ETV Bharat / state

আমেৰিকাৰ চিনেটৰ নেতৃত্ব ল'লে এগৰাকী অসমকন্যাই

আমেৰিকাৰ ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ চিনেটৰ সভাপতি আসনত অৰ্ঘা গোস্বামী ৷ অসমৰ চহকী সংস্কৃতি আৰু অসমীয়া ভাষাৰ বহুল প্ৰচাৰ অৰ্ঘাৰ ৷

ASSAM GIRL ARGHA GOSWAMI
ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ চিনেটৰ সভাপতি অৰ্ঘা গোস্বামী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 23, 2025 at 5:35 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: প্ৰজ্ঞা, সাধনা, মেধা আৰু নেতৃত্বসুলভ গুণৰ বলত সাত সাগৰ তেৰ নদীৰ সিপাৰে বিশ্বৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্র সংগঠনক নেতৃত্ব দিছে অসমকন্যা অৰ্ঘা গোস্বামীয়ে । বিশ্ববিদ্যালয়খনৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ বিজ্ঞান আৰু প্ৰায়োগিক গণিত শাখাৰ শিক্ষাৰ্থী অৰ্ঘা গোস্বামীয়ে উচ্চ শিক্ষাৰ সমান্তৰালভাৱে নেতৃত্ব দিছে ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয় ছাত্র সমাজক ।

অৰ্ঘাৰ সাফল্যত উৎফুল্লিত যোৰহাটবাসী :

ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ চিনেটৰ সভাপতি অৰ্ঘা গোস্বামী (ETV Bharat Assam)

যোৰহাটৰ বাসিন্দা তথা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত সচিব ডাঃ জয়ন্ত গোস্বামী আৰু অধ্যাপিকা ড৹ গায়ত্ৰী গোস্বামীৰ কন্যা অৰ্ঘা গোস্বামীৰ সাফল্যত অসম তথা যোৰহাটবাসী উৎফুল্লিত হৈ পৰিছে । অৰ্ঘাই ২০১৮ চনত যোৰহাট কাৰ্মেল স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০২০ চনত যোৰহাট প্ৰজ্ঞা একাডেমী পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হয় ৷ ইয়াৰ পাছত তেওঁ ২০২১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয় কম্পিউটাৰ অভিযান্ত্ৰিক, কম্পিউটাৰ বিজ্ঞান আৰু প্ৰায়োগিক গণিত অধ্যয়নৰ বাবে নামভৰ্তি কৰে ।

ASSAM GIRL ARGHA GOSWAMI
ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ চিনেটৰ সভাপতি অৰ্ঘা গোস্বামী (ETV Bharat Assam)

আমেৰিকাৰ তিনি প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি আইলেণ্ড বিশ্ববিদ্যালয় ছাত্র সমাজক নেতৃত্ব দিছে অৰ্ঘাই :

যোৰহাটৰ কন্যা অৰ্ঘাই তেওঁৰ এই যাত্ৰাৰ সম্পৰ্কে কয়, "২০২১ চনত অসমভূমিৰ পৰা আইলেণ্ড বিশ্ববিদ্যালয়লৈ ৰাওনা হৈছিলো ৷ ক’ভিড পৰিস্থিতিৰ পাছত বিশ্ববিদ্যালয় খোলাৰ সময়ত মই তাত উপস্থিত হৈছিলো ৷ আৰম্ভণিতে আইলেণ্ড বিশ্ববিদ্যালয়খনৰ বিষয়ে বুজিবলৈ আৰু জানিবলৈ লৈছিলো আৰু সময়ৰ লগত খাপ খাই পৰিছিলো ৷ প্ৰথমাৱস্থাত অভিযান্ত্ৰিক শাখাত থাকোতেই ছিনেটৰ সদস্য নিৰ্বাচিত হওঁ ৷ তাৰ পিছৰ পৰ্যায়ত ছিনেটৰ সভানেত্ৰী নিৰ্বাচনত অংশগ্ৰহণ কৰো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনি প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি বিশ্ববিদ্যালয়খনৰ চিনেটৰ সভাপতি নিৰ্বাচিত হওঁ ।

ASSAM GIRL ARGHA GOSWAMI
ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ চিনেটৰ সভাপতি অৰ্ঘা গোস্বামী (ETV Bharat Assam)

বিশ্ববিদ্যালয়খনৰ ছাত্র সমাজৰ হকে কি কাম কৰিছে অৰ্ঘাই :

ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ত ২৭ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু ৯ খন কলেজ আৰু তিনিটা বৃহৎ কেম্পাছ আছে ৷ অৰ্ঘাই কৃষ্টি-সংস্কৃতি আদান প্ৰদান, সংখ্যালঘু আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ লগতে অৰ্থনৈতিক দিশৰ ওপৰত ভিত্তি কৰি ছাত্র সমাজৰ হকে কাম কৰি আহিছে ।

ASSAM GIRL ARGHA GOSWAMI
ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ চিনেটৰ সভাপতি অৰ্ঘা গোস্বামী (ETV Bharat Assam)

অৰ্ঘাই কয়, "ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়তে মই সাংস্কৃতিক দিশৰ লগতে অন্যান্য ক্ষেত্ৰৰ বাবে South Asians নামৰ এটা সংস্থা গঠন কৰিছিলো ৷ মই অসমীয়া হিচাপে গৌৰৱবোধ কৰো, নিজৰ সংস্কৃতি মোৰ অতি আপোন । সেয়েহে আমাৰ অসমীয়া সংস্কৃতি অন্যান্য দেশৰ আগত উপস্থাপন কৰাৰ বাবে উক্ত সংস্থাটো গঠন কৰিছো আৰু অসমীয়া ভাষাৰ ওপৰতো কাম কৰি আছো ৷ ইয়াৰ লগতে মই দেশৰ শিক্ষাৰ্থীক উক্ত বিশ্ববিদ্যালয়ত অগ্ৰাধিকাৰ দিয়াৰ বাবেও কাম কৰিছো । মই অসমৰ চহা সংস্কৃতিৰ পৰিচায়ক চাদৰ-মেখেলা পিন্ধো ৷ মই এতিয়ালৈকে তিনিখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছো ।"

লগতে পঢ়ক: যুৱ মূকাভিনেতা মিনাংক ডেকাসহ মুঠ ১৯ গৰাকী অসমীয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ ফেল’শ্বিপ