ৰঙালাওৰে ভৰা এখন বজাৰ, ধৰি ৰাখিছে গ্ৰাম্য অৰ্থনীতিৰ ভেটি
ৰঙালাওৰ বাবে বিখ্যাত উজনিৰ এখন বজাৰে আজিও ধৰি ৰাখিছে গ্ৰাম্য অৰ্থনীতি । বছৰৰ প্ৰতিটো দিনেই বজাৰখনত ভৰি থাকে দ'মে দ'মে ৰঙালাও । এক প্ৰতিবেদন ।

Published : June 18, 2025 at 5:53 PM IST
ডিব্ৰুগড়: কৃষি প্ৰধান ৰাজ্যখনত কৃষকসকলক আত্মনিৰ্ভৰশীল হোৱাত বজাৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । উজনি অসমৰ বিখ্যাত ৰঙালাও বজাৰখনৰ কথা শুনিছে নে কেতিয়াবা আপুনি ? আপুনি যদি উজনি অসমৰ ডিব্ৰুগড়লৈ আহিছে তেতিয়া হ'লে খোৱাঙৰ বুঢ়ীদিহিং নদীৰ ওপৰত থকা গেমন দলং পোৱাৰ আগতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষত দ'মে দ'মে পৰি থকা ৰঙালাওসমূহ মন কৰিছে নে ?
কোনোবাজন কৃষকে ঠেলাত ৰঙালাও আনি পথৰ কাষত ৰাখি থয়, আন একাংশই আকৌ দোকানৰ দৰে পথৰ কাষত ঘৰ সাজি গ্ৰাহকৰ চকুত লগাকৈ সজাই থয় সৰু-ডাঙৰ ৰঙালাওসমূহ । ৰঙালাওৰ বাবে বিখ্যাত উজনিৰ এইখন বজাৰে আজিও ধৰি ৰাখিছে গ্ৰাম্য অৰ্থনীতি । বছৰৰ যিকোনো সময়তে প্ৰতিটো ৰঙালাওৰ ২০ পৰা ৬০ টকা দামত বিক্ৰী কৰিছে কৃষকসকলে । ডিব্ৰুগড় জিলাৰ খোৱাঙত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰঙালাও বজাৰ হিচাপে পৰিচিত হোৱা বজাৰ খনত বৰ্তমান সময়ত ৰঙালাওৱেই নহয় স্থানীয় গাঁওসমূহত উৎপাদিত শাক-পাচলি বিক্ৰী কৰে কৃষকসকলে ।
কেৱল শাক-পাচলিয়েই নহয় বজাৰখনৰ কাষতে থকা বুঢ়ীদিহিং আৰু চেঁচা নদীৰ মাছ বিচাৰি প্ৰতিদিনে বজাৰখনত ভিৰ কৰেহি গ্ৰাহকসকলে । পুৱাৰ পৰা নিশা ৯ মান বজালৈ বহা বজাৰখনত বিক্ৰেতা ৰূপত আপুনি পুৰুষৰ সমানে মহিলাকো দেখিব । ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰা প্ৰতিজনে থলুৱা শাক-পাচলি বিচাৰি ভিৰ কৰা বজাৰখন পূৰ্বে ইমান ডাঙৰ নাছিল ।

স্থানীয় লোকৰ পৰা জানিব পৰা মতে প্ৰায় ১৯৮৫ চনত মানত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বুঢ়ীদিহিং নদীৰ পাৰত খেতি কৰি দুই এজন কৃষকে নিজে উৎপাদন কৰা ৰঙালাও বিক্ৰী কৰিবলৈ আনিছিল । কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ কৰা ৰঙালাও খাই গ্ৰাহকে ভাল পোৱা হ'ল । সময় পাৰ হোৱাৰ লগে লগে গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে । ইয়াৰ লগে লগে ৰঙালাওৰ লগতে নিজৰ বাৰীৰ আন শাক-পাচলি বিক্ৰী কৰা কৃষকৰ সংখ্যা বৃদ্ধি পাই এতিয়া ডেৰ শতাধিকৰো অধিক হ'ল ।

ৰঙালাওকে কেন্দ্ৰ কৰি আৰম্ভ হোৱা বজাৰখনৰ নামৰে ডিব্ৰুগড় জিলাৰ উক্ত অঞ্চলটো ৰঙালাও বজাৰ বুলি জনাজাত হ'ল । প্ৰায় এক কিলোমিটাৰলৈকে থকা ৰঙালাও বজাৰখনত বছৰৰ পাছত বছৰ ধৰি শ শ কৃষক পৰিয়াল জড়িত হৈ আছে । নিজৰ উৎপাদিত কৃষি সামগ্ৰীসমূহ বিক্ৰী কৰি স্বাৱলম্বী হ'বলৈ সুবিধা লাভ কৰিছে কৃষকসকলে । স্থানীয় যুৱকসকলেও স্বাৱলম্বী হোৱাৰ বাবে বজাৰ খনতেই আৰম্ভ কৰিছে ব্যৱসায় ।
কৃষি মন্ত্ৰীৰ কনভয় ৰৈ যায় ৰঙালাও বজাৰত:
ৰঙালাওৰ বাবে বিখ্যাত উজনিৰ ৰঙালাও বজাৰখনত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰা সাধাৰণ প্ৰতিজন লোকে থলুৱা শাক-পাচলি বিচাৰি ভিৰ কৰে তেনে নহয় কৃষি মন্ত্ৰীৰ কনভয়ো ৰৈ যায় ৰঙালাও বজাৰত । কেইটামান দিনৰ পূৰ্বে অসম চৰকাৰ কৃষি মন্ত্ৰী অতুল বৰাই নিজৰ কনভয় ৰখাই ৰঙালাও বজাৰত শাক-পাচলি ক্ৰয় কৰিছিল । কৃষি মন্ত্ৰীগৰাকীয়ে সামগ্ৰী ক্ৰয় কৰা এটা ভিডিঅ' সামাজিক মাধ্যমত দি লিখিছিল, "ডিব্ৰুগড় অভিমুখী যাত্ৰাত খোৱাঙৰ বজাৰত শাক-পাচলি আৰু মৎস্য বিক্ৰেতাসকলৰ লগত বাৰ্তালাপ কৰি ভাল লাগিল । বজাৰত থলুৱা বিক্ৰেতাসকলৰ পৰা সতেজ শাক-পাচলি আৰু মাছো ক্ৰয় কৰোঁ ।"

কেৱল স্থানীয় কৃষকে নিজৰ উৎপাদিত শাক-পাচলি বিক্ৰী কৰে:
ৰঙালাও বজাৰ হিচাপে পৰিচিত হৈ পৰা খোৱাঙৰ এই বজাৰ খন বিষয়ে জানিবলৈ ইটিভি ভাৰতৰ সাংবাদিক বজাৰখনৰে এজন জ্যেষ্ঠ বিক্ৰেতাৰ কাষ চাপিছিল । জ্যেষ্ঠ বিক্ৰেতা জনে কয়,"প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰা মানুহৰ সংখ্যা কম আছিল । ঘাইপথৰ কাষত ৰাইজে খেতি কৰে আৰু পথৰ আষত আনি থয় । ঘাইপথে অহা মানুহবোৰে ৰঙালাও নিবলৈ আৰম্ভ কৰে । এনেকৈয়ে আৰম্ভ হয় বজাৰখন । পাছত বাৰীৰ সকলো শাক-পাচলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে ।"

তেওঁ লগতে কয়,"প্ৰায় ১৯৮৫ চন মানৰ পৰা এই বজাৰখন আৰম্ভ হৈছে । চেৰেপাখাতি, চেনিমাৰী, নাহৰপুখুৰী, দেউৰী গাঁৱৰ লগতে খোৱাঙৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলৰ লোক আহে ইয়াত সামগ্ৰী বিক্ৰী কৰিবলৈ । কিন্তু সকলো স্থানীয় কৃষকে নিজৰ উৎপাদিত বস্তু বিক্ৰী কৰিবলৈ আহে আন বজাৰৰ দৰে আন স্থানৰ পৰা ইয়ালৈ বেপাৰী নাহে ।"
স্থানীয় যুৱকসকল স্বাৱলম্বী হৈছে:
নিজৰ উৎপাদিত কৃষি সামগ্ৰীসমূহ বজাৰ খনত বিক্ৰী কৰি স্বাৱলম্বী হ'বলৈ সুবিধা লাভ কৰিছে কৃষক সকলৰ লগতে স্থানীয় যুৱক সকলে । সেয়ে বজাৰখনত বিক্ৰেতা হিচাপে থকা এজন যুৱকৰ সৈতে ইটিভি ভাৰত ৰ সাংবাদিকে কথা পাতিছিল । বিদ্যা দাস নামৰ যুৱ বিক্ৰেতা জনে কয়,"এই বজাৰখন সকলোৱে ৰঙালাও বজাৰ বুলিয়েই জানে । বহু বছৰৰ পৰা ইয়াত ৰঙালাও বিক্ৰী কৰা হয় বাবে সকলোৱে ৰঙালাও বজাৰ বুলি কয় আৰু সেই বুলি ক'লেহে সকলোৱে চিনি পায় । ইয়াত যিসকল খেতিয়কে খেতি কৰে তেওঁলোকে নিজেই ইয়াত বিক্ৰী কৰে । অঞ্চলটোৰ যি সকল যুৱকৰ চাকৰি নাই তেওঁলোকেও এই বজাৰ খনত জড়িত হৈ আছে । ৰাষ্ট্ৰীয় ঘাইপথে দি অহা সকলো ঠাইৰ গ্ৰাহকে ইয়াত সামগ্ৰী কিনে ।"

পুৰুষ-মহিলা সকলো বজাৰখনৰ লগত জড়িত:
ৰঙালাও বজাৰ খনৰ আন এক ভাল লগা দিশ হ'ল পুৱাৰ পৰা নিশা ৯ মান বজালৈ বহা বজাৰ খনত বিক্ৰেতা ৰূপত আপুনি পুৰুষৰ সমানেই মহিলাকো দেখিবলৈ পাব । এগৰাকী মহিলা বিক্ৰেতাই কয়,"বজাৰখনৰ নাম ৰঙালাও বজাৰ । আজিৰ পৰা ৩০ বছৰ পূৰ্বৰ পৰাই বজাৰখন চলি আছে । অঞ্চলটোৰ পুৰুষ-মহিলা সকলো বজাৰখনৰ লগত জড়িত । সকলোৱে নিজৰ ঘৰত উৎপাদন কৰা সামগ্ৰী বিক্ৰী কৰি পৰিয়াল চলাই আহিছে ।

গ্ৰাহকো আনন্দিত হয় সামগ্ৰী ক্ৰয় কৰি:
ৰঙালাওৰ বাবে বিখ্যাত বজাৰখনত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰা বহু যাত্ৰীয়ে নিজৰ প্ৰয়োজনীয় শাক-পাচলি বিচাৰি ফুৰে । তেনে এজন গ্ৰাহকে পৰা বজাৰখনৰ বিষয়ে কয়,"এই বজাৰখনত ৰঙালাও বজাৰ হিচাপে চিৰ পৰিচিত । আমি সৰুৰে পৰা এইখন বজাৰলৈ আহিছোঁ । ইয়াত ৰঙালাওৰ পৰা আৰম্ভ কৰি সকলো থলুৱা সামগ্ৰী পোৱা যায় । ইয়াৰ কৃষকসকলে নিজেই খেতি কৰি বিক্ৰী কৰিবলৈ আনে । বহু দূৰৰ পৰা গ্ৰাহক আহে ইয়াত সামগ্ৰী ক্ৰয় কৰিবলৈ ।"

