ETV Bharat / state

শিল্প সংগ্ৰহালয়: শিল্পকৰ্মৰে সমাজলৈ নতুন বাৰ্তা প্ৰেৰণৰ এক অনন্য পদক্ষেপ এগৰাকী শিল্পীৰ

বটালি দুটা, দা এখন, কটাৰী এখন, হাতুৰী এটা... সিমানেই আৰু । কোনো দিনে কাৰো পৰা একো নিবিচাৰি নীৰৱে কৰি গৈছে তেওঁ শিল্প সাধনা ।

Sculptor Pradip Gogoi
শিল্পকৰ্মৰে সমাজলৈ নতুন বাৰ্তা প্ৰেৰণৰ এক অনন্য পদক্ষেপ এগৰাকী শিল্পীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 9, 2025 at 1:29 PM IST

8 Min Read
Choose ETV Bharat

আমগুৰি: "শিল্প সাধনা কৰিও মানুহে জীৱন নিৰ্বাহ কৰিব পাৰে... এতিয়া মোবাইলৰ যুগ, মোবাইল পালে ল'ৰা-ছোৱালীবোৰক একো নালাগে ... নতুন প্ৰজন্ম আগ্ৰহী নহয় ... কোনোবাই কিবা দিব নিদিব সেইটো মোৰ বিচাৰ্যৰ বিষয় নহয় ... মোৰ কাম মই কৰি গ'লোঁ, নতুন চামে আদৰি ল'লেই হ'ব ...।" এয়া হৈছে এগৰাকী শিল্পীৰ মনৰ কথা । কেৱল শিল্পকৰ্মকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা এইগৰাকী ভাস্কৰ্য শিল্পী হৈছে প্ৰদীপ গগৈ ।

নিজৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰিবৰ কাৰণে এইগৰাকী শিল্পীয়ে নিৰ্মাণ কৰিলে এটি সংগ্ৰহালয় । 'শিল্প সংগ্ৰহালয়' নামেৰে নামকৰণ কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে দুৱাৰ মুকলি কৰিলে এইগৰাকী শিল্পীয়ে ।

শিল্পকৰ্মৰে সমাজলৈ নতুন বাৰ্তা প্ৰেৰণৰ এক অনন্য পদক্ষেপ এগৰাকী শিল্পীৰ (ETV Bharat Assam)

"শিল্প সাধনা কৰিও মানুহে জীৱন নিৰ্বাহ কৰি থাকিব পাৰে । অসমৰ মানুহৰ মাজত ভাস্কৰ্য শিল্পৰ চাহিদা নাথাকিলেও অসমৰ বাহিৰৰ ৰাজ্যত ইয়াৰ খুব চাহিদা আছে । আজিৰ যুৱকে এই শিল্প সাধনা নকৰে । যাৰ কাৰণে কিছু শিল্প হেৰাই গৈছে । নতুন প্ৰজন্ম ভাস্কৰ্য শিল্পৰ প্ৰতি আগ্ৰহী নহয় । আজিৰ যুৱকসকল ব্যস্ত থাকে মোবাইলত । এতিয়া মোবাইলৰ যুগ ।" এই অনুভৱ ভাস্কৰ্য শিল্পী প্ৰদীপ গগৈৰ ।

Sculptor Pradip Gogoi
শিল্প সংগ্ৰহালয় (ETV Bharat Assam)

পৰিচয়

শিৱসাগৰ জিলাৰ কিৰাই আলিৰ সমীপৰ লোণপুৰীয়া গাঁও । এই গাঁৱৰে ৭৬ বছৰীয়া প্ৰচাৰ বিমুখ ভাস্কৰ্য শিল্পী প্ৰদীপ গগৈ । নিজে জীয়াই থাকোঁতেই উঠি অহা প্ৰজন্মক আদৰ্শৰ বাট দেখুৱাই যাবৰ কাৰণে প্ৰতিষ্ঠা কৰিলে এটি সংগ্ৰহালয় ।

Sculptor Pradip Gogoi
শিলত খোদিত মহৎ বাণী (ETV Bharat Assam)

২০১৭ চনত স্থায়ীকৈ এটি পকী দুমহলীয়া শিল্প সংগ্ৰহালয় প্ৰতিষ্ঠা কৰি নিজৰ সৃষ্টিৰাজিক যুগমীয়া কৰিবৰ কাৰণে ব্যৱস্থা লয় । অসমৰ বহু পৰিচিত সংগ্ৰহালয়ৰ তালিকাত প্ৰদীপ গগৈৰ শিল্প সংগ্ৰহালয়ে স্থান লাভ কৰা নাই যদিও ইয়াৰ সমাদৰ কোনো গুণেও কম নহয় ।

Sculptor Pradip Gogoi
শিলত খোদিত কৰি গৈছে বিভিন্ন মহৎ কথা (ETV Bharat Assam)

চটীয়া শিলত খোদিত কৰা মূৰ্তিৰ পৰা শিলত খোদিত মহৎ লোকৰ বাণী, পেলনীয়া কাঠৰ পৰা দেৱ-দেৱী, বীৰ-বীৰাংগনা, সাহিত্যিক, ৰাজনীতিক, পশু-পক্ষীলৈকে নিজ হাতেৰে খোদিত কৰি জীৱন্ত ৰূপত প্ৰতিষ্ঠা কৰি গৈছে তেওঁ ।

Sculptor Pradip Gogoi
প্ৰদীপ গগৈৰ হাতৰ পৰশত উজলি উঠা কাঠৰ ভাস্কৰ্য (ETV Bharat Assam)

মানুহৰ ঘৰৰ পেলনীয়া কাঠ, কাঠৰ মূঢ়া, বোকাৰ ওপৰেৰে অহা-যোৱা কৰিবলৈ পাৰি থোৱা কাঠৰ টুকুৰাৰ পৰা শিল্প সাধনা কৰি গৈছে এইগৰাকী আজন্ম শিল্পীয়ে । বাটৰ কাষত অনাদৃত হৈ পৰি থকা চটীয়া শিল, কাঠৰ টুকুৰা বুটলি আনি সুন্দৰৰ সাধনাৰে দুচকুত ভাহি থকা প্ৰতিচ্ছবি খোদিত কৰি তুলিছে তেওঁ ।

কাষতে থকা নামদাং নদীত উটি অহা খৰি, গছৰ শিপা, নদীত পৰি থকা কাঠৰ মূঢ়া বুটলি আনি মূৰ্তি, চৰাই, হাতী আদি গঢ় দি জীৱন্ত কৰি তুলিছে । ৭০-৮০ দশকৰ পৰাই ভাস্কৰ্য শিল্পত জড়িত প্ৰদীপ গগৈ নিজৰ শিল্পকৰ্মত কোনো দিনে থমকি ৰোৱা নাই । জীৱনত কিবা এটা কৰি যোৱা, সমাজলৈ কিবা এটা দি যোৱাৰ তাগিদাত ব্যক্তিজনে নিৰন্তৰে চলাই গৈছে তেওঁৰ দুহাত ।

শিক্ষিত চামটোৱে সেই সময়ত গুৰুত্ব নিদিলেও কঠোৰ শ্ৰম, সাধনা আৰু দুচকুত থকা সপোনে ধৰা দি থকাত সৃষ্টি কৰি যায় ইটোৰ পিছত সিটো ভাস্কৰ্য ।

Sculptor Pradip Gogoi
তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বিভিন্ন নিৰ্জীৱ কাঠৰ টুকুৰা (ETV Bharat Assam)

সৃষ্টিৰ আঁৰৰ গোপন ৰহস্য

৭০ দশকৰ কথা । সুঠাম যুৱকজনে সেই সময়তে এখন চাহৰ দোকান খুলিছিল কিৰাই আলিমূৰত । আৰ্থিকভাৱে অস্বচ্ছল যুৱকজনক কোনোৱে যদি বেঞ্চ এযোৰ, কোনোৱে চকী-টেবুল দি সহায় কৰিছিল । এই চাহৰ দোকানতে সৃষ্টি হৈছিল জীৱন সুন্দৰ কৰাৰ মন্ত্ৰ । অন্তৰত যদি সুন্দৰতা থাকে, অন্তৰে যদি সৃষ্টি বিচাৰে তেন্তে থমকি ৰ'বলগা নহয় ।

তেওঁ কয়, "মোৰ ঘৰুৱা অৱস্থা ভাল নহয় কাৰণে পিৰালিমূৰত চাৰিজন ল'ৰাই এখন সৰু চাহৰ দোকান খুলি দিছিল । কোনোবাই বেঞ্চ এযোৰ দিছিল, কোনোবাই চকী এখন দিছিল, কোনোবাই টেবুল এখন দিছিল । আৰু সেই দোকানতে মোৰ এই শিল্পটোৰ জন্ম ।"

Sculptor Pradip Gogoi
নিজৰ সংগ্ৰহালয়ৰ মুখত ভাস্কৰ্য শিল্পী প্ৰদীপ গগৈ (ETV Bharat Assam)

এইজন প্ৰদীপ গগৈয়েই চাহৰ দোকানত থাকোঁতেই শিল্পকৰ্মত হাত দিয়ে । সৃষ্টিৰ অদম্য হেঁপাহত কিৰাই আলিমূৰৰ কাষতে থকা নামদাং নদীত হীৰাৰ মুকুতা বিচাৰি পাইছিল । নদীৰ কাষত পোৱা গছৰ শিপাবিলাকেই যেন হীৰাৰ মুকুতা হৈ সৃষ্টি বিচাৰি আছিল । এই শিপাবিলাক নিৰ্দিষ্ট জোখত কাটি আনি বটালি-দা-হাতুৰী-আইনাৰ টুকুৰাৰে যেন জীৱন্ত ৰূপত গঢ় দিছিল চৰাই-চিৰিকটি ।

নামদাং নদীত লাভ কৰা শিপাৰ পৰাই প্ৰথম চাহৰ হোটেলত বহি বহি তিনিজনী ময়ূৰ চৰাই বনাইছিল । চাহৰ দোকানতে সৃষ্টিৰ সমল বিচাৰি লোৱা প্ৰদীপ গগৈয়ে আম কাঠৰ পৰা কৃষ্ণ মূৰ্তি, ৰাধা-কৃষ্ণ, হনুমান, ৰাম-সীতাকে ধৰি অন্যান্য কাঠৰ মূৰ্তি বনাবলৈ ধৰে । এনেদৰেই এদিন চাহৰ দোকানীৰ পৰা শিল্প সাধনাৰে নিজক আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল প্ৰদীপ গগৈয়ে ।

শিল্পী প্ৰদীপ গগৈৰ অনুভৱ

শিল্পী প্ৰদীপ গগৈয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে তেওঁ শিক্ষাৰ ক্ষেত্ৰত মেধাৱী নাছিল । মেট্ৰিক ফেইল কৰিছিল । তেতিয়াই হতাশা নামি আহিছিল । লগৰবিলাক ডাঙৰ মানুহ হৈছিল । লগৰবিলাক পঢ়ি-শুনি ডাঙৰ মানুহ হোৱাত হতাশাৰ ভাব আহিছিল । কিন্তু এই হতাশাক পৰাজিত কৰিবলৈ বহু চেষ্টা কৰিছিল ।

Sculptor Pradip Gogoi
প্ৰদীপ গগৈৰ সপোনৰ ফচল শিল্প সংগ্ৰহালয় (ETV Bharat Assam)

তেওঁ কয়, "মোৰ লগৰবোৰ যেতিয়া পঢ়ি-শুনি ডাঙৰ মানুহ হ'ল, কোনোবা ইঞ্জিনীয়াৰ হ'ল, কোনোবা ডাক্তৰ হ'ল কোনোবা প্ৰফেছৰ হ'ল, তেতিয়া ভাবিলোঁ মই কি কৰিলোঁ । মইতো একোৱেই কৰিব নোৱাৰিলোঁ পৃথিৱীলৈ আহি । তেতিয়াই হতাশাৰ ভাব এটা আহিছিল আৰু এই হতাশা ভাবটোৰ কাৰণেই এই অমূল্য সৃষ্টি হ'ল মোৰ ।"

হয়, হতাশাৰ ভাবৰ কাৰণেই সৃষ্টি হৈছিল অমূল্য ভাস্কৰ্যৰ । জীৱনত কিবা নহয় কিবা এটা কৰি যোৱাৰ তাড়নাত চাহৰ হোটেলখনেই শিল্প সাধনাৰ কেন্দ্ৰ হৈ উঠে ।

ৰজাঘৰে নলয় খবৰ

কিন্তু পৰিতাপৰ কথা, ৰজাঘৰৰ দৃষ্টি নপৰা ভাস্কৰ্য শিল্পীগৰাকী বঞ্চিত প্ৰাপ্য স্বীকৃতিৰ পৰা । জীৱনৰ ৭৬ টা বছৰত ভৰি দিয়া শিল্পীগৰাকীয়ে নিজৰ ধন ভাঙি নিৰ্মাণ কৰে ক্ষুদ্ৰ সংগ্ৰহালয়টো । চৰকাৰৰ পৰা কোনো সুবিধা লাভ নকৰিলেও শিল্পী প্ৰদীপ গগৈৰ কোনো ক্ষোভ নাই । কোনোৱে কিবা দিব অথবা নিদিব সেয়া তেওঁৰ কাৰণে মুখ্য নহয় । নতুন চামে সৃষ্টিৰাজিক আদৰি ল'লেই পৰম সন্তোষ লাভ কৰিব বুলি কয় ।

তেওঁ কয়, "চৰকাৰৰ পৰা একো সুবিধা নাপালোঁ । কি বিচাৰিব, কোনোবাই কিবা দিব নিদিব এইটো মোৰ বিচাৰ্যৰ বিষয় নহয় । মোৰ কাম মই কৰি গ'লোঁ । নতুন চামে আদৰি ল'লেই হ'ব ।"

Sculptor Pradip Gogoi
শিল্পকৰ্মৰ বাবে লাভ কৰা স্বীকৃতি (ETV Bharat Assam)

শিল্পীৰ শিল্পকৰ্মতে লুকাই থাকে সৌন্দৰ্যৰ আকুলতা । ভাস্কৰ্য শিল্পী প্ৰদীপ গগৈয়ে বটালি ২টা, দা এখন, হাতুৰী ১টা আৰু ভঙা আইনাৰে গঢ় দি গৈছে অজস্ৰ শিল্প । পুৰণিকলীয়া পদ্ধতিৰে জীৱনক নতুন মাত্ৰা প্ৰদানেৰে শিল্প সৃষ্টিৰে সমাজলৈ এক নতুন বাৰ্তা দি যাবলৈ সক্ষম হৈছে । এইগৰাকী শিল্পীক ২০২১ চনত কৃষ্টি বিকাশ মঞ্চই 'শিল্প সাধনাৰ বঁটা'ৰে স্বীকৃতি প্ৰদান কৰে ।

নৱপ্ৰজন্মলৈ আহ্বান

কোনো দিনে আক্ষেপ প্ৰকাশ কৰি নোপোৱা এইগৰাকী শিল্প সাধকৰ কেৱল এটাই আহ্বান, "... সময় হ'লে মই যিদিনা যাম হেৰাই, সিদিনাৰ পৰা মই নাথাকিলেও মোৰ এই ক্ষুদ্ৰৰো ক্ষুদ্ৰ অৱদানখিনিক যিমান দিনলৈকে পাৰা সিমিন দিনলৈকে সযতনে ৰাখিব জীয়াই, তেতিয়াই শান্তি পাব মোৰ আত্মাই... অ' মোৰ আত্মীয়-স্বজন, মই নাথাকিলেও মোৰ এই ক্ষুদ্ৰৰো ক্ষুদ্ৰ অৱদানখিনিক চাই শান্তি পায় যদি কোনোবা দৰ্শক-শ্ৰোতাই, ময়ো তাতেই পাম শান্তি ... নেলাগে জ্বলাব বেদীত মোৰ ধূপ-চাকি-বন্তি, নেলাগে পাতিব সোঁৱৰণী সবাহ, সময়ৰ মূল্য বুজি কৰ্মক সাক্ষী কৰি তাতেই হৈছিল মোৰ এই ক্ষুদ্ৰৰো ক্ষুদ্ৰ সৃষ্টি, তালৈকেহে দিবি দৃষ্টি, তাতেই পাম মই তৃপ্তি ..."

লগতে পঢ়ক :'ফেমিনা'ৰ বেটুপাতত অসম সন্তান মেজৰ ডাঃ দ্বীপান্বিতা কলিতা ! জানো আহক তেওঁৰ বিষয়ে - MAJOR DWIPANNITA KALITA
লগতে পঢ়ক :এক ভৱিষ্যদৰ্শী চিন্তা ঝাংক্লা ষ্টুডিঅ': পুতলাৰ জৰিয়তে উত্তৰ-পূবৰ ঐতিহ্য সংৰক্ষণত ব্ৰতী এগৰাকী যুৱক - ZANKLA STUDIO