নগৰৰ ফুকন নগৰত ভাৰাতীয়া ৰূপে আছিল আৰু তেওঁ দুটা সন্তানৰ পিতৃ । একেখন শিক্ষানুষ্ঠানত তেওঁ পত্নীয়েও চাকৰি কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত কৰাৰ লগতে ছাত্ৰজনক আটক কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায় ।

