জুবিন গাৰ্গ আৰু এজন বিশেষভাৱে সক্ষম কিশোৰ: কি সম্পৰ্ক দুয়োৰে মাজত ?
জুবিনৰ এটি হৃদয়স্পৰ্শী কাহিনীৰ সাক্ষী হৈছে ৰঙিয়াৰ তাতিপাৰা গাঁৱৰ এজন বিশেষভাৱে সক্ষম কিশোৰ শশাংক শইকীয়া ।

Published : September 20, 2025 at 7:09 PM IST
|Updated : September 20, 2025 at 8:08 PM IST
ৰঙিয়া : অসমৰ সাংস্কৃতিক আকাশৰ উজ্জ্বল নক্ষত্ৰ, জনগণৰ কণ্ঠ জুবিন গাৰ্গ আজি আমাৰ মাজত কায়িকভাৱে নাই । কিন্তু তেওঁৰ অপৰিমেয় সৃষ্টিৰাজি আৰু মানৱীয় কৰ্মৰাজি আমাৰ হৃদয়ত চিৰকাল জীয়াই থাকিব ।
জুবিন কেৱল এজন সুমধুৰ কণ্ঠৰ গায়ক নাছিল, তেওঁ আছিল এজন সঁচা অৰ্থত মানৱতাবাদী, যিয়ে নিজৰ অনুৰাগীৰ প্ৰতি অপাৰ মৰম আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল । তেনে এটি হৃদয়স্পৰ্শী কাহিনীৰ সাক্ষী হৈছে ৰঙিয়াৰ তাতিপাৰা গাঁৱৰ এজন বিশেষভাৱে সক্ষম কিশোৰ কিশোৰ শশাংক শইকীয়া ।
২০১৭ চনৰ ১ ছেপ্টেম্বৰত ৰঙিয়াৰ শশাংক শইকীয়া নামৰ এজন জুবিনপ্ৰেমী বিশেষভাৱে সক্ষম কিশোৰৰ জীৱনত ঘটিছিল এটি অবিস্মৰণীয় ঘটনা । কিশোৰজনক জুবিনে ৰঙিয়ালৈ আহোঁতে ১০১৭ চনত লগ কৰিছিল । জুবিন বলিয়া এইজন কিশোৰে সেই সময়ত জুবিনক বিচাৰি খোৱা-শোৱা সকলো বাদ দিছিল । অসুস্থ হৈ পৰা কিশোৰগৰাকীক অৱশেষত পিতৃ-মাতৃয়ে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাইছিল ।
এই বিষয়ে খবৰ লাভ কৰি সেই সময়ৰ ৰঙিয়াৰ স্থানীয় সংবাদদাতাসকলে সবিস্তাৰে বাতৰি পৰিবেশন কৰিছিল । আৰু সেই বাতৰি চাই জুবিন গাৰ্গ পত্নী গৰিমা গাৰ্গসহ চিকিৎসালয়ত উপস্থিত হৈছিল অসুস্থ শশাংকক লগ কৰিবলৈ । জুবিনক সন্মুখত দেখি শশাংক আৱেগিক হৈ পৰে । চিকিৎসালয়ত শশাংকৰ সৈতে একেলগে এটা বেলা কটাই জুবিনে সিদিনা গাইছিল গান ।
আবেগিক হৈ পৰা জুবিনৰ চকুপানী মচি দিছিল শশাংকই । তেওঁ জুবিনৰ লগতে যাবলৈ জেদ ধৰে, কিন্তু জুবিনে অপাৰ মৰমেৰে তেওঁক বুজায়, "ডাঙৰ হ’লে তোমাক মোৰ লগত লৈ যাম ।" শশাংকৰ বাবে এই মুহূৰ্তটো আছিল সপোনৰ সাধু পূৰণৰ দৰে ।
জুবিনে কেৱল শশাংকৰ মন জয় কৰাই নহয়, তেওঁৰ চিকিৎসাৰ খৰচো বহন কৰিছিল । জুবিনৰ এই স্পৰ্শ, তেওঁৰ মৰমৰ বুজনিৰ ফলত শশাংক ক্ৰমশঃ সুস্থ হৈ উঠে । জুবিনে যেন সেই সময়খিনিত শশাংকৰ বাবে এজন চিকিৎসকৰ ভূমিকা পালন কৰিছিল ।
এই ঘটনাই জুবিনৰ ঐশ্বৰিক ব্যক্তিত্বৰ পৰিচয় দিয়ে । তেওঁৰ অনুৰাগীৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা আৰু দায়বদ্ধতাৰ এই কাহিনী আজিও ৰঙিয়াৰ মানুহৰ মুখে মুখে । কিন্তু আজি, যেতিয়া জুবিনৰ মৃত্যুৰ খবৰে অসমৰ চুকে-কোণে শোকৰ ছায়া পেলাইছে, শশাংকৰ জীৱনতো নামিছে গভীৰ বিষাদ । জুবিনৰ মৃত্যুৰ খবৰ শুনি শশাংকই আকৌ এবাৰ খোৱা-শোৱা ত্যাগ কৰি টিভিৰ সন্মুখত বহি আছে ।

তেওঁ পিতৃৰ ওপৰত খং কৰিছে, কাৰণ তেওঁ এই খবৰ বিশ্বাস কৰিবলৈ সাজু নহয় । তেওঁক এই বিষয়ে প্ৰশ্ন কৰাত কয়, "মই দুখ প্ৰকাশ ভালদৰে কৰিব নোৱাৰোঁ । মই কান্দিবও পৰা নাই, হাঁহিবও পৰা নাই।" শশাংকৰ বাবে জুবিন কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল তেওঁৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ ।
জুবিন গাৰ্গৰ এনে অসংখ্য কাহিনী অসমৰ প্ৰতিটো ঘৰে ঘৰে বিয়পি আছে । তেওঁৰ গীতৰ দৰেই তেওঁৰ মানৱীয় কৰ্ময়ো আমাৰ মাজত চিৰঞ্জীৱ হৈ থাকিব । শশাংকৰ দৰে অগণন অনুৰাগীৰ হৃদয়ত জুবিন গাৰ্গৰ স্মৃতি আজীৱন অমলিন হৈ ৰ’ব । তেওঁৰ মৃত্যুত আমি শোকাহত, কিন্তু তেওঁৰ কৰ্ম আৰু সৃষ্টিয়ে আমাক সদায় পথ প্ৰদৰ্শন কৰি যাব ।

