সদৌ অসম ছাত্ৰ সন্থাত পদত্যাগৰ ধুমুহা
উজনি অসমত একেলগে আছু ত্যাগ কৰিলে বহু শীৰ্ষ নেতৃত্বই ৷ পদত্যাগৰ তালিকাত কোন কোন শীৰ্ষ নেতা ? জানিবলৈ পঢ়ক...

Published : November 6, 2024 at 8:56 PM IST
যোৰহাট: অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাত বৰ্তমান যেন পদত্যাগৰ জোৱাৰ উঠিছে । উজনি অসমত একেলগে আছু ত্যাগ কৰিলে বহু শীৰ্ষ নেতৃত্বই ৷ নেতৃত্বৰ স্বৈৰাচাৰিক সিদ্ধান্ত তথা নিজৰ অনুগত সদস্যক দায়িত্ব প্ৰদান কৰি যোগ্যজনক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ বহুসংখ্যক সদস্য তথা বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই দলটোৰ পৰা অব্যাহতি লয় ।
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰক্তিম ৰঞ্জন বৰা, প্ৰাক্তন উপ-সভাপতি অৰিন্দম শইকীয়া, প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক ৰণ্টু ভূঞা, প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক অমৃত কুমাৰ ধলুৱা, সাংগঠনিক সম্পাদক চন্দন বৰা, জিলা কাৰ্যনিৰ্বাহক ৰঘুমণি দত্ত , অংশুমান বৰা তথা সক্ৰিয় সদস্য মনদীপ গোস্বামীয়ে জিলা ছাত্ৰ সন্থালৈ পত্ৰ প্ৰেৰণ কৰি সংগঠনটোৰ পৰা পদত্যাগ কৰে ।
ইয়াৰোপৰি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত চিনামৰা শাখা ছাত্ৰ সন্থা, মালৌ আলি শাখা ছাত্ৰ সন্থাই সমূহীয়াভাৱে পদত্যাগ কৰাৰ কথা জানিব পৰা হৈছে । জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি, প্ৰাক্তন সভাপতি, বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক, উপদেষ্টা, ছাত্ৰ একতা সভাৰ প্ৰাক্তন সদস্যয়েও ইতিমধ্যে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা পদত্যাগ কৰাৰ কথা জানিবলৈ দিয়ে ।
ইয়াৰ লগতে চিনামৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি-সাধাৰণ সম্পাদক সহিতে সমূহ সদস্যয়ে সমূহীয়াভাৱে পদত্যাগ কৰাৰ কথা প্ৰকাশ কৰিছে । যোৰহাটত প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যকে ধৰি বৃহৎ সংখ্যক আছুৰ নেতৃত্বৰ পদত্যাগৰ পাছত জিলাখনত আছুৰ অস্বিত্বৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে একাংশ সচেতন ৰাইজে ।
লগতে পঢ়ক: নাইকীয়া হ’ল প্ৰাক্তন আছু নেতা লিখন: আলফা(স্বা)লৈ গ’ল নেকি !

