শাৰীৰিক প্ৰতিবন্ধকতাই বাধা দিব নোৱাৰে মনৰ দুৰ্বাৰ গতিক; উদাহৰণ ডিব্ৰুগড়ৰ এগৰাকী মুখা শিল্পী
শাৰীৰিক প্ৰতিবন্ধতাক জিনি শিল্প সাধনাত ব্ৰতী এজন মুখা শিল্পী । হুইল চেয়াৰত বহি চাইকেল মেকানিকৰ কাম কৰাৰ মাজতে প্ৰাণৱন্ত কৰিছে বিভিন্ন মুখা ।

Published : March 24, 2025 at 11:40 AM IST
ডিব্ৰুগড় : গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি হ'ল মুখা । সত্ৰ নগৰী মাজুলীৰ মুখা শিল্প বাবে বিশ্ববিখ্যাত । কিন্তু মাজুলীৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্নজনে মুখা শিল্পৰ কৰ্মত নিজক নিয়োজিত কৰি ৰাখিছে । ইয়াৰ মাজতে এখন হুইল চেয়াৰকে সাৰথি কৰি গুৰুজনাৰ শিল্পকলা চৰ্চা কৰি এগৰাকী ব্যক্তিয়ে লাভ কৰিলে শিল্পী পেঞ্চন ।
সংগী হিচাপে এখন হুইল চেয়াৰ লৈ তেওঁ কৰি গৈছে এই শিল্প চৰ্চা । এই হুইল চেয়াৰখনকে সাৰথি কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শিল্পকলা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে ডিব্ৰুগড় জিলাৰ কোটোহাৰ বিশেষভাৱে সক্ষম বেণী মাধৱ বৰাই । পংগুত্বকো নেওচি ব্যক্তিজনে ৩৫ বছৰ ধৰি প্ৰস্তুত কৰি আহিছে ভাওনা আৰু ৰাসত ব্যৱহৃত বিভিন্ন মুখা ।
বাঁহ, খেৰ, বোকামাটি, গোবৰ আদি ব্যৱহাৰ কৰি মুখা সাজি আৰ্থিক অনাটনৰ মাজেৰে ব্যক্তিজনে এই শিল্পকাৰ্য কৰি আহিছে । পত্নী-পুত্ৰসহ তিনিজনীয়া পৰিয়ালটো চলাই থকা ব্যক্তিজনৰ মুখা শিল্প ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তলৈ ভাৰাত দিয়াৰ লগতে বিক্ৰী কৰিও আহিছে বিশেষভাৱে সক্ষম বেণী মাধৱ বৰাই ।
মুখা শিল্পৰ সমান্তৰালকৈ ব্যক্তিজন বাঢ়ৈ কলাতো পাৰ্গত । মুখা শিল্পীগৰাকীক অসম চৰকাৰে ২০২৫ বৰ্ষত শিল্পী পেঞ্চনৰ বাবে নিৰ্বাচিত কৰিছে । ইফালে বিশেষভাৱে সক্ষম হৈয়ো গুৰুজনাৰ শিল্পকলা জীয়াই ৰাখিবলৈ চেষ্টা কৰা ব্যক্তিজনৰ কৰ্ম দক্ষতাক বহুজনে প্ৰশংসা কৰিছে ।

৩৫ বছৰে মুখা নিৰ্মাণ
১৯৯০ চনৰ পৰাই গুৰুজনাৰ অমৰ সৃষ্টি মুখা নিৰ্মাণ কৰি অহা বুলি জানিবলৈ দিয়ে বিশেষভাৱে সক্ষম বেণী মাধৱ বৰাই । তেওঁ কয়, "শংকৰদেৱ গুৰুজনাৰ ভাওনা, ৰাসত প্ৰয়োজন হোৱা সকলো মুখা নিৰ্মাণ কৰি আহিছোঁ । প্ৰধানত নৃসিংহ, বৰাহ, জটায়ু পখী আদিৰ মুখা নিৰ্মাণ কৰা হয় । মই মুখা বনাবলৈ ক'তোৱেই প্ৰশিক্ষণ লোৱা নাই । কেৱল দেখি দেখি নিজেই কিবা এটা কৰাৰ হেঁপাহত মুখা নিৰ্মাণ কৰি আহিছোঁ ।"

মুখাসমূহ বিক্ৰী কৰাৰ লগতে ভাৰালৈ দিয়া হয়
গুৰুজনাৰ সৃষ্টি মুখা অতীজৰে পৰা বৰ্তমানলৈকে ভাওনা, ৰাসত ব্যৱহৃত হৈ আহিছে । আন সামগ্ৰীৰ দৰে মুখা শিল্পৰ নাই সুকীয়া বজাৰ । তথাপিও দীৰ্ঘদিন ধৰি ক্ৰমাৎ আপুৰুগীয়া হৈ পৰা মুখা নিৰ্মাণ কৰা বিশেষভাৱে সক্ষম শিল্পীজনে কয়, "মুখাসমূহ বিক্ৰীৰ বাবে কোনো বজাৰ নাই । ধৰ্মীয় অনুষ্ঠানৰ লগতে ভাওনা, ৰাসত মুখাৰ দৰকাৰ হ'লে মুখাসমূহ ভাৰালৈ নিয়ে । অনুষ্ঠানৰ শেষত পুনৰ মুখাসমূহ ঘূৰাই দিয়ে । কিছু কিছু লোকে ঘৰলৈ আহিও মুখা কিনি নিবলৈ আহে । ডিব্ৰুগড় জিলাত অনুষ্ঠিত প্ৰতিটো অনুষ্ঠানত মই নিৰ্মাণ কৰা মুখা ব্যৱহাৰ হোৱাৰ উপৰি অসমৰ লগতে অসমৰ বাহিৰত বিভিন্ন অনুষ্ঠান কৰিবলৈ মই নিৰ্মাণ কৰা মুখা বিভিন্নজনে লৈ যায় ।"

চাইকেল মেকানিকৰ কাম কৰাৰ মাজতে প্ৰাণৱন্ত কৰিছে বিভিন্ন মুখা
বিগত ৩৫ বছৰে মুখা নিৰ্মাণ কৰি গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ বেণী মাধৱ বৰাই চেষ্টা কৰিছে যদিও মুখা শিল্পৰ জৰিয়তে পৰিয়াল চলাবলৈ সমস্যাৰ সৃষ্টি হয় । ইয়াৰ উপৰি পলিঅ' ৰোগত আক্ৰান্ত হৈ সৰুতে এখন ভৰি সম্পূৰ্ণ দুৰ্বল হৈ পৰাত এখন হুইল চেয়াৰকে সাৰথি কৰি গুৰুজনাৰ শিল্পকলা চৰ্চাৰ লগতে চাইকেল মেৰামতিৰ কামত নিজক নিয়োজিত কৰি ৰাখিছে মুখা শিল্পী বেণী মাধৱ বৰাই ।

এই সম্পৰ্কত তেওঁ কয়, "মোৰ এখন ভৰি যদিও দুৰ্বল, তথাপিও মোৰ মনটো দুৰ্বল নহয় । মনৰ সুস্থতাৰ বাবেই আজি এইদৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছোঁ । আমাৰ দৰে বিশেষভাৱে সক্ষম লোকসকলক সমাজে দুৰ্বল বুলি ভাবে । তেনেস্থলত আনৰ ওচৰত হাত নাপাতি নিজেই নিজৰ সাধ্যানুসৰি কাম কৰি খাবলৈ চেষ্টা কৰিছোঁ ।
এখন হুইল চেয়াৰকে সাৰথি কৰি গুৰুজনাৰ শিল্পকলা চৰ্চা কৰি লাভ কৰিলে শিল্পী পেঞ্চন
শাৰীৰিক প্ৰতিবন্ধতাকো জিনি শিল্প সাধনাত ব্ৰতী হোৱা মুখা শিল্পী বেণীমাধৱ বৰাই এইবাৰ লাভ কৰিলে শিল্পী পেঞ্চন । বিশেষভাৱে সক্ষম হোৱাৰ পাছতো বিগত ৩৫ বছৰে শিল্পকলাৰ সৈতে নিৰৱচ্ছিন্নভাৱে জড়িত হৈ থকাৰ স্বীকৃতি স্বৰূপে এইবৰ্ষত অসম চৰকাৰে মুখা শিল্পীজনক প্ৰদান কৰিছে শিল্পী পেঞ্চন । চৰকাৰৰ এই স্বীকৃতিয়ে অধিক উৎসাহিত কৰিছে মুখা শিল্পী বেণীমাধৱ বৰাক ।

