ETV Bharat / state

বিধে বিধে অৰ্কিডৰে ভৰিছে আব্দুল মালিক দেৱানৰ অৰ্কিড ফাৰ্ম

এগৰাকী শিক্ষকৰ চিন্তাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । ভিন্ন প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰি শিক্ষকগৰাকীয়ে দেখুৱাইছে নিদৰ্শন ।

A teacher in Baihata has done orchid reservation on a commercial basis
বিধে বিধে অৰ্কিডৰে ভৰিছে আব্দুল মালিক দেৱানৰ অৰ্কিড ফাৰ্ম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 9, 2025 at 2:21 PM IST

2 Min Read
Choose ETV Bharat

বাইহাটা: এগৰাকী শিক্ষকৰ ব্যতিক্ৰমী চিন্তা-চৰ্চা । অৰ্কিড খেতি আৰু সংৰক্ষণৰ এক অভিনৱ প্ৰচেষ্টা শিক্ষক আব্দুল মালিক দেৱানৰ । বাইহাটাৰ সমীপৰ ছোটশিলৰ গাঁৱৰ নিজ গৃহতে আৰম্ভ কৰিছে এই অৰ্কিডৰ খেতি । আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্যাপক চাহিদা থকা এনেবোৰ অৰ্কিড খেতি আৰু ব্যৱসায়ে নতুন প্ৰজন্মৰ বাবে মুকলি কৰিব পাৰে সম্ভাৱনাৰ দুৱাৰ ।

অৰ্কিড খেতিত শিক্ষক আব্দুল মালিক দেৱানে একেবাৰে কম মূলধনেৰে আৰম্ভ কৰিছে বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ খেতি । বাইহাটাৰ ওচৰৰ কেন্দুকোনাৰ জৱাহৰলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত এইগৰাকী শিক্ষকে শিক্ষকতাৰ উপৰিও আজৰি সময়ত এনেদৰে নিজকে নিয়োজিত কৰিছে ভিন্নৰঙী অৰ্কিড খেতিত ।

বিধে বিধে অৰ্কিডৰে ভৰিছে আব্দুল মালিক দেৱানৰ অৰ্কিড ফাৰ্ম (ETV Bharat Assam)

নিজৰ এই অৰ্কিড উদ্যানখনৰ সন্দৰ্ভত আব্দুল মালিক দেৱানে কয়, "পেচাগতভাৱে মই এগৰাকী শিক্ষক । শিক্ষকতা মোৰ প্ৰধান বৃত্তি যদিও, তাৰ সমান্তৰালকৈ এখন অৰ্কিড ফাৰ্ম খুলি লৈছোঁ । এই অৰ্কিড ফাৰ্মখনত কেইবাটাও প্ৰজাতিৰ অৰ্কিড আছে । তাৰ ভিতৰত, ডেন্দ্ৰুবিয়াম, ফিলনিফছিছ, তেতেলিয়া, মকৰা আৰু ভেন্দাকে ধৰি মুঠ দহ বিধ অৰ্কিড আছে ।"

ডেন্দ্ৰেবিয়াম অৰ্কিডৰ প্ৰায় আশীটা(৮০)ৰং আছে আৰু এই ডেন্দ্ৰেবিয়াম অৰ্কিডবিধ গোটেই বছৰে ফুলি থকা বাবে ব্যৱসায়ৰ ক্ষেত্ৰত এই অৰ্কিডবিধ অতিকৈ লাভজনক হয় বুলি জনাই শিক্ষক দেৱানে । লগতে কৃতি শিক্ষকগৰাকীয়ে কয়, "আজিৰ আমাৰ নৱপ্ৰজন্মই উত্তৰ-পূৰ্বাঞ্চলৰ এনেধনৰ অৰ্কিডৰ বিষয়ে ভালদৰে জ্ঞাত নহয় । এনেদৰে অৰ্কিডৰ এখন ফাৰ্ম খুলি নৱপ্ৰজন্মক অৰ্কিডৰ লগত চিনাকি কৰি দিয়াৰ বাবে এনে ব্যৱস্থা লোৱা হৈছে । প্ৰতিঘৰ অসমীয়াৰ ঘৰৰ সন্মুখত এপাহি অৰ্কিড বা কপৌফুল থকাটো দৰকাৰ ।"

যদি কোনো আগ্ৰহী ব্যক্তিয়ে অৰ্কিডৰ কোনো প্ৰজাতি সংৰক্ষণ কৰিব বিচাৰে তেন্তে আব্দুল মালিক দেৱানৰ এইখন অৰ্কিড ফাৰ্মত কোনো অসুবিধা নোহোৱাকৈ সংৰক্ষণ কৰিব পাৰিব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত উপলব্ধ 'ক্ৰিপিডিয়া' গোত্ৰৰ কপৌফুললৈ আন্তৰ্জাতিক স্বীকৃতি - ASSAM ORCHID

অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকে অৰ্কিড সংৰক্ষণৰে দেখুৱাইছে নিদৰ্শন - Orchid conservation - ORCHID CONSERVATION