ETV Bharat / state

যোগৰ প্ৰভাৱ আৰু কেৰিয়াৰ হিচাপে যোগ শিক্ষা: যোগে সলনি কৰিব দিব পাৰে মানুহৰ জীৱন - YOGA EDUCATION IN GUWAHATI

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ পৰা ই টিভি ভাৰতৰ বিশেষ প্ৰতিবেদন ।

Yoga Education in Guwahati
মানৱ জীৱনত যোগৰ প্ৰভাৱ আৰু কেৰিয়াৰ হিচাপে যোগ শিক্ষা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 4, 2025 at 8:01 PM IST

Updated : June 4, 2025 at 8:07 PM IST

10 Min Read

গুৱাহাটী: "কেৰিয়াৰ হিচাপে যোগ শিক্ষাত বহু সম্ভাৱনীয়তা আছে । মই আগতে জনা নাছিলোঁ যে যোগ শিক্ষাত স্নাতক ডিগ্ৰী লৈ ইউ জি চি লেভেলৰ নেটৰ পৰীক্ষা উত্তীৰ্ণ হৈ পি এইচ ডি কৰি বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিব পাৰি । বিশ্ববিদ্যালয়কে ধৰি এইমছ, আই আই টি আদি সকলো উচ্চশিক্ষাৰ প্ৰতিষ্ঠানতে যোগ শিক্ষকৰ পদ আছে । তদুপৰি যোগ কেন্দ্ৰৰ বৰ্তমান সময়ত যথেষ্ট চাহিদা বৃদ্ধি পাইছে । ব্যক্তিগতভাৱেও যোগ কেন্দ্ৰ গঢ় দি কেৰিয়াৰ গঢ়িব পাৰি । আনকি চিকিৎসকেও যোগ কৰিবলৈ কেন্দ্ৰলৈ আহে বা ব্যক্তিগতভাৱে প্ৰশিক্ষকৰ পৰা যোগভ্যাস কৰে । বহুসময়ত ঔষধৰ বহু পাৰ্শ্বক্ৰিয়া থাকে যদিও যোগৰ কোনো পাৰ্শ্বক্ৰিয়া নাই । যাৰ বাবে যোগ বিশেষভাৱে জনপ্ৰিয় । গতিকে যোগ শিক্ষাৰ যোগেদি কেৰিয়াৰ গঢ়াৰ বহু সুবিধা আছে ।"

এই ভাষ্য এগৰাকী ছাত্রীৰ । নাম কাকলি মহন্ত । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ তেওঁ ছাত্রী । যোগ শিক্ষাক কেৰিয়াৰ হিচাপে লৈ আগবঢ়া এইগৰাকী ছাত্রীয়ে যোগৰ যোগেদি নিজৰ জীৱনকো এক নতুন গতি দিবলৈ সক্ষম হৈছে । যোগ শিক্ষাক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰা ছাত্রীগৰাকীয়ে নিজৰ মনৰ কথা এনেদৰে ব্যক্ত কৰে ।

মানৱ জীৱনত যোগৰ প্ৰভাৱ আৰু কেৰিয়াৰ হিচাপে যোগ শিক্ষা (ETV Bharat ASsam)

ভাৰতীয় সভ্যতা-সংস্কৃতিৰ অভিন্ন অংগ যোগৰ বিশ্বমুখী যাত্ৰা

উল্লেখ্য যে 'যোগ' ভাৰতীয় সভ্যতা-সংস্কৃতিৰ অভিন্ন অংগ । এটা সময় আছিল যেতিয়া যোগৰ প্ৰসিদ্ধি ভাৰততে ম্লান পৰিছিল । কিন্তু সময়ৰ গতিত পুনৰ যোগৰ অন্তৰ্নিৰ্হিত শক্তিক সকলোৱে উপলব্ধি কৰিবলৈ সক্ষম হ'ল । আজি কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে যোগৰ প্ৰসাৰ আৰু প্ৰসিদ্ধি হৈছে । ২১ জুনত বিশ্ববাসীয়ে পালন কৰে বিশ্ব যোগ দিৱস ।

মানুহৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ উৎকৰ্ষ সাধনৰ সকলো সমল যোগত আছে । যোগত আছে মানুহৰ শৰীৰৰ প্ৰতিটো অংগ সুস্থ কৰি ৰখাৰ উপায় । তদুপৰি, যোগত আছে বিভিন্ন ধৰণৰ ৰোগ-ব্যাধিৰ পৰা উপশম লাভৰ নিৰ্দেশনা ।

Yoga Education in Guwahati
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, গুৱাহাটী (ETV Bharat Assam)

আজিৰ এই প্ৰতিবেদন যোগ শিক্ষাৰ গুৰুত্ব আৰু মানৱ জীৱনত যোগৰ প্ৰভাৱ সম্পৰ্কত প্ৰস্তুত কৰা হৈছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটীৰ ৰূপনগৰস্থিত চৌহদৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ সহযোগত ই টিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ চমু আভাস

আৰম্ভণিতে বিশ্ববিদ্যালয়খনৰ বিষয়ে যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ সহযোগী অধ্যাপক ডঃ মাধন বৰাই কয়, "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ২০১৪ চনৰ ১০ জুনত অসম আইন নং ‘XIX', ২০১৩ৰ অধীনত নগাঁৱত প্রতিষ্ঠিত হয় । উক্ত বিশ্ববিদ্যালয়খন ব্যক্তিগত বিশ্ববিদ্যালয় আইনৰ অধীনত প্ৰতিষ্ঠিত হৈছিল যদিও বিশ্ববিদ্যালয়খনক প্ৰকৃতাৰ্থত মানৱ সম্পদ গঢ়াৰ স্থল হিচাপে গঢ় দি অসম তথা সৰ্বভাৰতীয় প্ৰেক্ষাপটত এখনি উৎকৃষ্ট বিশ্ববিদ্যালয় হিচাপে প্রতিষ্ঠিত কৰাৰ পণ হাতত লোৱা হৈছে ।"

Yoga Education in Guwahati
যোগৰ পাঠদানৰ এটা মুহূৰ্ত (ETV Bharat Assam)

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনী

ডঃ মাধন বৰাই কয়, "বিশ্ববিদ্যালয়খন পৰিচালিত হৈ আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহত্তম বেচৰকাৰী সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শ্ৰীমন্ত শঙ্কৰদেৱ শিক্ষা আৰু আৰ্থ-সামাজিক উন্নয়ন ন্যাসৰ পৃষ্ঠপোষকতাত । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ে দৃঢ়তাৰে সংকল্পবদ্ধ হৈছে যে মানৱ সমাজৰ উৎকৰ্ষ সাধন কৰি বিশ্ববিদ্যালয়খনে এক নৱজাগৰণৰ সৃষ্টি কৰিব । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটীৰ ৰূপনগৰ চৌহদত থকা শৈক্ষিক বিভাগকেইটা হৈছে যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগ, পৰিৱেশ্য কলা বিভাগ, সমাজকর্ম বিভাগ, ইংৰাজী বিভাগ, শঙ্কৰদেৱ অধ্যয়ন বিভাগ, আইন অধ্যয়ন বিভাগ আৰু উত্তৰ-পূৰ্বাঞ্চল অধ্যয়ন কেন্দ্র । চৌহদটোত অত্যাধুনিক আৰু প্ৰয়োজনীয় সকলো সুবিধাই উপলব্ধ ।"

Yoga Education in Guwahati
যোগ শিক্ষাৰ এটা মুহূৰ্ত (ETV Bharat Assam)

যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা

আনহাতে, যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ প্ৰসংগত ডঃ মাধন বৰাই কয়, "২০১৫ চনত 'মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়'-এ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয় পৰ্যায়ত যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগটি আৰম্ভ কৰে । আৰম্ভণি পৰ্যায়ত বিভাগটোৱে স্নাতকোত্তৰ ডিপ্ল'মা পাঠ্যক্ৰমেৰে পাঠ্যসূচী আৰম্ভ কৰিছিল যদিও ২০১৭ চনত ‘যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা' বিষয়টোৰ ওপৰত স্নাতকোত্তৰ ডিগ্রী পাঠ্যক্ৰমৰে আৰম্ভণি কৰা হয় ।"

Yoga Education in Guwahati
যোগাভ্যাসৰ এক দৃশ্য (ETV Bharat Assam)

বিভাগটো সন্দৰ্ভত তেওঁ কয়, "বিভাগটোৱে তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশতে যোগবিজ্ঞান আৰু প্রাকৃতিক চিকিৎসাৰ প্ৰমূল্যবোধসমূহ ফলপ্রসূ কৰিবলৈ প্ৰয়াস কৰি আহিছে । যোগৰ সৈতে জড়িত দার্শনিক তত্ত্ব, মনস্তাত্ত্বিক জ্ঞান আৰু মানৱ শৰীৰ তত্ত্বৰ সমাহাৰেৰে বিষয়টো সৰ্বাংগসুন্দৰ কৰি তোলা হৈছে । ছাত্ৰ-ছাত্ৰীসকলক যোগৰ সফল প্ৰশিক্ষক তথা যোগ চিকিৎসকৰূপে গঢ় দিয়াটো এই বিভাগটোৰ মুখ্য উদ্দেশ্য ।"

কি কি সুবিধা আছে

বিভাগটোত থকা সা-সুবিধাসমূহৰ প্ৰসংগত ডঃ মাধন বৰাই কয়, "ইয়াত যোগ কক্ষৰ লগতে আছে শ্ৰেণীকোঠা । তদুপৰি আছে ষটর্মমকক্ষ আৰু প্রাকৃতিক চিকিৎসাৰ প্ৰয়োগশালা । জীৱবিজ্ঞান আৰু মনস্তাত্ত্বিক প্ৰয়োগশালা আছে । যোগ থেৰাপি আৰু প্ৰাকৃতিক চিকিৎসা কেন্দ্রও আছে । ইয়াত থকা বিষয়সমূহ হৈছে পি এইচ ডি (ছমহীয়া পাঠ্যক্রমসহ ৬টা ষাণ্মাষিক) । আনহাতে আসনৰ সংখ্যা ইউ জি চিৰ নিয়মানুসৰি আছে । এম এ/এ এইচ চিৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা (এবছৰীয়া স্নাতকোত্তৰ ডিপ্লোমা আৰু দুবছৰীয়া স্নাতকোত্তৰ ডিগ্রী) । আসনৰ সংখ্যা হৈছে ৪০ । যোগৰ অংশকালীন চাৰ্টিফিকেট/ ডিপ্ল'মা পাঠ্যক্রম সকলো বয়সৰ বাবে মুকলি আৰু পাঠদান শনিবাৰ আৰু দেওবাৰে কৰা হয় । এইক্ষেত্রত আসনৰ সংখ্যা হৈছে ৫০ ।"

Yoga Education in Guwahati
পাঠদানৰ এটা মুহূৰ্ত (ETV Bharat Assam)

মানৱ জীৱনত যোগৰ প্ৰভাৱ সম্পৰ্কত কি কয় বিশেষজ্ঞ অধ্যাপকে

যোগৰ বিভিন্ন দিশ সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ডঃ উজ্জ্বল অৰুণ মাচকেয়ে কয়, "যোগ ভাৰতৰ সংস্কৃতি আৰু ভাৰতীয় সংস্কৃতিৰ অভিন্ন অংগ । বহু হাজাৰ বছৰ পুৰণি এই সংস্কৃতি । ৰামায়ণ আৰু মহাভাৰতত যোগ চৰ্চাৰ কথা উল্লেখ আছে । মধ্যকালত যোগ ক'ৰবাত হেৰাই গৈছিল । কিন্তু পৰৱৰ্তী সময়ত পুনৰ যোগ চৰ্চালৈ আহে ।"

যোগ চৰ্চাত শংকৰদেৱৰ ভূমিকা

অসমত যোগচৰ্চাৰ ক্ষেত্ৰত শংকৰদেৱৰ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ কয়, "অসমত মহাপুৰুষ শংকৰদেৱে যোগৰ মূল জ্ঞান মানুহৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰিছিল । বৰ্তমান সময়ত যোগবিদ্যাই ব্যাপক প্ৰসাৰ আৰু প্ৰসিদ্ধি লাভ কৰিছে । যোগৰ ৮৪ লাখ আসনৰ কথা কোৱা হয় যদিও এশ-ডেৰশ আসন বৰ্তমান প্ৰচলিত । ইয়াৰ ভিতৰত কিছু আসনৰ চৰ্চা কৰা হয় । পাঠ্যক্ৰমত বৰ্তমান ৫০ ৰ অধিক আসন আছে ।"

বৃদ্ধাৱস্থাত দেখা দিয়া বিভিন্ন সমস্যা সন্দৰ্ভত তেওঁ কয়, "বৃদ্ধ বয়সত মূলতঃ মাংসপেশীৰ শক্তি কমি যায়, শৰীৰৰ বেলেন্সৰ সমস্যা হয়, স্মৃতিশক্তি হ্ৰাস পায় আদি বিভিন্ন সমস্যাই দেখা দিয়ে । এইক্ষেত্রত যোগ যথেষ্ট লাভজনক হয় । ইয়াৰ বাবে বহুকেইটা ব্যায়াম আছে । প্ৰাণায়মৰ বহু গুণ আছে । এইবোৰ তেনেই সহজ ব্যায়াম । মানসিক অৱসাদ তথা হতাশা-নিৰাশা দূৰ কৰাৰ ক্ষেত্রত যোগৰ প্ৰভাৱ অপৰিসীম ।"

Yoga Education in Guwahati
প্ৰাকৃতিক চিকিৎসা (ETV Bharat Assam)

যোগ আৰু জীৱন

তেওঁ কয়, "প্ৰকৃততে যোগ এক জীৱনশৈলী । জীৱনৰ সকলো সমস্যাৰ বিশেষকৈ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ ক্ষেত্রত যোগৰ প্ৰভাৱ অতুলনীয় । শৰীৰৰ সকলো সমস্যা যোগাসনৰ দ্বাৰা দূৰ কৰিব পাৰি । যোগৰ দ্বাৰা সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হ'ব পাৰি ।"

যোগৰ দ্বাৰা শৰীৰৰ বিশুদ্ধিকৰণ আৰু জলনীতিৰ লাভালাভ

যোগ চৰ্চাৰ কেতবোৰ ধৰণ সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক ডঃ উজ্জ্বল অৰুণ মাচকেয়ে কয়, "যোগৰ বহু পদ্ধতি আছে । শৰীৰটোক পৰিষ্কাৰ কৰাৰ বাবে কেইবাটাও যোগভ্যাস আছে । ইয়াৰে ভিতৰত এটা হৈছে জলনীতি । এই পদ্ধতিত এটা নাকেৰে নিমখ মিহলোৱা পানী ভৰাই আন এটা নাকেৰে উলিওৱা হয় । ইয়াৰ দ্বাৰা নাকৰ সকলো অশুদ্ধি ওলাই যায় । এই প্ৰক্ৰিয়া স্মৃতিশক্তিৰ বাবেও উপকাৰী । এই প্ৰক্ৰিয়াটোক ই এন টিৰ চিকিৎসক বুলিও কোৱা হয় । সকলো লোকেই এই অভ্যাস কৰিব পাৰে । উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকে নিমখ ব্যৱহাৰ কৰিব নালাগে । এবাৰ কোনো যোগ শিক্ষকৰ পৰা শিকি লৈ ঘৰতে নিজে কৰিব পাৰিব ।"

Yoga Education in Guwahati
যোগাভ্যাসৰ দ্বাৰা পৰিশোধন কৰিব পাৰি শৰীৰ (ETV Bharat Assam)

যোগ শিক্ষাৰ এগৰাকী ছাত্রীৰ মনৰ অনুভৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ ছাত্রী কাকলি মহন্তই নিজৰ মনৰ ভাব ব্যক্ত কৰি কয়, "যোগ বিজ্ঞান শিক্ষাৰ যোগেদি মই বহুখিনি শিকিব পাৰিছোঁ । বাকী যি পাঠ্যক্ৰমত শিকিলেও মই ইয়াত আধ্যাত্মিকতাৰ লগতে ভাগৱত-গীতাৰ পৰা জীৱনৰ বহু কথা শিকিব পাইছোঁ । যোগবিদ্যাৰ যোগেদি নিজৰ শৰীৰটো কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি তথা শৰীৰৰ ভিতৰৰ অংগবোৰ কিদৰে সবল কৰি ৰাখিব পাৰি তাৰ বহুতো পদ্ধতি আছে । মানসিক স্বাস্থ্যৰ বাবে প্ৰাণায়ম বহু উপকাৰী । আসনৰ যোগেদি শৰীৰৰ বহুতো ব্যাধি দূৰ কৰিব পৰা যায় । যোগৰ যোগেদি খাদ্যাভ্যাসৰ বিষয়ে জানিব পাৰিছোঁ । ফাষ্টফুডৰ পৰা আঁতৰত থাকি কিদৰে ফ্ৰেচফুড খাই জীৱনশৈলীক সুন্দৰভাৱে আগুৱাই নিব পাৰি তাৰ শিক্ষা আমি ইয়াত পাইছোঁ ।"

কি কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণাৰ সঞ্চালকে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণাৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে কয়, "পৰিৱৰ্তিত জীৱনশৈলী, পৰিৱেশ আৰু মানুহৰ গড় আয়ু বৃদ্ধি আদিৰ বাবে অসংক্ৰামক ৰোগৰ বৃদ্ধি ঘটিছে । ইয়াৰ ফলত যোগ, মেডিটেচন আৰু প্ৰাণায়ামৰ প্ৰাসংগিকতা যথেষ্ট বৃদ্ধি পাইছে । যোগ আৰু প্ৰাকৃতিক চিকিৎসা আধুনিক চিকিৎসাৰ পৰিপূৰক আৰু যি অসংক্ৰামক ৰোগৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ বাবে আটাইতকৈ সঠিক । মই নিজে বহু বছৰ যোগাসনৰ জৰিয়তে বিষৰ পৰা মুক্তি পাবলৈ সক্ষম হৈছোঁ । বিশ্ববিদ্যালয়খনে যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসাৰ বিভিন্ন শৈক্ষিক পাঠ্যসূচীৰ ডিপ্ল'মা, স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰমেৰে শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰিছে ।"

লগতে পঢ়ক :২৩ টা ভাষালৈ অনুবাদ হ'ব সুধাকণ্ঠৰ জীৱনৰ আধাৰত প্ৰকাশিত গ্ৰন্থ: মুখ্যমন্ত্ৰীৰ ঘোষণা - BHUPEN HAZARIKA BIRTH CENTENARY
লগতে পঢ়ক :প্ৰকৃতিক ভাল পাবলৈ শিকক সকলো সমস্যা দূৰ হৈ যাব: যাদৱ পায়েং - WORLD ENVIRONMENT DAY 2025

Last Updated : June 4, 2025 at 8:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.